আৱৰ্জনা ব্যৱস্থাপনা উন্নত কৰাক লৈ এইচডিএফচি বেংক-জিএনআইডিএ-ইউএনডিপিৰ মাজত গ্ৰেটাৰ নয়ডাত চুক্তি স্বাক্ষৰ

এইচডিএফচি বেংকে ইউএনডিপি ইণ্ডিয়াৰ সৈতে অংশীদাৰীত্ব কৰি গ্ৰেটাৰ নয়ডা ঔদ্যোগিক উন্নয়ন কৰ্তৃপক্ষ চহৰখনত স্বচ্ছতা কেন্দ্ৰ (সামগ্ৰী পুনৰুদ্ধাৰ সুবিধা) স্থাপনৰ বাবে এখন বুজাবুজিৰ চুক্তিপত্ৰত স্বাক্ষৰ কৰে।বুজাবুজি চুক্তি স্বাক্ষৰ সময়ছোৱাত উপস্থিত আছিল জিএনআইডিএৰ মুখ্য কাৰ্যবাহী বিষয়া নৰেন্দ্ৰ ভুশান, এইচডিএফচি বেংকৰ শাখা বেংকিং মুৰব্বী অখিলেশ কুমাৰ আৰু ইউএনডিপি ইণ্ডিয়াৰ প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা কাৰ্যসূচীৰ প্ৰকল্প প্ৰৱন্ধক আৰু ভাৰপ্ৰাপ্ত বিষয়া শ্ৰীকৃষ্ণ বালাচন্দ্ৰন। এই চুক্তিৰ ফলত গ্ৰেটাৰ নয়ডাৰ লোকসকল উপকৃত হ’ব।গ্ৰেটাৰ নয়ডাৰ নতুন স্বচ্ছতা কেন্দ্ৰটোৰ পৰা প্ৰতি মাহে ২০০-৩০০ শুকান আৱৰ্জনা পুনৰ ব্যৱহাৰযোগ্য কৰি তোলা হ’ব।

বেংকটোৱে সকলো চৰকাৰী অভিযানৰ সৈতে এই দিশত আগবঢ়া পদক্ষেপৰ লগত সংযোজিত হৈ আছে কাৰ্বন ইক’নমি হ্ৰাস কৰা। ইয়াত ইএছজি ৰণনীতিৰ অধীনত বেংকে পৰিৱেশ সুৰক্ষিত কৰাৰ দায়িত্ব গ্ৰহণ কৰিছে।যিটো এক মুখ্য গুৰুত্বপূৰ্ণ বিষয়।২০৩১-৩২ বৰ্ষৰ ভিতৰত কাৰ্বনৰ পৰিমাণ সীমিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে আৰু ইয়াৰ পৰা নিৰ্গমন, শক্তি, আৰু পানীৰ ব্যৱহাৰৰ চিন্তা চৰ্চা চলাইছে। বেংকে লোৱাৰ কাৰ্বন ফুটপ্ৰিন্ট প্ৰকল্পবোৰত উৎসাহিত আৰু বিনিয়োগ কৰিছে। ই কমিউনিটিবোৰত জলবায়ু পৰিৱৰ্তন আৰু পাৰিপাৰ্শ্বিক বিপদাশংকা প্ৰতি তেওঁলোকৰ স্থিতিস্থাপকতা বৃদ্ধি কৰাত সমৰ্থন কৰে । বেংকে ইয়াৰ পৃষ্ঠপোষকতাৰ বাবে প্ৰায় ৩ কোটি টকা আৱণ্টন কৰিছে। এই প্ৰকল্পটো ফ্লেগশ্বিপ চিএছআৰ কাৰ্যসূচী ‘পৰিৱৰ্তন’ৰ অধীন।

এই সম্পৰ্কে এইচডিএফচি বেংকৰ চিএছআৰ, ব্যৱসায় বিত্ত আৰু ৰণনীতি, প্ৰশাসন আৰু আন্তঃগাঁথনিৰ গ্রুপ হেড অসীমা ভাটে কয়-“পাৰিপাৰ্শ্বিক, সামাজিক আৰু শাসনৰ (ইএছজি) বিবেচনা আমাৰ লোকাচাৰত অন্তৰ্ভুক্ত হৈ আছে, যিয়ে এক বহনক্ষম ভৱিষ্যতৰ প্ৰতি আমাৰ অটল প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে। স্বচ্ছতা গ্ৰেটাৰ নয়ডাৰ কেন্দ্ৰই পৃথকীকৰণ আৰু সংগ্ৰহৰ এক আৰ্হি প্ৰচাৰ কৰে, যাৰ ব্যৱহাৰে সম্পদ আৰু চাফাই চাথিৰ জীৱিকাৰ মানদণ্ড উন্নত কৰাৰ লগতে চহৰখনৰো মানদণ্ড উন্নত কৰে। আমি নিশ্চিত যে শুকান আৱৰ্জনা, অজৈৱ-পচনশীল আৰু ক্ষতিকাৰক আৱৰ্জনাৰ পৰা চহৰখনৰ পৰিৱেশক ৰক্ষা কৰিব।”

এইচডিএফচি বেংক আৰু ইউএনডিপিয়ে শুকান আৱৰ্জনা পুনৰ্ব্যৱহাৰ আৰু ব্যৱস্থাপনা প্ৰকল্পত একেলগে কাম কৰি আছে। শুকান আৱৰ্জনাৰ ব্যৱস্থাপনা কাৰ্যসূচীৰ অংশ হিচাপে কাম কৰি থকা পাঁচখন চহৰ ক্ৰমে ডেৰাডুন, দিল্লী, পানাজী, ঋষিকেশ, আৰু উত্তৰকাশী। প্ৰকল্পটোৱে ৪,০০০তকৈ অধিক মেট্ৰিক টন শুকান আৱৰ্জনা প্ৰক্ৰিয়া কৰিছে। ইউএনডিপিৰ প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা কাৰ্যসূচী ভাৰতৰ স্বচ্ছ ভাৰত (পৰিষ্কাৰ ভাৰত) অভিযান, Solid Waste Management Rules 2016 আৰু প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা (সংশোধনী) নিয়ম ২০১৮ সৈতে সংযোজিত।এই সম্পৰ্কে ইউএনডিপিৰ অ’আইচি প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা কাৰ্যসূচীৰ প্ৰকল্প প্ৰৱন্ধক
শ্ৰীকৃষ্ণ বালাচন্দ্ৰনে কয়- “ইউএনডিপিৰ প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা কাৰ্যসূচী এক অনন্য প্ৰয়াস। ই সকলোবোৰ আনি দিয়ে এক বহনক্ষম আৱৰ্জনা ব্যৱস্থাপনা আৰ্হি প্ৰদৰ্শন কৰিবলৈ আৱৰ্জনা মূল্য শৃংখলাৰ অংশীদাৰ দেশত।”

Share on whatsapp
WhatsApp
Share on facebook
Facebook
Share on twitter
Twitter
Share on email
Email

গ্ৰন্হ উন্মোচনী সভা অনুষ্ঠিত

আজি জামুগুৰিহাটৰ পশ্চিম জামুগুৰি শাখা সাহিত্য সভাৰ উদ্যোগত আৰু চেউনি চুক গাঁৱৰ ৰাইজৰ সহযোগত এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। চেউনি চুক গাঁৱৰ নামঘৰত দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত উক্ত গ্ৰন্থ উন্মোচনী সভাৰ শুভাৰম্ভ কৰা হয় চেউনি চুক গাঁৱৰ মহিলা মনীশা দেৱীৰ নেতৃত্বত মহিলা সকলৰ এটি দিহা নামৰে। গ্ৰন্থ উন্মোচনী সভাখনৰ সভাপতিত্ব কৰে পশ্চিম জামুগুৰি শাখা সাহিত্য সভাৰ সভাপতি প্ৰেম কান্ত শইকীয়াই। জামুগুৰিহাটৰ অৱসৰপ্ৰাপ্ত ৰাষ্ট্ৰীয় বঁটা প্ৰাপক শিক্ষক তথা বিশিষ্ট সাহিত্যিক মহেশ্বৰ বৰাৰ জিজ্ঞাসা নামৰ গ্ৰন্থ খন আজি উন্মোচন কৰা হয়।গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট কবি সাহিত্যিক দিলীপ কুমাৰ ভট্টাচাৰ্যই। উন্মোচনী সভাৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জামুগুৰি জুনিয়ৰ কলেজৰ অসমীয়া বিভাগৰ প্ৰবক্তা তথা বিশিষ্ট কবি মিংকু কলিতা। বিশিষ্ট অতিথি মিংকু কলিতা আৰু গ্ৰন্থ উন্মোচক দিলীপ কুমাৰ ভট্টাচাৰ্য ই বৰ্তমান বিজ্ঞান প্ৰযুক্তিৰ উন্নয়নৰ বাবে বৰ্তমান সময়ত গ্ৰন্থৰ ভূমিকাৰ ওপৰত আলোকপাত কৰাৰ উপৰিও বহুকেইটা বিষয়ৰ মননশীল বক্তব্য আগবঢ়ায়।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

গীতে মাতে মুখৰিত জামুগুৰিহাটৰ সোণোৱালী আঘোণৰ পথাৰ-এশ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি জামুগুৰিহাটৰ দুখন গাঁওৰ ৰাইজে একেলগে চপাইছে সোণগুটি

এশ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি জামুগুৰিহাটৰ দুখন গাঁওৰ ৰাইজে একেলগে চপাইছে সোণগুটি। আঘোণৰ সোণোৱালী পথাৰত এতিয়া গঞাঁ ৰাইজৰ সমাহীন ব্যস্ততা।সোণগুটি চপোৱাৰ ব্যস্ত সকলো।এশবছৰীয়া পৰম্পৰা ৰক্ষা কৰি জামুগুৰিহাটৰ দুখন গাঁৱৰ ৰাইজে সমুহিয়া ভাৱে এশবিঘাৰো অধিক মাটিত কৰি অহা ধানৰ খেতি চপাইছে । ডেকাচুক আৰু গোধমৰাচুক গাঁও দুখনৰ পুৰুষ মহিলা সকলোৰে আনন্দ মনৰে পথাৰত কাটিছে ধান।আঘোণৰ পথাৰৰ সোণোৱালী ধাননি দৰা চপাই থকাৰ মাজতে কোনোৱে জুৰিছে বিহু গীত।যিটো সময়ত আমাৰ সমাজৰ পৰা যান্ত্ৰিকতাৰ প্ৰভাৱত পৰি সমূহীয়া ভাৱে কৰা কিছু প্ৰথা নাইকিয়া হৈ যাবলৈ ধৰিলে সেই সময়তে জামুগুৰিহাটৰ এইদুখন গাঁওৰ ৰাইজে এইদৰে এশবছৰীয়া পৰম্পৰা ৰক্ষা কৰি সমূহীয়া ভাৱে কৰা ধান খেতি চপাই সীমাহীন আনন্দ লাভ কৰাৰ লগতে এশবছৰীয়া পৰম্পৰা ৰক্ষা কৰি অহাটো অত্যন্তই ইতিবাচক হিচাপে বিবেচিত হৈছে।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

ঢকুৱাখনাত  মিচিং ভাষাৰ ৬ মহীয়া পাঠদান আৰম্ভ

ৰাজ্যখনৰ দ্বিতীয় বৃহৎ ভৈয়াম জনগোষ্ঠী মিচিং সকলৰ স্বকীয় ভাষা শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ  লগতে  বিদ্যায়তনিক ক্ষেত্ৰত প্ৰয়োগৰ বাবে সুদীর্ঘ কাল জুৰি নিৰন্তৰ সংগ্ৰাম অব্যাহত আছে মিচিং জাতীয় সংগঠন সমূহৰ উদ্যোগত। শেহতীয়াকৈ মিচিং সাহিত্য সভা (মিচিং আগম কৌবাং)ৰ পৃষ্ঠপোষকতাত ৰাজ্যখনৰ মিচিং জনগোষ্ঠী অধ্যুষিত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ এলেকাধীন বিভিন্ন গ্ৰামাঞ্চলত শাখা আগম কৌবাং সমূহৰ উদ্যোগত মিচিং ভাষা শিক্ষাৰ এলানি ছয়মহীয়া  পাঠদান কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে।দেওবাৰৰ পৰা শুভাৰম্ভ হোৱা এই প্ৰথম লানি মিচিং ভাষা শিক্ষাৰ বিনামূলীয়া পাঠদান কাৰ্যসূচী ঢকুৱাখনা জিলা আগম কেবাংৰ অন্তৰ্গত বিভিন্ন বাংকে সমিতিৰ লগতে পুৱ ঢকুৱাখনা‌ পঞ্চায়তৰ অন্তৰ্গত যোগিসুতি হাইস্কুলৰ প্ৰাংগনত যোগীসুতি বাংকে আগম কৌবাংৰ উদ্যোগত ছয় মহীয়া পাঠদান পৰ্বৰ শুভাৰম্ভ কৰা হয়।মিচিং আগম কৌবাংৰ  কেন্দ্ৰীয় সদস্য  মৃগাং প্ৰণৱ দলেয়ে শুভ উদ্ধোধন কৰা এই পাঠদান কৰ্মসূচীত  আগম কৌবাংৰ প্ৰাক্তন কেন্দ্ৰীয় সদস্য তথা সুলেখক কবি প্ৰবিন মিলি ,মিচিং আগম কৌবাংৰ পুৱ ঢকুৱাখনা‌ সমিতিৰ সভাপতি প্ৰকৃৎ মিলি, মিচিং মিমাগ কৌবাংৰ  ঢকুৱাখনা জিলা সমিতিৰ যুটিয়া সম্পাদক অমৃত দলে , সদস্য মলেশ দলে ,কিৰণ দলে , প্ৰদীপ দলে,
সদৌ অসম ট্ৰাইবেল মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰাজু দলে,পুৱ ঢকুৱাখনা‌ জাতীয় বিদ্যালয়ৰ সহকাৰী শিক্ষক মিন্টু কুলি, কবি মোহন লাগাছুৰ লগতে মিচিং জাতিয় সংগঠন টি এম পি কে, এম এম কে , টি এম এম কে, এম এ কে, এম বি কে  , এম দি কেৰ গৰিষ্ঠ সংখ্যক কৰ্মকর্তা ও বিষয় ববীয়া উপস্থিত থাকে । মুঠ ১২০ শিক্ষাৰ্থীয়ে  অংশগ্ৰহণ কৰা এই ছয়মহীয়া পাঠদান কাৰ্যসূচীৰ অন্তত পৰীক্ষা অনুষ্ঠিত হব আৰু উত্তীৰ্ণ শিক্ষাৰ্থী সকলক আগম কৌবাংৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা প্ৰমানপত্ৰ প্ৰদান কৰিব বুলি জানিবলৈ দিছে। উল্লেখযোগ্য যে ঢকুৱাখনা জিলা সমিতিৰ  অন্তৰ্গত মুঠ ১১খন বাংকেত এই পাঠদান কাৰ্যসূচী  দেওবাৰৰ পৰা অনুষ্ঠিত  হৈছে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

দুধকুৱৰী পীঠত দক্ষিণ কামৰূপ সাহিত্য কলা সংস্কৃতি মঞ্চৰ অধিৱেশন সম্পন্ন

দক্ষিণ কামৰূপৰ সাহিত্য কলা আৰু সংস্কৃতিৰ পথাৰখনত একনিষ্ঠভাৱে সেৱা আগবঢ়াই অহা একাংশ আশাসুধীয়া লোকৰ সৎ প্ৰচেষ্টাত ২০১৪ চনতেই গঠন হোৱা দক্ষিণ কামৰূপ সাহিত্য কলা সংস্কৃতি মঞ্চৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশনখনি ৫ ডিচেম্বৰত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙামাটিস্থিত ঐতিহাসিক দুধকুৱৰী পীঠ প্ৰাংগণত অনুষ্ঠিত হয়। আদৰণি সমিতিৰ সভাপতি ৰাজেন্দ্ৰ নাথ আৰু সম্পাদক কুশল মালাকৰৰ পৰিচালনাত পুৱা পতাকা উত্তোলন, বৃক্ষ ৰোপণ আৰু চিত্ৰংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। তাৰ পিছতেই অনুষ্ঠিত হোৱা বিষয় বাচনি সভাত ড০ গণেশ্বৰ চহৰীয়াক সভাপতি, কুশল মালাকৰক কাৰ্যকৰী সভাপতি, ৰোহিনী কুমাৰক সম্পাদক আৰু নিৰুপমা মজুমদাৰ- কিশোৰ কুমাৰ কলিতাক যুটীয়া সাহিত্য সম্পাদক হিচাপে লৈ দুবছৰ বাবে এখনি পূৰ্ণাংগ নতুন সমিতি গঠন কৰা হয়। দুপৰীয়া সভাপতি ড০ গণেশ্বৰ চহৰীয়াৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাত কামৰূপীয়া লোক কৃষ্টিৰ গুৰু সুকুমাৰ মেধি, পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, পলাশবাৰীৰ ৰাজহ চক্ৰ বিষয়া ধ্ৰৱজ্যোতি পাঠক, গোৱালপাৰা জিলাৰ অতিৰিক্ত উপায়ুক্ত পল্লৱ নাথ আদিকে ধৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উক্ত সভাতেই কিশোৰ কুমাৰ কলিতা আৰু কৃষ্ণ কান্ত দাসৰ যুটীয়া সম্পাদনাত মঞ্চৰ মুখপত্ৰ ‘আলোকযাত্ৰা’ৰ তৃতীয় সংখ্যাটি ৰাজহ চক্ৰ বিষয়া ধ্ৰৱজ্যোতি পাঠকে উন্মোচন কৰে। ভাৰত চৰকাৰে প্ৰদান কৰা কামৰূপীয়া লোক কৃষ্টিৰ গুৰু উপাধিৰে বিভূষিত সুকুমাৰ মেধিয়ে নিজৰ ভাষণত দক্ষিণ কামৰূপ অঞ্চল লোক কৃষ্টি – সংস্কৃতি অথবা সাহিত্যৰ ক্ষেত্ৰত আইৰে পৰাই যথেষ্ট চহকী যদিও সাম্প্ৰতিক সময়ত চৰ্চাৰ অভাৱেদেখা দিয়াৰ ফলত বহু ঐতিহ্য নোহোৱা হবলৈ ধৰা বুলি মন্তব্য কৰে। আনহাতে, দক্ষিণ কামৰূপৰ বিভিন্ন ক্ষেত্ৰত জীৱন জোৰা সাধনাৰে বিশেষ ভূমিকা গ্ৰহণ কৰি অহা তিনি গৰাকী বিশিষ্ট ব্যক্তি বকোৰ ব্ৰজেন দাস, ছয়গাৱৰ কমিছন ৰাভা আৰু পলাশৱাৰীৰ ৰামেশ্বৰ দাসক এই অধিৱেশনৰ মুকলি সভাতেই ‘সাধনাশ্ৰী’ বটা প্ৰদান কৰে। এই বটাত প্ৰসস্তি পত্ৰৰ লগতে নগধ ধন আছে। আনহাতে, পুৱাৰ ভাগত অনুষ্ঠিত হোৱা চিত্ৰাংকণ প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীক পুৰষ্কাৰ প্ৰদান কৰা হয়।

ঢকুৱাখনাত আক্ৰাছুৰ চিলাৰায় দিৱসৰ প্ৰস্তুতি

চিলাৰায়ৰ ৫১২ সংখ্যক জন্ম জয়ন্তী দিৱসটো এদিনীয়া বৰ্ণিল কার্যক্রমণিকাৰে ঢকুৱাখনা নগৰত উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । দেওবাৰে  ঢকুৱাখনা নগৰৰ নৰ্মাল স্কুল প্ৰাংগনত অনুষ্ঠিত এক ৰাজহুৱা সভাই এই  সিদ্ধান্ত গ্ৰহণ কৰিছে। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ অন্তৰ্গত ঢকুৱাখনা জিলা সমিতিৰ উদ্যোগত  ঢকুৱাখনা জিলা কোচ ৰাজবংশী সন্মিলনী সম্পাদক দীনেশ কোচৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাই সৰ্বসন্মত ভাবে জাতীয় বীৰ গৰাকীৰ পবিত্ৰ জন্ম জয়ন্তীটো ঢকুৱাখনা নগৰত অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে।  ঢকুৱাখনা জিলা  কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বিশেষ তৎপৰতাত অনুষ্ঠিত সভাত স্বগোষ্ঠীয় ডেৰ শতাধিক জ্ঞাতি বৰ্গই অংশগ্ৰহণ কৰে। সভাখনত আগন্তুক ১৬ ফেব্ৰুৱাৰীৰ এই পবিত্ৰ দিৱস উদযাপন কৰা সন্দৰ্ভত অগ্ৰণী ব্যক্তি দীনেশ কোচ,চিতাৰাম কোচ , অৰূপ দত্ত , পদ্মেশ্বৰ বড়া, ৰাজু বৰা, অম্বেশ্বৰ কোচ, ভূষণ কোচ, হীৰা কোচ, দেৱ কোচ , কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি দেৱ কৃষ্ণ কোচ, প্ৰণৱ কোচ,মানস প্ৰতিম কোচ আদি বিভিন্ন ব্যক্তিয়ে নিজস্ব বক্তব্য আগবঢ়াই জাতীয় বীৰ গৰাকীৰ মহান ত্যাগ আৰু জাতীয় দায়বদ্ধতাক সশ্ৰদ্ধ স্মৰণ কৰি  সাম্প্ৰতিক সময়ত মহান বীৰ গৰাকীৰ ত্যাগৰ গুণানুকীৰ্তন কৰাৰ প্ৰাসংগিকতা দোহাৰে।  সভাত উপবিষ্ট জ্ঞাতিবৰ্গৰ বিস্তৃত আলোচনাৰ অন্তত  দেৱ কুমাৰ কোচ, নাৰায়ণ ৰায়, সদা দত্ত, ঘন কোচক উপদেষ্টা, ধৰণী বৰুৱাক সভাপতি , অৰূপ  দত্ত, হীৰা কোচ, পদ্মেশ্বৰ বড়া, ভূষণ কোচক উপ সভাপতি, দিলীপ বড়াক সাধাৰণ সম্পাদক , হৰকান্ত বৰাক কোষাধ্যক্ষ হিচাবে লৈ এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয়। সভাত অভ্যৰ্থনা সমিতিয়ে  শীঘ্ৰে কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি বিভিন্ন উপ সমিতি সমূহ গঠনেৰে জাতীয় বীৰ গৰাকীৰ ৫১২সংখ্যক জন্ম জয়ন্তী দিনজোৰাকৈ উদযাপন কৰিব বুলি জানিবলৈ দিয়ে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

পথ দুৰ্ঘটনা হ্ৰাস , ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে চানমাৰীৰ পৰা সোণাপুৰলৈ জনসচেতনতা মটৰ চাইকেল ৰেলী

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত বৰ্দ্ধিত পথ দুৰ্ঘটনা হ্ৰাস কৰি অসমক এখন কিদৰে দুৰ্ঘটনামুক্ত ৰাজ্যেলৈ পৰিণত কৰিব পাৰি তাৰ বাবে ৰাইজৰ মাজত ব্যাপক জনসচেতনা সৃষ্টি কৰিবলৈ প্ৰায় দুমাহ পূৰ্বে পৰিবহণ বিভাগক নিৰ্দেশ দিছিল। আনকি এইক্ষেত্ৰত স্বেচ্ছাসেৱী সংগঠন সমূহকো আগবাঢ়ি আহিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছিল । ইফালে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি ৰাজ্যৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জিলা পৰিবহণ বিষয়া সকলক নিজ নিজ জিলাত ৰাইজৰ মাজত পথ সুৰক্ষা সজাগতা সৃষ্টিৰ বাবে হাতে কামে নামি পৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে।মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰীৰ আহ্বান অনুসৰি “অসম ক্ৰীড়া , সাংস্কৃতিক আৰু যুৱ বিকাশ সন্থা” আৰু “সৃজন”ৰ উদ্যোগত , কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ সহযোগত আজি পুৱা চানমাৰীৰ আনন্দৰাম বৰুৱা উৰণীয়া সেঁতুৰ তলৰ পৰা সোণাপুৰলৈ “জনসচেতনতা মটৰ চাইকেল ৰেলী” উলিওৱা হয় । পতাকা জোকাৰি ৰেলীৰ শুভাৰম্ভ কৰে অসম পশুধন উন্নয়ন নিগমৰ অধ্যক্ষ মনোজ শইকীয়া আৰু মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰৰ উপদেষ্টা সুনীল ডেকাই।এই উপলক্ষে জিলা পথ সুৰক্ষা সমিতিৰ সদস্য সচিব আৰু কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া ( পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ ) কাৰ্যালয়ৰ দায়িত্ববাহী সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে আঁত ধৰা চমু অনুষ্ঠানত মনোজ শইকীয়া আৰু সুনীল ডেকাই দুচকীয়া বাহনৰ চালক – আৰোহী উভয়ে হেলমেট পৰিধান কৰা বিষয়টোত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দুৰ্ঘটনামুক্ত এখন অসমৰ যি সপোন দেখিছে তাক বাস্তৱায়িত কৰিবলৈ হলে পৰিবহণ বিভাগ কিম্বা আৰক্ষীয়েই নহয় , চালক , ৰাইজ , যাত্ৰী , পথ ব্যৱহাৰকাৰী সকলোৱে আগবাঢ়ি আহিব লাগিব বুলি ব্যক্ত কৰে । অনুষ্ঠানত প্ৰাক্তন ছাত্ৰনেতা সীমান্ত ঠাকুৰীয়া , দুচকীয়া বাহন নিৰ্মাতা প্ৰতিষ্ঠান ইয়ামাহা কোম্পানীৰ কাৰ্যবাহী জেৰী জাম , উপ আৰক্ষী অধীক্ষক পিনাকী মিত্ৰ , কামৰূপ মহানগৰ জিলাৰ আঞ্চলিক পৰিবহণ প্ৰাধিকৰণৰ সচিব ৰফিকুল ইছলাম , যান বাহন পৰিদৰ্শক জয়ছিং ৰংফাৰ , প্ৰৱৰ্তক পৰিদৰ্শক গজেন হাজৰিকাকে ধৰি পৰিবহণ বিভাগৰ কেবাজনো কৰ্মচাৰী , উদ্যোক্তা সংগঠন দুটাৰ কেবাগৰাকী কৰ্মকর্তা উপস্থিত থাকে । আনহাতে সীমান্ত ঠাকুৰীয়াৰ নেতৃত্বত উলিওৱা ৰেলীত মুঠ ৩০ খন মটৰ চাইকেলে ভাগ লয় । চানমাৰীৰ পৰা ৰেলীটোৱে গুৱাহাটী ক্লাব , উলুবাৰী হৈ জি এছ ৰোডৰে খানাপাৰা হৈ সোণাপুৰলৈ যায় । জিলা পথ সুৰক্ষা সমিতিৰ সদস্য সচিব গৌতম দাসে জানিবলৈ দিয়া মতে ৰেলীৰ মূল উদ্দেশ্য আছিল ৰাইজৰ মাজত হেলমেট পৰিধান কৰাৰ সজাগতাৰ সৃষ্টি কৰাৰ লগতে যান বাহন আইন মানি নিয়ন্ত্ৰিত গতিবেগত বাহন চলায় কিদৰে দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰা হাত সাৰি থাকিব পাৰি ।