অসমৰ কৃষকে এবিধ নতুন খেতি কৰা আৰম্ভ কৰিছে।এই খেতিবিধৰ নাম ড্ৰেগন ফলৰ খেতি ।এই খেতি প্ৰধানকৈ গুজৰাটত হয়।ইয়ু টিউৱ চেনেলৰ যোগে সম্প্ৰচাৰিত এক অনুষ্ঠানত সম্পৰ্কে সবিশেষ জানিব পাৰি চিৰাং জিলাৰ চফিউৰ ৰহমান নামৰ ব্যক্তিজনে এই খেতি বিধ কৰিবলৈ মন মেলে।কথা মতেই কাম।ইয়াৰ পিছতেই আৰম্ভ হয় অন্য এক কৃষি বিপ্লৱৰ ।উল্লেখযোগ্য যে কৃষক চফিউৰ ৰহমানে ইয়াৰ পূৰ্বে বিভিন্ন ধৰণৰ ফলৰ খেতি কৰি লাভৱান হৈছিল ।সেয়ে তেওঁ নতুন ফলবিধৰ খেতি কৰিবলৈ মন মেলিছিল।স্বাভাৱিকতে চফিউৰে প্ৰাৰম্ভিক সময়ত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল যদিও বৰ্তমান ড্ৰেগন ফলৰ খেতিৰ যোগেদি যথেষ্ট লাভৱান হৈ পৰিছে ।জানিব পৰা মতে প্ৰতি কেজি ড্ৰেগন ফলৰ মূল্য ৭০০টকা।বজাৰতো নতুন ফলবিধৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে ।প্ৰায় ষ্ট’বেৰী সদৃশ সোৱাদযুক্ত এইবিধ ফল দেখাতো খুবেই মোহ লগা ধৰণৰ।চফিউৰৰ মতে প্ৰতিজোপা ড্ৰেগন ফলৰ গছ ২০বছৰ পৰ্যন্ত জীয়াই থাকে আৰু এপ্ৰিল মাহৰ পৰা ফুল ধৰা আৰম্ভ হয়।অসমৰ কৃষকে যদি এই ফলবিধৰ খেতিক আদৰি লয় নিসন্দেহে অৰ্থনৈতিকভাৱে টনকিয়াল হ’ব।

নেতাজীৰ কিছু অপ্ৰকাশ্য কথাৰে…
দেশৰ স্বতন্ত্ৰ সেনানীৰ তালিকাত শীৰ্ষত থকা অন্যতম বীৰ যোদ্ধা হ’ল সুভাষ চন্দ্ৰ বসু। তেখেতে ১৮৯৭ চনৰ ২৩ জানুৱাৰীত উৰিষ্যাৰ কটকত জন্ম গ্ৰহণ কৰিছিল।সুভাষ চন্দ্ৰ বসু আছিল একেধাৰে বীৰ যোদ্ধা , সৈনিক আৰু দক্ষ ৰাজনীতিবিদ। তেতিয়াৰে দিনতে দেশৰ লগতে বিদেশতো তেখেতে বেচ সমাদৰ লাভ কৰিছিল।
আজাদ হিন্দ ফৌজ গঠন কৰি দেশবাসীক দেশৰ স্বাধীনতা বাবে উদ্বুদ্ধ কৰি তুলিছিল। সুভাষ চন্দ্ৰ বসুয়ে দেশবাসীক উদ্দেশ্যে কৈছিল মনত ৰাখিব সকলোতকৈ ডাঙৰ অপৰাধ হ’ল অন্যায় সহা আৰু ভুল বুলি জানিও সহমত প্ৰদান কৰা।
সৰুৱে পৰা নেতাজী আছিল অত্যন্ত মেধাসম্পন্ন। এবাৰ কলেজত এগৰাকী ইংৰাজ অধ্যাপকে ভাৰতীয় বিষয়ে আপত্তিজনক মন্তব্য কৰিছিল। তেতিয়া নেতাজীয়ে সেই মন্তব্যক বিৰোধিতা কৰাৰ বাবে শাস্তি ভুগিব লগা হৈছিল।নেতাজীয়ে মহামানৱক জাতিৰ পিতা বুলি সম্বোধন কৰিছিল।যদিও মহামানৱ মহাত্মা গান্ধী দৰ্শনৰ লগত সুভাষ চন্দ্ৰ বসুৰ দৰ্শন অমিল আছিল তথাপিও দুগৰাকীয়ে দেশৰ স্বাধীনতা আন্দোলনৰ বাবে আহোপুৰুষাৰ্থ কৰিছিল।ইংৰাজৰ দিনতে ভাৰতীয় প্ৰশাসনীয় সেৱাত উত্তীৰ্ণ হৈও এজন সমাজসেৱক অথবা ৰাজনীতিবিদৰ হিচাপেহে দেশৰ সেৱা আগবঢ়াইছিল।
তেখেতে কৈছিল কাম কৰি যোৱা ফলাফল দাতাই দিব।এইগৰাকী বীৰক সন্মান জনাই তেখেতৰ জন্মদিনটোৰ পৰাক্ৰম দিৱস হিচাপে পালন কৰা হয়।নেতাজীৰ মৃত্যু আজিও ৰহস্য হৈয়ে থাকিল। প্ৰাপ্ত তথ্য অনুসৰি ১৯৪৫ চনৰ ১৮ আগষ্টত এক প্লেন দুৰ্ঘটনাত মৃত্যু হয়।নেতাজী জীৱিত থকা হ’লে ভাৰতীয় ৰাজনীতিয়ে অন্য মাত্ৰা লাভ কৰিলে হেতেন!এইগৰাকী মহান মনিষীৰ শুভ জন্মদিনত শ্ৰদ্ধাৰে সুঁৱৰিছো।
ভিউৱাছৰ মতামত