সৰুতে এটা সপোন দেখা মনত পৰে।সপোনত এটা হাতী পোৱালীৰ লগত কথা পাতিছিলো ।সপোনত হাতী পোৱালীটোৱে কৈছিল আজি মই নৰেন তাঁতীৰ ঘৰৰ কুঁৱাত পৰিম, মোক উদ্ধাৰ কৰিবা।সপোনৰ কথা সপোন বুলি ভাবি এৰি দিছিলো।ঘটনাক্ৰমে ঠিক সেই দিনাই খবৰ পালো যে নৰেন তাঁতী ঘৰৰ কুঁৱাত এটা হাতী পোৱালী পৰিল।ময়ো আগ্ৰহেৰে দেউতাৰ লগত হাতী পোৱালী কুঁৱাত পৰা চাবলৈ গৈছিলো।মই যথেষ্ট সৰু আছিলো, সেয়ে মই উদ্ধাৰ কৰিব পৰা নাছিলো।মোৰ দেউতাই কোৰেৰে কুঁৱাৰ মাটি খান্দি হাতী পোৱালীটোক উদ্ধাৰ কৰিছিল।আৰু তেতিয়াৰ পৰা হাতীৰ লগত আত্মীয়তা গঢ় লৈ উঠিছিল ।খেলিবলৈও হাতীহে বিচাৰিছিলো।এয়া হস্তী মানুহৰ সংঘাত দূৰীভূত কৰাৰ কাৰণে কাম কৰা সমাজকৰ্মী বিনোদ দুলু বৰাৰ মন্তব্য ।নগাঁৱৰ চেপানলাৰ এই বিশেষ যুৱকজন সম্প্ৰতি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বহুলভাৱে চৰ্চিত হৈ পৰিছে ।কিয়নো বিনোদ দুলু বৰাই হাতী মানুহৰ সংঘাত দূৰ কৰিবলৈ কলগছ, ঔটেঙা, কুম্ভী গছ ,নেপিয়াৰ গ্ৰাছ ৰোপন কৰিছে ।তেখেতে হাতীবন্ধু নামৰ বেচৰকাৰী সংস্থাটোৰ জৰিয়তে প্ৰায় ২৫হাজাৰ কলগছ, ২০০০ঔটেঙা, ৫০০কুম্ভী আৰু ৪০ বিঘা মাটিত নেপিয়াৰ গ্ৰাছ ৰোপন কৰিছে।ইয়াৰ উপৰিও হস্তী মানুহৰ সংঘাত দূৰ কৰিবলৈ হাতীখুলিৰ ২০০ বিঘা মাটিত হাতীৰ বাবে ধানৰ খেতি কৰিছে।তেখেতক এই ক্ষেত্ৰত সহযোগ কৰিছে প্ৰদীপ ভূঞাই।বিনোদ দুলু বৰাৰ মতে ননৈ, কঠালগুৰি, দোলপাহাৰৰ সমূহ ৰাইজে তেখেতৰ এই পদক্ষেপক আগবঢ়াই নিবলৈ সহযোগিতা আগবঢ়াইছে।উল্লেখযোগ্য যে বিনোদ দুলু বৰাই প্ৰায় ৮বছৰ বয়সৰ পৰাই সমাজৰ উন্নয়নৰ বাবে বিভিন্ন কাম কৰি আহিছে ।যাৰ বাবে চেঞ্চুৰী এছিয়া আলোচনীয়ে বঁটা প্ৰদান কৰিছে আৰু শেহতীয়াকৈ অসম চৰকাৰে ১৫ আগষ্টত শ্ৰেষ্ঠ সামূহিক কৰ্ম বঁটা প্ৰদান কৰিছে।সামাজিক কৰ্মৰে উদ্ভাসিত হোৱা বিনোদ দুলু বৰাৰ এন ই ফ’কাচ ডট কমৰ ফালৰ পৰা অলেখ শুভকামনা জনালো ।

কুমাৰ ইঞ্জিনিয়াৰিঙৰ উদ্যোগত ধাৰাপুৰত নিৰ্মাণ হৈছে থলুৱা প্ৰযুক্তিৰে নিৰ্মিত ৰিক্সা
ৰাজ্যত প্রথমবাৰৰ বাবে থলুৱা প্ৰযুক্তিৰে কম মূল্যত কৃষকৰ সুবিধাৰ বাবে ইন্ধন ৰাহিকাৰক ডিজেল আৰু পেট্ৰলচালিত পাৱাৰ টিলাৰ নিৰ্মাণ কৰি সকলোৰে সমাদৰ লাভ কৰাৰ পাছত কুমাৰ ইঞ্জিনীয়াৰিং নামৰ প্ৰতিষ্ঠানটোৱে ইয়াৰ গুৱাহাটীৰ ধাৰাপুৰ নতুন বস্তিত থকা কাৰখানাত পৰিবেশ অনুকূল ই- ৰিক্সাৰ নিৰ্মাণ তথা উৎপাদন আৰম্ভ কৰিছে । ইতিমধ্যে ভোগালী বিহুৰ সময়ত থলুৱা প্ৰযুক্তিৰে নিৰ্মাণ কৰা ই-ৰিক্সাৰ পৰীক্ষামূলক চালনা আৰু প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছিল। গুৱাহাটী মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই পৰীক্ষামূলক প্ৰদৰ্শনীৰ শুভাৰম্ভ কৰিছিল । এই সন্দৰ্ভত কুমাৰ ইঞ্জিনিয়াৰিঙৰ অধ্যক্ষ আৰু উদ্যমী ব্যক্তি কুমাৰ গৌৰৱে জানিবলৈ দিয়া মতে তেওঁলোকৰ ধাৰাপুৰ নতুন বস্তিত থকা উদ্যোগত “মেক ইন ইণ্ডিয়া” কাৰ্যসূচীৰ আধাৰত এটি অভিযন্তা আৰু বিশেষজ্ঞৰ দলে প্ৰায় তিনিমাহ যোৰা প্ৰচেষ্টাৰ অন্তত এই “৮৮৮-ই ” নামৰ ই-ৰিক্সাৰ উৎপাদন কৰিবলৈ সক্ষম হৈছে । সকলো ঠিকে ঠাকে থাকিলে অহা ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত বাণিজ্যিক ভিত্তিত এই “৮৮৮ ই ” মডেলৰ ই ৰিক্সাৰ মুকলি কৰিব পৰা হব । জালুকবাৰীৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাইপাছত থকা কুমাৰ ইঞ্জিনিয়াৰিঙৰ কাৰ্যালয়ত এই ৰিক্সা সমূহ ৰখা হৈছে । চালকসহ ৫ জন প্ৰাপ্তবয়স্ক লোক বহি যাব পৰা ই ৰিক্সা সমূহত বিশ্বমানৰ কাৰিকৰী কৌশল আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ কৰা হৈছে । প্ৰথম পৰ্যায়ত ৰঙা আৰু নীলা দুটা ৰঙত উপলব্ধ হবলগীয়া ই ৰিক্সাৰ সমুহৰ বডীত অতি উন্নতমানৰ এম এছ ছিট আৰু চকাত এলয় হুইল ব্যৱহাৰ কৰা হৈছে । তেনেদৰে যাত্ৰীৰ মনোৰঞ্জনৰ বাবে ৰিক্সাৰ মিউজিক ছিষ্টেম সংযোজন কৰা হৈছে । এবাৰ চার্জ দিলে যিকোনো পথত প্ৰায় ৮০ কিঃমিঃ দূৰত্বলৈ যাত্ৰা কৰিব পৰা এই ই ৰিক্সাৰ মূল্য মাত্ৰ ১.৪৬ লাখ টকাৰ ভিতৰত ৰখা হৈছে । অতি আৰামদায়ক যাত্ৰাৰ উদ্দেশ্যৰ বাবে বডীত জিন্দাল ষ্টীল ব্যৱহাৰ কৰা হৈছে । ইতিমধ্যে ভাৰত চৰকাৰৰ লঘু আৰু ক্ষুদ্র উদ্যমিতা বিভাগ চমুকৈ এম এছ এম ই য়ে কুমাৰ ইঞ্জিনীয়াৰিঙক এই ই-ৰিক্সাৰ উৎপাদনৰ বাবে প্ৰমাণ পত্ৰ দিছে বুলি কুমাৰ গৌৰৱে জানিবলৈ দিছে । প্ৰায় ৩০ জনৰো অধিক থলুৱা আৰু দক্ষ শ্ৰমিক ই-ৰিক্সাৰ নিৰ্মাণ কাৰ্যত জড়িত হৈ আছে । ফেব্ৰুৱাৰী মাহৰ পৰা মাহেকত ১,২০০ ইউনিট উৎপাদন তথা নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
ভিউৱাছৰ মতামত