সমাগত ঈদ,ঈদ উদযাপনৰ প্ৰসংগত শিৱসাগৰ জিলা প্ৰশাসনে কি নিৰ্দেশনা জাৰি কৰিলে

সাম্প্ৰতিক সময়ত বিশ্বজুৰি মহামাৰীৰ ৰূপ ধাৰণ কৰা ক’ভিড-১৯ বা কৰ’ণা ভাইৰাছ ৰোগৰ সংক্ৰমণ প্ৰতি লক্ষ্য ৰাখি তথা জিলাখনৰ ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত আগন্তুক ঈদ-ঊল-ফিটৰ উদযাপনৰ ক্ষেত্ৰত শিৱসাগৰ জিলা প্ৰশাসনে কেতবোৰ সতৰ্কতামূলক নীতি-নিৰ্দেশনা জাৰি কৰি সমুহ ইছলামধৰ্মী ৰাইজক এই সমূহ নীতি-নিৰ্দেশনা পালন কৰিবলৈ আহ্বান জনাইছে।

 

শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষ্মীনন্দন গগৈৰ অধ্যক্ষতাত তথা আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ উপস্থিতিত জিলাখনৰ মছজিদ পৰিচালনা সমিতি সমূহৰ বিষয়-ববীয়া সকলৰ লগত আজি উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত অনুষ্ঠিত এখন সভাত এই সন্দৰ্ভত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

 

 

সভাৰ আৰম্ভণিতে জিলা উপায়ুক্তই সমুহ ইছলামধৰ্মী ৰাইজৰ লগতে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে প্ৰতিগৰাকী শিৱসাগৰবাসীলৈ শান্তি আৰু সমন্বয়ৰ উৎসৱ ঈদ-ঊল-ফিটৰৰ ওলগ আৰু শুভেচ্ছা জনোৱাৰ লগতে অনাড়ম্বৰপূৰ্ণভাৱে পবিত্ৰ ঈদ উদযাপন কৰিবলৈ সমূহ ইছলামধৰ্মী ৰাইজক আহ্বান জনায়। পৱিত্ৰ ঈদ-ঊল-ফিটৰ উদযাপনৰ সময়ছোৱাত সামাজিক দূৰত্ব বজাই ৰখাৰ স্বাৰ্থত ঈদগাহত বা ৰাজহুৱা স্থানত সামুহিক নামাজ পঢ়াৰ বিপৰীতে সকলোৱে নিজ নিজ ঘৰতে ঈদৰ নামাজ পঢ়ি সকলোৱে হেঁপাহৰ পবিত্ৰ উৎসৱটি পালন কৰিবলৈও তেওঁ আহ্বান জনায়। লগতে, ঈদৰ দিনা কোনো বাহন ব্যৱহাৰ কৰি ধৰ্মীয় সমদল ওলোৱাৰ পৰা বিৰত থাকিবলৈ উপায়ুক্ত গৰাকীয়ে আহ্বান জনায়। নিজ বক্তব্যত তেওঁ উল্লেখ কৰে যে জিলাখনত ব্যক্তিগত দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ ক্ষেত্ৰত প্ৰৱৰ্তন কৰা যুগ্ম-অযুগ্ম নীতি ঈদৰ দিনাখনো বাহাল থাকিব।

 

দেশত যিহেতু মাৰাত্মক কৰ’ণা ভাইৰাছ অথবা ক’ভিড-১৯ ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰিছে, সেয়ে সামাজিক সংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থত জিলা প্ৰশাসনে জাৰি কৰা নীতি-নিৰ্দেশনা মানি চলিবলৈ সমূহ ৰাইজক আহ্বান জনায় জিলা উপায়ুক্ত গৰাকীয়ে। কোনো লোকে যদি এই নীতি-নিৰ্দেশনা সমূহ উলংঘন কৰে, সেই ক্ষেত্ৰত ৰাইজৰ বৃহত্তৰ স্বাৰ্থত তেনে লোকৰ বিৰুদ্ধে জিলা প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ উল্লেখ কৰে।

 

সভাত আৰক্ষী অধীক্ষক অমিতাভ সিনহাই উল্লেখ কৰে যে, সামাজিক মাধ্যমত কোনো ব্যক্তি বা চক্ৰই যদি কোনো অপপ্ৰচাৰ চলায়, ৰাইজে তাৰ বশৱৰ্তী নহৈ তেনে অপপ্ৰচাৰক প্ৰশ্ৰয় নিদিবলৈ আহ্বান জনোৱাৰ লগতে এনেধৰৰ ঘটনা প্ৰত্যক্ষ কৰিলে ততাতৈয়াকৈ আৰক্ষীক অৱগত কৰিবলৈ পৰামৰ্শ দিয়ে।

সভাত উপস্থিত থকা জিলাখনৰ মছজিদ পৰিচালনা সমিতি সমূহৰ বিষয়-ববীয়া সকলৰ লগতে শিৱসাগৰ জিলা মছজিদ সমন্বয়ৰক্ষী সমিতিয়েও জিলা প্ৰশাসনে জনোৱা আহ্বানৰ প্ৰতি ইতিবাচক সঁহাৰি জনায় আৰু ঈদ উদযাপন সন্দৰ্ভত প্ৰশাসনে জাৰি কৰা নীতি-নিৰ্দেশনা সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰো আশ্বাস প্ৰদান কৰে।

 

সভাত জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলী, অতিৰিক্ত উপায়ুক্ত বিদিত দাস, শিৱসাগৰ আৰু আমগুৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দ্বয় ক্ৰমে মনোৰমা মৰাং আৰু ঋতুৰাজ বৰদলৈ উপস্থিত থাকে।

খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিল্লিস্তান খানে..

Share on whatsapp
WhatsApp
Share on facebook
Facebook
Share on twitter
Twitter
Share on email
Email

সীমা বিবাদ -আলোচনাৰ বাবে আইজললৈ উৰা মাৰিলে অসমৰ দুই মন্ত্ৰীয়ে

সীমা সমস্যাই উত্তপ্ত হৈ থকা সময়তে স্থায়ী সমাধানৰ বাবে আইজললৈ উৰা মাৰিছে অসমৰ দুই মন্ত্ৰী ক্ৰমে অতুল বৰা আৰু অশোক সিংঘালে।আজি দুপৰীয়াৰ ভাগত মন্ত্ৰী দুগৰাকীয়ে এখন বিমানেৰে আইজললৈ বুলি যাত্ৰা কৰে।মন্ত্ৰী অতুল বৰাই তেওঁৰ টুইটাৰত প্ৰকাশ কৰা মতে অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ক্ৰমে তেওঁ আৰু তেওঁৰ সতীৰ্থ অশোক সিংঘালে মিজোৰামলৈ বুলি যাত্ৰা আৰম্ভ কৰিছে।তেওঁলোকৰ সৈতে সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ আয়ুক্ত তথা সচিব জিডি ত্ৰিপাঠীও থকা বুলি মন্ত্ৰী অতুল বৰাই টুইটাৰত প্ৰকাশ কৰিছে।উল্লেখ্য অসম-মিজোৰামৰ মাজত সৃষ্টি হোৱা বিবাদৰ পৰিণতে মিজোৰাম সীমান্তত মিজো আৰক্ষীৰ গুলীত অসম আৰক্ষীৰ ৬ জন জোৱান আৰু এজন অসামৰিক লোকৰ মৃত্যু ঘটিছিল।ইয়াৰ পিছতে ৰাজ্য দুখনৰ মাজত সম্পৰ্কৰ যথেষ্ট অৱনতি ঘটিছে।ইয়াৰ মাজতে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীদ্বয়ৰ সৈতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে টেলিফোনিক বাৰ্তালাপ কৰিছিল।ইয়াৰ পিছতে আজি দুয়ো খন ৰাজ্যৰ মাজত সীমা সমস্যাকলৈ আইজলত মন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ’ব।

ঢকুৱাখনাত দৰিদ্ৰ পৰিয়ালৰ  অন্নদাতাৰ ৰূপত  দিল্লীৰ বেচৰকাৰী সংস্থা গৌঞ্জ

মাৰাত্মক অতিমাৰী ক`ভিড ১৯ সৃষ্ট স্থিতাৱস্থামুখী জটিল পৰিস্থিতিৰ কৰাল গ্ৰাসত পৰি  দৈনিক উপাৰ্জনেৰে দুবেলা দুসাঁজ মোকলাই অহা  শ্ৰমজীৱী   দৰিদ্ৰ ৰাইজৰ স্বাভাৱিক জীৱন যাত্ৰা দুৰ্বিসহ আৰু যন্ত্ৰণাময়  হৈ পৰিছে। লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ  হাজাৰ বিজাৰ পৰিয়ালৰ স্বাভাৱিক জীৱন জীৱিকালৈ এই পৰিস্থিতিয়ে  অবৰ্ণনীয় যন্ত্ৰণা নমাই অনাৰ ক্ষণতে এনেবোৰ পৰিয়ালৰ মাজত ত্ৰাণকৰ্তা হিচাপে থিয় দিছেহি নতুন দিল্লীস্থিত এটা স্বেচ্ছাসেৱী বেচৰকাৰী সংস্থাই।
গৌঞ্জ নামৰ  মানৱ দৰদী এই বেচৰকাৰী  সংস্থাটোৰ  ঢকুৱাখনাস্থিত সমন্বয়ক স্বেচ্ছাসেৱক আৰু শুভাকাংক্ষী সকলৰ সহযোগিতাত  বিগত জটিল সময় চোৱাত  মহকুমাটোৰ সহস্ৰাধিক দৰিদ্ৰ উপাৰ্জনহীন পৰিয়ালৰ মাজত ধাৰাবাহিক হাৰত খাদ্য সামগ্ৰী ,স্বাস্থ্য সুৰক্ষা সামগ্ৰী, স্বাস্থ্য কৰ্মী সকলৰ মাজত স্বাস্থ্য পৰীক্ষা সামগ্ৰী ,ঔষধকে ধৰি  বিভিন্ন অতি জৰুৰী বিবেচিত সামগ্ৰী বিনামূলীয়া ভাৱে যোগান ধৰি বিধ্বস্ত শ্ৰমজীৱী পৰিয়াল আৰু অগ্ৰণী ক`ভিড যোদ্ধা সকলক উপকৃত কৰি আহিছে। সম্প্ৰতি এই  সংস্থাটোৰ উদ্যোগতে  খাদ্যৰ বিনিময়ত কাম নামৰ এক  সময়োপযোগী কৰ্মসূচী গ্ৰহণ কৰি গঞা কৰ্মঠ যুৱ,ব্যক্তি ,মহিলা সকলক জনসেৱামূলক কৰ্মত নিয়োজিত কৰি তাৰ বিনিময়ত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ পৰা শিশু খাদ্যলৈকে মেটমৰা টোপোলা প্ৰদান কৰি আহিছে। কৰ্ম সংস্কৃতিৰ এক নব্য ধাৰা সৃষ্টিকৰ্তা গৌঞ্জৰ এনে অনুকৰণীয় প্ৰয়াসৰ ফলশ্ৰুতিত ইতিমধ্যে মহকুমাটোৰ কঁপহুৱা গাঁওৰ পৰা গৰৈমাৰী চাপৰি সংযোগী এখন প্ৰায় ১৫০ মিটাৰ দৈৰ্ঘৰ বাঁহৰ মজবুত দলং নিৰ্মাণ ,গৰৈমাৰী চাপৰি গাঁও যুৱক সংঘ আৰু গ্ৰাম্য পুথিভঁৰাল নিৰ্মাণ, জাঁজী গাঁও প্ৰাথমিক বিদ্যালয়লৈ যোৱা ১৫০ মিটাৰ পথ নিৰ্মাণ, উজনি মাতমৰা  মথাউৰীৰ পৰা গাঁওলৈ যোৱা ১২০ মিটাৰ পংকময় পথ যাতায়তৰ উপযোগীকৈ নিৰ্মাণ কৰি এনেবোৰ কামত নিয়োজিত প্ৰতি গৰাকী শ্ৰমিকক নূন্যতম প্ৰায় ১৫০০ টকা মূল্যৰ পুষ্টিকৰ ,উন্নত মানৰ একোটাকৈ খাদ্য সামগ্ৰীৰ টোপোলা প্ৰদান কৰি আহিছে।  প্ৰচাৰ বিমুখ সংস্থাটোৱে জনোৱা মতে কামৰ বিনিময়ত খাদ্য শীৰ্ষক এই কৰ্মসূচী গ্ৰহণ কৰি  নিয়োজিত শ্ৰমিকক পৰিয়ালটোৰ সকলো সদস্য উপকৃত হোৱাকৈ প্ৰায় ১৫ দিনৰ সম্পূৰ্ণ গুণগত খাদ্য  সামগ্ৰী যোগান ধৰা হয়। গৌঞ্জৰ এইলানি কৰ্মসূচীৰ আধাৰতে বৃহস্পতি বাৰে ঐতিহ্যমণ্ডিত ফাট বিহু বাকৰিক নিকাকৰণ কৰি দৃষ্টিনন্দন কৰি তোলা হয়। গৌঞ্জৰ স্বেচ্ছাসেৱক আৰু শুভাকাংক্ষীৰ নেতৃত্বত  মহকুমাটোৰ প্ৰায় ৬৫ গৰাকী কৰ্মহীন ব্যক্তিক ফাট বিহু বাকৰিত সমবেত কৰি অপতৃণৰে ভৰি পৰা বাকৰিখন পৰিস্কাৰ কৰা হয়।  ফাট বিহু সমিতিৰ বিষয় ববীয়ায়ো অংশ লোৱা এই নিকাকৰণ পদক্ষেপৰ বাবে বছৰজুৰি  অৱহেলিত আৰু অনাদৃত হৈ  ঘন হাবি জংঘলেৰে ভৰি পৰা সমগ্ৰ বাকৰিখনত মনোমোহা পৰিবেশৰ সৃষ্টি হয়।  এই নিকাকৰণ কৰ্মত নিয়োজিত  প্ৰতি গৰাকী শ্ৰমদান কৰা ব্যক্তিক ২০ কেজি চাউল , ২ কেজি দাইল , ২ কেজি বুট , ২ কেজি চেনী , ১লিটাৰ মিঠাতেল আৰু চাবোন , মাস্ক , চেনিটাইজাৰ আদি সমৃদ্ধ টোপোলা গৌঞ্জৰ তৰফৰ পৰা যোগান ধৰা হয় ।অনাগত সময়তো মহকুমাটোত স্থানীয় ভাবে কম দিনৰ ভিতৰতে শ্ৰমিকৰ জৰিয়তে নিৰাময় কৰিব পৰা ৰাজহুৱা অভাৱ সমস্যাৰ স্থায়ী সমাধানৰ  জনমুখী আৰু জনসেৱামূলক কৰ্মসূচী  গ্ৰহণ  আৰু ৰূপায়নত গৌঞ্জয়ে নিঃস্বাৰ্থ ভাবে মনোনিবেশ কৰি যাব বুলি জানিবলৈ দিছে ।  কোভিড ১৯ সৃষ্ট অচলাৱস্থাত এটা ,বৰ্হি ৰাজ্যৰ বেচৰকাৰী সংস্থাই কৰ্মসংস্কৃতিৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি কৰ্মৰ দ্বাৰা খাদ্য অৰ্জনৰ এনে  জনহিতৈষী পদক্ষেপ গ্ৰহণ কৰি ৰজাঘৰীয়া প্ৰজাঘৰীয়া সকলোৰে দ্বাৰা উচ্চ প্ৰসংশিত  হৈছে। 
বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই।

ভাৰতৰত্ন, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলিৰ প্ৰয়াস – আজাৰাত জগদীশ বৈশ্যৰ “গানে গানে”শীৰ্ষক গীত উন্মোচন

ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত উত্তৰ পূৱ মণ্ডল ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ উপ মহাপ্ৰবন্ধক আৰু সাংস্কৃতিক কর্মী জগদীশ বৈশ্যই ভাৰতৰত্ন , সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্য মহান শিল্পী জনৰ আগন্তুক জন্মদিন উপলক্ষে সুৰ আৰু কণ্ঠদান কৰি শেহতীয়াকৈ ৰচনা কৰিছে গানে গানে শীৰ্ষক এটি গীত। প্ৰায় পাঁচ মিনিট দৈৰ্ঘ্যৰ গীতটো তেওঁৰ ইউটিউৱ চেনেল জগদীশ বি মিউজিকত উপলব্ধ হ`ব ।অসমীয়া জাতিৰ গৌৰৱৰ প্ৰতীক স্বৰূপ ডঃ ভূপেন হাজৰিকাৰ প্রতি শ্ৰদ্ধাঞ্জলিৰ প্ৰয়াসেৰে সুন্দৰকৈ উপস্থাপন কৰি জাতীয় চেতনা জগাই তুলিবলৈ এক বাস্তৱমুখী আৰু ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লোৱা বুলি সদৰি কৰিছে।

আনহাতে ৪ আগষ্টৰ সন্ধিয়া আজাৰা ভৰালীপাৰাত আয়োজিত এক ব্যতিক্ৰমী অনুষ্ঠানত গীতটো উন্মোচন কৰে অঞ্চলটোৰ ছয়টা শিশু ক্ৰমে গুণগুণ , অলিভিয়া , এঞ্জেল , অংশু , টিয়া , দিব , অনেশা আৰু নাভিয়াই অনুষ্ঠানত বিশিষ্ঠ শিল্পী ইবচনলাল বৰুৱা ,সাংস্কৃতিক কর্মী অনিল কুমাৰ কলিতা , পবিত্ৰ দাস , অধিবক্তা নৃপেন দাস , জগদীশ বৈশ্যৰ সহধৰ্মিনী ৰেণুকা বৈশ্যকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে । ভাষণত কেবাজনেও জগদীশ বৈশ্যই সাংস্কৃতিক ক্ষেত্ৰখনৰ উত্তৰণৰ বাবে নীৰৱে কাম কৰি অহা বিষয়টোৰ শলাগ লয় আৰু গীতটোক সকলোৱে আদৰি লব বুলি আশা ব্যক্ত কৰে । অনুষ্ঠানত জগদীশ বৈশ্যই গীতটো সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰে । উল্লেখযোগ্য যে জগদীশ বৈশ্যৰ কণ্ঠ , সুৰ আৰু কথাৰে ৰচিত গীতটোৰ কথা অনিল কুমাৰ কলিতাৰ । সংগীত মৃণাল দাসৰ , শব্দ সংমিশ্ৰণ মামণি কলিতাৰ , ভি ডি অ` সম্পাদনা কৰিছে মনোৰিঠা বৈশ্যৰ । উল্লেখযোগ্য যে বহাগ বিহুৰ প্ৰাক ক্ষণত জগদীশ বৈশ্যই বহাগ বিহুক লৈ ৰচনা কৰা ” মোৰ প্ৰাণৰ বিহুৱান ” শীৰ্ষক গীতটো উন্মোচন কৰা হৈছিল।

সুধাকন্ঠৰ কুঠৰিস্থিত বাসগৃহত শীঘ্ৰে নিৰ্মাণ হ’ব সাংস্কৃতিক প্ৰকল্প

সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ কলিয়াবৰৰ কুঠৰিস্থিত বাসগৃহসহ ৭ বিঘা ভূমি ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগক হস্তান্তৰ কৰিলে।সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ কুঠৰিস্থিত বাসগৃহত শীঘ্ৰে নিৰ্মাণ হ’ব সাংস্কৃতিক প্ৰকল্পৰ কাম।
সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ কলিয়াবৰৰ কুঠৰিস্থিত বাসগৃহসহ ৭ বিঘা ভূমি সমহৰ্তা তথা নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ে অধিগ্ৰহণ কৰি অধিকৃত ভূমিসহ ভূপেনদাৰ গৃহটি হস্তান্তৰ কৰিলে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগক।প্ৰয়াত ড০ভূপেন হাজৰিকাৰ নামত থকা কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দ্বাৰ বাগৰি মৌজাৰ ন-জান গাঁৱৰ পটা নম্বৰ ১৫ আৰু দাগ নম্বৰ ২৮৮,২৯০ আৰু ২৯১ দাগৰ মুঠ ৭ বিঘা ভুমি ভাইড অৰ্ডাৰ নং NRK 16/2018/137 dt. 15/07/21 মৰ্মে জিলা উপায়ুক্তৰ প্ৰতিনিধি হিচাপে অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি পৱিত্ৰ কুমাৰ দাসে ১৬ জুলাই তাৰিখে ভূমি সহ গৃহটি হস্তান্তৰ কৰে।সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ কুঠৰিস্থিত বাসগৃহটি সংৰক্ষণ কৰি ইয়াত এটি সাংস্কৃতিক প্ৰকল্প গঢ়ি তোলাৰ কলিয়াবৰীয়া ৰাইজ তথা ভূপেনদাৰ গুণমুগ্ধ সকলৰ দীৰ্ঘদিনীয়া দাবী আছিল।

ভূপেনদাৰ গুণমুগ্ধ সকলৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সন্মান জনাই কলিয়াবৰ সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই কুঠৰিস্থিত বাসগৃহত ইতিমধ্যে ভূপেনদাৰ প্ৰতিমূৰ্তি স্থাপন কৰিছিল।কিছুদিন পূৰ্বে সাংস্কৃতিক মন্ত্ৰী বিমল বৰা কুঠৰিস্থিত বাসগৃহত উপস্থিত হৈ শীঘ্ৰে উক্ত স্থানত এটি সংস্কৃতিক প্ৰকল্প নিৰ্মান হ’ব বুলি সাংবাদিকক জানিব দিছিল।উল্লেখ্য যে¸১৯৭৪ চনত শিল্পপ্ৰাণ চন্দ্ৰ ফুকনৰ আহ্বানত কলিয়াবৰৰ কুঠৰীত সুধাকণ্ঠই এই ঘৰটি সাজিছিল।

ইউৰোপৰ সুউচ্চ শৃংগ মাউন্ট এলব্ৰুছ আৰোহণ নৱ কুমাৰ ফুকনৰ

অসম কন্যা লাভলীনা বৰগোহাঁইয়ে টকিঅ’ অলিম্পিকত বক্সিঙৰ ব্ৰঞ্জ পদক লাভ কৰি গৌৰৱ কঢ়িওৱাৰ দিনাই আন এজন অসমীয়া নৱ কুমাৰ ফুকনে ইউৰোপৰ সুউচ্চ শৃংগ মাউন্ট এলব্ৰুছ আৰোহণ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে।পৰ্বতাৰোহী নৱ কুমাৰ ফুকনে আজি দুপৰীয়া ইউৰোপ মহাদেশৰ ৰাচিয়াৰ ৫৬৪২ মিটাৰ উচ্চতাৰ মাউন্ট এলব্ৰুছ জয় কৰে।তেওঁ মাউন্ট এলব্ৰুছৰ শীৰ্ষত ভৰি থৈ অসম গৌৰৱ এশিঙীয়া গঁড়ৰ সংৰক্ষণৰ কৰাৰ লগতে প্ৰকৃতি সংৰক্ষণৰ চিত্ৰ সম্বলিত অসমীয়া গামোচা প্ৰদৰ্শন কৰাৰ লগতে ভাৰত মাতা কি জয় ধ্বনি দিয়ে। তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অসমৰ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা, ভাৰতৰ ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰ, অসমৰ ক্ৰীড়া মন্ত্ৰী বিমল বৰা আৰু ৰাজহ মন্ত্ৰী যোগেন মহনৰ ফটো সম্বলিত পোষ্টাৰ প্ৰদৰ্শন কৰে।উল্লেখ্য যে ইয়াৰ পূৰ্বে নৱ কুমাৰ ফুকনে ২০১৬ চনত পৃথিৱীৰ সবোচ্চ শৃংগ মাউন্ট এভাৰেষ্ট আৰু ২০১৫ চনত দক্ষিণ আফ্ৰিকাৰ সুউচ্চ শৃংগ মাউন্ট কিলিমাঞ্জাৰো আৰোহণ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল। চৰাইদেউ জিলাৰ চেপন শান্তি বনৰ নিৱাসী তথা চেপন উচ্চ মাধ্যমিক বিদ্যালয়ৰ শাৰীৰিক নিৰ্দেশক নৱ কুমাৰ ফুকনৰ সাফল্যত চেপন, ডিমৌ অঞ্চলত আনন্দৰ বন্যা হৈছে।

জামুগুৰিহাটৰ নেমুৱে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰাৰ সম্ভাৱনা

অসম চৰকাৰে মনোনিবেশ কৰিলে জামুগুৰিহাটৰ উত্তৰাঞ্চলত উৎপাদিত বিভিন্ন প্ৰজাতিৰ নেমুৱে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰাৰ সম্ভাৱনা আছে। অঞ্চলটোৰ মৰিসুতি,বালিজুৰি,ৰঙাচকুৱাকে ধৰি কেইবাটাও স্থানত প্ৰচুৰ পৰিমাণে উৎপাদিত নেমুৱে ইতিমধ্যে অসমৰ বিভিন্ন জিলাৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল, মিজোৰাম, পশ্চিমবংগ লগতে হাইদৰাবাদ আদি ঠাইলৈ ৰপ্তানি হৈ আহিছে। নেমু খেতিৰ বাবে এই অঞ্চলৰ মাটিৰ গুণাগুণ অতিকৈ উত্তম হোৱাৰ বাবেই ইয়াত প্ৰচুৰ পৰিমাণে নেমু উৎপাদিত হয়।এই অঞ্চলৰ নেমু খেতিয়ক সকলক উৎসাহিত কৰিবৰ কাৰণে ২০০৭চনতে তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে চৰকাৰী সা-সুবিধা প্ৰদানৰ কথা ঘোষণা কৰিছিল যদিও সেইয়া ফাইলতে আবদ্ধ থাকিল।শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খেতিয়ক সকলক উৎসাহিত কৰিবৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিছে সেইলৈ এই অঞ্চলৰ নেমু খেতিয়ক সকল উৎসাহিত হৈ পৰা দেখা গৈছে।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই