অ’এন জি চি ৰ চুপাৰ ৩০ ৰ ঈৰ্ষণীয় সফলতা

অ’এনজিচি চুপাৰ ৩০ ৰ উত্তৰ পূৰ্বাঞ্চলৰ পোন্ধৰ গৰাকী প্ৰশিক্ষাৰ্থীয়ে এইবাৰ দেশৰ আগশাৰীৰ অভিযান্ত্ৰিক শিক্ষানুষ্ঠানত নাম ভৰ্ত্তি কৰাৰ সুযোগ লাভ কৰিছে ৷ জেইই ২১ ৰ ফলাফলত চুপাৰ ৩০ য়ে ঈৰ্ষণীয় সফলতা অৰ্জন কৰা শিক্ষাৰ্থীসকলক আজি শিৱসাগৰত তেল আৰু প্ৰাকৃতিক গেছ নিগম অসম সম্পদে অভিনন্দন জ্ঞাপন কৰে ৷ শিৱসাগৰ তেল গেছ নিগমৰ অফিচাৰ্চ ক্লাৱত আয়োজিত এক অনুষ্ঠানত এইবাৰ আই আই টিৰ দৰে উচ্চমানৰ শিক্ষানুষ্ঠানত নাম ভৰ্তি কৰিবলৈ সুযোগ লাভ কৰা শিক্ষাৰ্থীসকলক এখন ফুলাম গামোচা আৰু কিতাপৰ টোপোলাৰে অভিনন্দন জনোৱা হয়।লক্ষণীয়ভাৱে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ অত্যন্ত দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীয়ে অ’এনজিচিৰ চুপাৰ ৩০ ৰ দ্বাৰা আই আই টিৰ দৰে উচ্চমানৰ শিক্ষানুষ্ঠানত নাম ভৰ্তি কৰিবলৈ সুযোগ লাভ কৰিছে। এইবাৰ জেইই-২০২১ত চিৰাগ আগৰৱালা নামৰ শিক্ষাৰ্থী গৰাকীয়ে সফলতা লাভৰ উপৰিও অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ দ্বাৰা পৰিচালিত ৰাজ্যিক পৰ্যায়ৰ অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় ৷ আজি অভিনন্দন গ্ৰহণ কৰি কয় যে অ’এনজিচিৰ চুপাৰ ৩০ ৰ অবিহনে কোনো খৰচ নকৰাকৈ অসাধাৰণ মানদণ্ডৰ কোচিং লাভ কৰা আই আই টিত প্ৰৱেশ কৰাৰ সপোন বাস্তৱায়িত নহলহেতেন বুলি ব্যক্ত কৰে । নিগমৰ বিষয়া অমৰদ্বীপ সিংয়ে আত ধৰা আৰু ঘনশ্যামে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকি জিলা উপায়ুক্ত মেঘা নিধি দাহালে কয় যে, শিক্ষাই জীৱনৰ মানদণ্ড পৰিৱৰ্তন কৰে। প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে নিজৰ কেৰিয়াৰ গঢাৰ সমান্তৰাকৈ সামাজিকভাৱে দায়বদ্ধতাৰ পৰিচয় দিব লাগিব বুলি ব্যক্ত কৰে। উল্লেখ্য যে অ’এনজিচি চুপাৰ ৩০ৰ সপ্তম দলৰ পোন্ধৰজন শিক্ষাৰ্থীয়ে জেইই-২০২১ৰ প্ৰৱেশ-পৰীক্ষাত সফলতা অৰ্জন কৰা শিক্ষাৰ্থীসকলৰ ভিতৰত ১২ জন শিক্ষাৰ্থী অসমৰ আৰু ৩জন মণিপুৰৰ। ২০২০ চনৰ পৰা চুপাৰ ৩০ৰ কোচিংৰ সুবিধা উত্তৰ-পূবৰ সকলো শিক্ষাৰ্থীলৈ সম্প্ৰসাৰিত কৰা হৈছে বুলি নিগম কতৃপক্ষই জানিবলৈ দিয়াৰ লগতে কোভিড-১৯ মহামাৰীৰ সময়ত কোচিংত আহি পৰা প্ৰত্যাহ্বান হেতুকে শিক্ষাৰ্থীসকলক অনলাইন শ্ৰেণীৰ জৰিয়তে শিক্ষা গ্ৰহণৰ বাবে উন্নত সুবিধা থকা টেবলেট দিয়াৰো ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰে। ইফালে পূৰ্বৰ আসন আৱণ্টনৰ ধাৰা অনুসৰি, সফলতা লাভ কৰা এই শিক্ষাৰ্থীসকলে আইআইটি, এনআইটি আৰু দেশৰ অন্যান্য অগ্ৰণী অভিযান্ত্ৰিক মহাবিদ্যালয়ত স্থান লাভ কৰাতো নিশ্চিত বুলি জানিব পৰা গৈছে। আজিৰ এই অনুষ্ঠানত কৃতি ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনাই অসম সম্পদৰ কাৰ্য্যবাহী সঞ্চালক-সম্পদ প্ৰৱন্ধক আৰ.কে শৰ্মাই উল্লেখ কৰে যে অ’এনজিচিৰ চুপাৰ ৩০ৰ ১৫ জন শিক্ষাৰ্থীয়ে দেশৰ প্ৰধান শৈক্ষিক প্ৰতিষ্ঠানসমূহত নামভৰ্তিৰ এই দৃষ্টান্তই উত্তৰ-পূবৰ যুৱ মনৰ শৈক্ষিক প্ৰতিভাকে প্ৰদৰ্শন কৰিছে আৰু যোগ্যতাসম্পন্ন এই উজ্জ্বল প্ৰতিভাসমূহক কৰা সহযোগ-সমৰ্থনে আমাক এক অবিশ্বাস্য ফলাফল লাভত সহায় কৰিব বুলি মত ব্যক্ত কৰে। আন এক প্ৰসংগত তেও উল্লেখ কৰে যে,এই প্ৰকল্পৰ প্ৰথমটো দলৰ (২০১৪) কেইবাজনো শিক্ষাৰ্থীয়ে অগ্ৰণী শিক্ষানুষ্ঠানসমূহৰ পৰা অভিযান্ত্ৰিক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত এতিয়া এল এণ্ড টি, ষ্টাৰ চিমেণ্ট, উইপ্ৰো, বাৰ্কহাৰ্ডত, ভাৰতীয় সেনা, ভায়োলেট আইএনকে, মেডিটেৰেনিয়ান শ্বিপিং কোম্পানী আদিত বৰ্তমান কৰ্মৰত৷ এই প্ৰকল্প আৰম্ভ হোৱাৰ আগতে জেইই পৰীক্ষাত সফলতা লাভৰ বাবে শিৱসাগৰ জিলাত উচ্চাকাংক্ষী যুৱ শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দিয়াৰ বাবে কোনো প্ৰশিক্ষণ প্ৰতিষ্ঠান নাছিল।কিন্তু এতিয়া, অ’এনজিচিৰ চুপাৰ ৩০ৰ দ্বাৰা যুৱ শিক্ষাৰ্থীসকলৰ এই সপোন বাস্তৱ কৰা সম্ভৱপৰ হৈ উঠিছে৷ এই প্ৰকল্পটো সম্পূৰ্ণভাৱে অ’এনজিচিৰ চিএছআৰ উদ্যোগৰ সমৰ্থনত সামাজিক দায়বদ্ধতা আৰু নেতৃত্ব কেন্দ্ৰ (চিএছআৰএল)ৰ দ্বাৰা পৰিচালিত৷ প্ৰতি বছৰে জেএনভি আৰু চৰকাৰী বিদ্যালয়ৰ প্ৰায় ১,০০০ৰো অধিক সামাজিকভাৱে বঞ্চিতবৰ্গৰ শিক্ষাৰ্থী এই প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হয়। তেওঁলোকৰ ভিতৰত, কেৱল ত্ৰিশজনক বিনামূলীয়া থকা-খোৱাৰ সুবিধা সহ এঘাৰ মাহৰ এক ঐকান্তিক প্ৰশিক্ষণৰ বাবে বাছনি কৰা হয়৷ কোচিংৰ কালছোৱাত অভিজ্ঞ শিক্ষকৰ দ্বাৰা শ্ৰেণীকোঠাৰ শিক্ষাদানৰ উপৰিও নিয়মিত তথা অভিপ্ৰেত পৰীক্ষাৰ লগতে শিক্ষাৰ্থীসকলৰ ফলাফলৰ এক বিশদ বিশ্লেষণৰো ব্যৱস্থা কৰা হয়৷ অ’এনজিচিয়ে আৰম্ভণিৰ পৰাই এই প্ৰকল্পটোত ৫.২২ কোটি টকা ব্যয় কৰিছে আৰু ১৫৮ জন শিক্ষাৰ্থীক ভাৰতৰ সন্মানীয় অভিযান্ত্ৰিক মহাবিদ্যালয়ত নামভৰ্তি কৰাত সহায় কৰিছে। সঠিকভাৱে ক’বলৈ হলে, এই প্ৰকল্পটোৰ জৰিয়তে এতিয়ালৈকে ৩৪ জন শিক্ষাৰ্থীয়ে আইআইটিত নামভৰ্তি কৰিবলৈ সক্ষম হৈছে৷ ৰাজহুৱা খণ্ডৰ এক মহাৰত্ন প্ৰতিষ্ঠান অ’এনজিচিয়ে চিএছআৰ উদ্যোগৰ অধীনত যোৱা ছয় বছৰত অসমত ৪৪১ কোটি টকা ব্যয় কৰিছে বুলি ব্যক্ত কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি দিল্লীৰ নিগমৰ বিষয়া মীনাক্ষী চাহীয়ে আৰ্থিক দৈনত্যা কেতিয়াও শিক্ষাৰ হেঙাৰ হব নোৱাৰে বুলি ব্যক্ত কৰে। অভিনন্দন অনুষ্ঠানত নিগমৰ বিষয়া ক্ৰমে সব্যসাচী কাশ্যপ আৰু পোনাৰাম মিলিয়ে চুপাৰ ৩০ সম্পৰ্কত আলোকপাত কৰে। অনুষ্ঠানতেই কৃতি শিক্ষাৰ্থী চুফিয়া লুংগদু,মৃদুপৱন বায়ন,ৰিমি হাজৰিকা আৰু প্ৰশিক্ষক জয়শংকৰ ৰায়ে নিজৰ অভিমত ব্যক্ত কৰে। অনুষ্ঠানত নিগমৰ ভালে সংখ্যক উচ্চ পৰ্যায়ৰ বিষয়াৰ লগতে অভিভাৱকসকল উপস্থিত আছিল।

Share on whatsapp
WhatsApp
Share on facebook
Facebook
Share on twitter
Twitter
Share on email
Email

বঙৰাত ঐতিহাসিক কৃষক বিদ্ৰোহৰ এবছৰ পূৰ্তি উপলক্ষে কৃষক সভা অনুষ্ঠিত

সংগ্ৰামী কৃষক শ্ৰমিক সংঘৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত ঐতিহাসিক কৃষক বিদ্ৰোহৰ এবছৰ পূৰ্তি উপলক্ষে আজি বঙৰাৰ পাছনীয়াপাৰাত এক বিশাল কৃষক সভা অনুষ্ঠিত হয় । সংগ্ৰামী কৃষক শ্ৰমিক সংঘৰ সম্পাদক দীনেশ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত কৃষকসকলে হাতে হাতে প্লে’কাৰ্ড লৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৰোধ কৰক, ভূমিহীনক ভূমিৰ অধিকাৰ প্ৰদান কৰক, ১২ ঘণ্টীয়া শ্ৰমিক আইন বাতিল কৰক, কৃষিভূমি কোম্পানীক গতোৱা নীতি বন্ধ কৰক আদি শ্লো’গানেৰ আকাশ-বতাহ মুখৰিত কৰি তোলে। কাৰ্যসূচী অনুসৰি ৰাতিপুৱা পতাকা উত্তোলণ, কৃষক শ্বহীদ স্মৰণ, সাংগঠনিক সভাৰ অন্তত স্থানীয় শিশু শিল্পী সকলে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি গীতেৰে মুকলি সভাৰ উদ্ধোধন কৰে । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সংগ্ৰামী কৃষক সংঘৰ নেতা জেহেৰুল ইছলামে । সভাত সংগ্ৰামী কৃষক শ্ৰমিক সংঘৰ সাধাৰণ সম্পাদক দীনেশ দাসে ভাষণ প্ৰসঙ্গত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি আইন তিনিখন বাতিলৰ কথা ঘোষণা কৰে যদিও আজিলৈ কাৰ্যকৰী কৰা নাই । গতিকে আইন তিনিখন বাতিল কাৰ্যকৰী নকৰালৈকে দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৫০০ৰো অধিক কৃষক সংগঠনে ঐক্যবদ্ধহৈ দিল্লীত আন্দোলন অব্যাহত ৰাখিছে । আজি এই ঐতিহাসিক বৰ্ষ পূৰ্তি উপলক্ষে অনুষ্ঠিত কৃষক সভাতে কামৰূপ জিলা সমিতিৰ সংগ্ৰামী কৃষক-শ্ৰমিক সংঘই কৃষি আইন বাতিল কাৰ্যকৰী নকৰালৈকে কৃষক সংগ্ৰাম অব্যাহত থাকিব বুলি সংকল্পবদ্ধ হয় । আজিৰ সভাত সংগ্ৰামী কৃষক শ্ৰমিক সংঘৰ ভাৰপ্ৰাপ্ত সভাপতি দেৱজিৎ চৌধুৰী আৰু সাধাৰণ সম্পাদক দীনেশ দাসৰ লগতে নিখিল ভাৰত কৃষক পৰিষদৰ সাধাৰণ সম্পাদক জয়ন্ত গগৈ,সংগ্ৰামী কৃষক শ্ৰমিক সংঘৰ যুৱ নেত্ৰী বিদিশা বৰ্মন, বিশিষ্ঠ সাহিত্যিক ময়না গোস্বামী,কৃষক শ্ৰমিক সংঘৰ নেতা প্ৰণৱ দলৈ, স্থানীয় কৃষক আজাদ আলী, স্থানীয় নেত্ৰী মৰ্জিনা বেগম আৰু কামৰূপ জিলাৰ কৃষক শ্ৰমিক সংঘৰ সক্ৰিয় সদস্য নিজামুদ্দিন আহমেদ উপস্থিত থাকি অঞ্চলটোৰ খাটিখোৱা শ্ৰমিকৰ উপৰিও গৰাখহনীৰ সমস্যাৰ ওপৰত ভাষণ প্ৰদান কৰে।

ঢকুৱাখনা জিলা প্ৰাথমিক সন্মিলনীৰ দশম দ্বিবাৰ্ষিক অধিবেশন সম্পন্ন

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী কেৱল শিক্ষকৰ প্ৰাপ্য আদায়ৰ বাবে সংগ্ৰাম কৰি অহা এটা শিক্ষক সংগঠন নহয়।  শিক্ষক সন্মিলনীয়ে  প্ৰাপ্যৰ বাবে যথেষ্ট  যুঁজ কৰি অহাৰ সমান্তৰাল ভাৱে শিক্ষক সমাজৰ দায়িত্ব আৰু মৰ্যাদাৰ লগতে সামাজিক দায়বদ্ধতাৰ হকেও  কাম কৰে । ৰাজ্যখনত আজিও মধ্যাহ্ন ভোজনৰ এটা চাউল , এটা পইচা ,এটা ইউনিফৰ্ম নোপোৱাকৈ প্ৰতিখন প্ৰাথমিক বিদ্যালয়ত ক শ্ৰেণী সংযুক্ত কৰি লক্ষ্য লক্ষ্য শিক্ষাৰ্থীক শিক্ষাদান কৰি আহিছে।  প্ৰাথমিক স্তৰত এই ক শ্ৰেণী সংযুক্ত কৰা কাম সন্মিলনীয়ে সম্পন্ন কৰিছে। এয়া সন্মিলনীৰ সামাজিক দায়বদ্ধতাৰ নিদৰ্শন।

কিন্তু ইমানৰ পাছতো কিয় চৰকাৰী পৃষ্ঠপোষকতাৰ বিদ্যালয়লৈ নাহে শিক্ষাৰ্থী । বিদ্যালয় একত্রিতকৰণনেৰে  বহু বহু পুৰণি শিক্ষানুষ্ঠান চিৰ দিনলৈ বন্ধ হৈ পৰিছে। এটা গৱেষণাত উন্মোচিত হৈছে ভাৰতবৰ্ষৰ লগতে ৰাজ্যখনৰ এগৰাকী শিক্ষকে  দিনটোৰ কৰ্মসময়ৰ পাঠদানৰ বাবে মাত্ৰ ১৯’১শতাংশ সময় পায়।বাকী ৪২’৬ শতাংশ সময় ব্যয় কৰিব লাগে নিয়োজিত  অন্যান্য চৰকাৰী কামত। ৩৮’৮ শতাংশ সময় ব্যয় কৰিব লাগে বিদ্যালয়ৰ অন্যান্য কামত  আৰু ৬’৫ শতাংশ সময় ব্যয় কৰিব লাগে বিভাগীয় কামত। শিক্ষকতা কৰাৰ নামত  দিনটোৰ বেছি ভাগ সময় অশিক্ষণীয় চৰকাৰী কামত শিক্ষক সমাজক ব্যৱহাৰ কৰিবলৈ বাধ্য কৰিছে চৰকাৰে বা শিক্ষা বিভাগৰ উচ্চ পদস্থ আমোলা বিষয়া সকলে। তাৰমানে ৰাজ্যখনৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাতো ক্ৰমাগত ভাবে অধঃপতিত কৰাৰ বাবে চৰকাৰী পৃষ্ঠপোষকতাতে বহু দিনৰ পৰাই এক চক্ৰান্ত চলি আহিছে।  শুক্ৰবাৰে ঢকুৱাখনা জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ  দশম দ্বি বাৰ্ষিক অধিবেশনৰ  মুকলি সভাত নিৰ্দ্দিষ্ট বক্তা  হিচাপে উপস্থিত হৈ এই মন্তব্য কৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল গোস্বামীয়ে। জিলা সন্মিলনৰ সভাপতি পৰমা কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ শুভ উদ্ধোধন কৰে ঢকুৱাখনা মহকুমাৰ বিদ্যালয় সমূহৰ উপ পৰিদর্শক চুমী  শইকীয়াই । গাম্ভীৰ্যপূৰ্ণ অধিবেশনৰ মুকলি সভাত বিশিষ্ট অতিথি হিচাবে অংশ গ্ৰহণ কৰি  ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ প্ৰদীপ বৰাই
এখন নিকা পৰিশুদ্ধ শৈক্ষিক সমাজ গঠনত শিক্ষাগুৰু সকলৰ  বৰেণ্য ভূমিকা থাকে বুলি কৈ  এগৰাকী শিক্ষকৰ উপৰিও এগৰাকী অভিভাৱক হিচাপে প্ৰাথমিক বিদ্যালয়ৰ  শিক্ষাগুৰু সকলে  উৎকৃষ্ট মানৱ সম্পদ গঢ়াত যি  নিৰন্তৰ অৱদান আগবঢ়াই যায় সেয়া  অতুলনীয় বুলি কয়। ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত মুকলি সভাত ঢকুৱাখনা শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক বিষয়া গুনীন দত্তই বক্তব্য ৰাখি অসমৰ সৰ্ববৃহৎ শিক্ষক সংস্থা শিক্ষক সন্মিলনীৰ দৰে শিক্ষক সংগঠনৰ প্ৰয়োজনীয়তা আছে বুলি কৈ  শিক্ষকৰ প্ৰাপ্য অধিকাৰ সাব্যস্ত কৰিবলৈ সন্মিলনীৰ কৰণীয় অধিক বুলি কয়। দত্তই  শিক্ষক সকলে চাকৰি বুলি নকৰি শিক্ষকতা কৰাৰ আহ্বান জনায় শিক্ষকতাৰ নামৰ পবিত্ৰ বৃত্তিৰ বহু সময়ত  স্খলন ঘটা বুলি অভিযোগ তুলি শিক্ষকৰ কৰ্তব্য দায়িত্ব সঠিক ভাবে পালনেৰে গঞা শিক্ষাৰ্থী সকলক উৎকৃষ্ট মানৱ সম্পদ গঢ়াত মনোযোগ দিয়াৰ আহ্বান জনাই। সন্মিলনীৰ উত্তৰ মণ্ডলৰ সমন্বয়ক দীপাংকৰ কোঁৱৰ , সন্মিলনীৰ প্ৰাক্তন  সভাপতি হেম বৰুৱা ,ৰাজ্যিক উপ সভানেত্রী  ৰুণুমী গোঁহাই আৰু সন্মিলনীৰ অন্তৰ্গত ৫ শতাধিক শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থকা মুকলি  সভাত  বিশিষ্ট অতিথি হিচাবে বিশিষ্ট গৱেষক শিক্ষাবিদ ডঃ কেশৱ হাজৰিকাই  মননশীল আৰু তত্বগধূৰ বক্তব্যৰে শিক্ষক সমাজক উপকৃত  কৰে।  অধিৱেশনৰ অন্তিম দিনা সন্ধিয়া অনুষ্ঠিত প্ৰতিনিধি সভাই পৰমা কোঁৱৰক সভাপতি , প্ৰণৱ কুমাৰ শইকীয়া , ইন্দ্ৰ নাথ গগৈক  উপ সভাপতি, লক্ষীমাই  হাজৰিকাক সম্পাদক ,মোহিনী চাংমাইক কোষাধক্ষ্য , ফণী বৰা , গৌৰাংগ  মহন্ত , মনোজ দলেক সহকাৰী সম্পাদক ,ৰেবত গগৈক কাৰ্য্যালয় সম্পাদক  হিচাবে লৈ নতুন পূৰ্ণাংগ জিলা সমিতিখন গঠন কৰা হয় কেন্দ্ৰীয় পৰ্যবেক্ষকৰ  উপস্থিতিত।

বাতৰি যুগুতালে অমৃত পৱন বৰাই।

শিৱসাগৰত জিলা উন্নয়ন আয়ুক্তৰ অধ্যক্ষতাত নেহৰু যুৱ কেন্দ্ৰৰ যুৱ কাৰ্যসূচীৰ জিলা উপদেষ্টা সমিতিৰ বৈঠক অনুষ্ঠিত

শিৱসাগৰ জিলাৰ জিলা উন্নয়ন আয়ুক্ত এছ গোৱালাৰ অধ্যক্ষতাত কালি উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত নেহৰু যুৱ কেন্দ্ৰৰ যুৱ কাৰ্যসূচীৰ জিলা উপদেষ্টা সমিতিৰ বৈঠক অনুষ্ঠিত হয়।বৈঠকত নেহৰু যুৱ কেন্দ্ৰ, শিৱসাগৰৰ ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে প্ৰস্তুত কৰা বাৰ্ষিক কাৰ্য্য পৰিকল্পনাৰ খচৰা খনৰ ওপৰত বিস্তৃত ভাৱে আলোচনা কৰা হয়। এই বাৰ্ষিক কাৰ্য্য পৰিকল্পনাৰ ভিতৰত বিভিন্ন কাৰ্যসূচী যেনে- “আত্মনিৰ্ভৰশীল ভাৰত” বিষয়ক প্ৰচাৰ পত্ৰিকা  ছপাকৰণ ,যুৱ সচেতনতা, বৃত্তিমূলক তথা কৌশলগত প্ৰশিক্ষণ আৰু ক্রীড়া বিষয়ক কাৰ্যসূচী, ক’ভিড-১৯ ৰোগ সম্পৰ্কীয় সচেতনতা কাৰ্যসূচী, দুৰ্যোগ ব্যৱস্থাপনা বিষয়ক সচেতনতা কাৰ্যসূচী, কলা-সংস্কৃতি বিষয়ক কাৰ্যসূচী আৰু স্বচ্ছতা বিষয়ক প্ৰশিক্ষণ ইত্যাদি সামৰি লোৱা হৈছে।

জিলা উন্নয়ন আয়ুক্ত গৰাকীয়ে নেহৰু যুৱ কেন্দ্ৰৰ বিষয়-ববীয়া সকলক এই কাৰ্যসূচীসমূহ ৰূপায়ণৰ সময়ত জিলাখনৰ চৰকাৰী বিভাগ সমূহৰ লগত সমন্বয় বজাই ৰখাৰ পৰামৰ্শ প্ৰদান কৰে। তেওঁ নেহৰু যুৱ কেন্দ্ৰৰ কাৰ্যসূচী সমূহক জিলাখনৰ যুৱ প্ৰজন্মৰ মাজত ব্যাপক পৰিসৰত জনপ্ৰিয় কৰি তোলাৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ কয়। তেওঁ সংশ্লিষ্ট বিভাগৰ বিষয়া সকলক সামাজিক দায়বদ্ধতা অনুধাৱন কৰি নেহৰু যুৱ কেন্দ্ৰৰ কাৰ্যসূচী সমূহত মনোনিবেশ কৰিবলৈ অহ্বান জনায়।বিস্তৃত আলোচনাৰ অন্তত বৈঠকখনত নেহৰু যুৱ কেন্দ্ৰৰ ২০২১-২২ বিত্তীয় বৰ্ষৰ বাৰ্ষিক কাৰ্য্য পৰিকল্পনাক অনুমোদন জনোৱা হয়।

সভাত জিলাখনত কেন্দ্ৰীয় চৰকাৰৰ জলশক্তি মন্ত্ৰণালয়ৰ উদ্যোগত তথা নেহৰু যুৱ কেন্দ্ৰৰ সহযোগত বৰষুণৰ পানীৰ সংৰক্ষণৰ ওপৰত সজাগতা বৃদ্ধিৰ বাবে ৰূপায়িত “কেচ্ দি ৰেইন” কাৰ্যসূচীৰ দ্বিতীয় পৰ্য্যায়ৰ শুভাৰম্ভ কৰা হয়।

উল্লেখযোগ্য যে, শিৱসাগৰ জিলাত ১৯৯২ চনত নেহৰু যুৱ কেন্দ্ৰৰ শাখা প্ৰতিষ্ঠিত কৰা হয় আৰু বৰ্তমানলৈকে জিলাখনৰ ৬০০ -তকৈ অধিক যুৱসংঘ আৰু মহিলা মণ্ডল এই কেন্দ্ৰৰ সৈতে জড়িত হৈ আছে।সভাত জিলা পৰিষদৰ উপ- মুখ্য কাৰ্যবাহী বিষয়া টি জে ৰবাৰ্ট, নেহৰু যুৱ কেন্দ্ৰৰ জিলা যুৱ বিষয়া পাপাই দাসৰ লগতে বিভিন্ন সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে।
বাতৰি যুগুতালে দিলিস্তান খানে

ৰঙিয়াত সামাজিক -সাংস্কৃতিক সংগঠন সংগীতৰ চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান সম্পন্নঃহেমন্তৰ সন্ধিয়া সংগীতৰ গীত আৰু কবিতাৰে জীপাল হ`ল উদযাপন স্থলী

ৰঙিয়াৰ অন্যতম সামাজিক তথা সাংস্কৃতিক সংগঠন সংগীতৰ চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান বৃহস্পতিবাৰে সন্ধিয়া স্থানীয় ৰাইজমেল কৃষক ছহিদ ভবন প্ৰেক্ষাগৃহত সফলতাৰে অনুষ্ঠিত হৈ যায় ।তদুপলক্ষে আয়োজন কৰা হয় “হেমন্তৰ সন্ধিয়া সংগীতৰ গীত আৰু কবিতা”শীৰ্ষক অনুষ্ঠান ।সংগঠনটোৰ উপ সভাপতি জয়ন্ত কুমাৰ শৰ্মাই সঞ্চালনা কৰা অনুষ্ঠান টোৰ প্ৰাৰম্ভিকতে প্ৰয়াত কবি সনন্ত তাতিৰ স্মৃতিত মৌন প্ৰাৰ্থনাৰে শ্ৰদ্ধা জ্ঞাপন কৰা হয়।
সম্পাদক পংকজ পল্লৱ শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত কবি নুৰুল আমিন,উজ্বল ডেকা,প্ৰাঞ্জল শৰ্মা, সনত মহন্ত,বৰ্ণালী ডেকা,লভিতা মেধী,মুনীন শৰ্মা, তীৰ্থমনি ডেকা,আৰিফুৰ ৰহমান ,হেমন্ত কুমাৰ কলিতা, প্ৰদীপ কলিতা ,ভাস্কৰ কলিতা আৰু বীনা বৰুৱা প্ৰমূখ্যে কবি সকলে স্বৰচিত কবিতা পাঠেৰে অনুষ্ঠানটি জীপাল কৰি তোলে ।আনহাতে কবিতা পাঠৰ মাজে মাজে শিল্পী মহেশ্বৰ কলিতা,সাধন শৰ্মা, বিপুল তালুকদাৰ,বিমলা শৰ্মাৰ লগতে শিশু শিল্পী প্ৰান্তিক নাথৰ কণ্ঠত পৰিৱেশন কৰা সংগীতানুষ্ঠানে অন্য এক মাত্ৰা প্ৰদান কৰে ।কৌতুক অভিনেতা দ্বয় হৰিশ তালুকদাৰ ,যাদৱ কুমাৰ কলিতাৰ কৌতুক ৰ অনুষ্ঠানে ৰসাল কৰি তোলে ।পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ সম্পাদক প্ৰদীপ কুমাৰ বৰ্মণে আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰা অনুষ্ঠানটিৰ সামৰণিত সংগীত গ্ৰুপ অফ ক্ৰিয়েচনৰ বেনাৰত নিৰ্মাণ কৰা ৱেব চিৰিজ মেঘে ঢকা আকাশৰ তৃতীয় খণ্ডটিৰ শুভমুক্তি দিয়া হয় ।খণ্ডটিৰ আনুষ্ঠানিক ভাবে উন্মোচন কৰে অৱসৰ প্ৰাপ্ত অধ্যাপক পবিন কলিতা আৰু বিশিষ্ট সমাজকৰ্মী পবিত্ৰ কুমাৰ কলিতাই ।ইয়াৰ পূৰ্বে পুৱাৰ ভাগত গছপুলি ৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিশিষ্ট ফটোগ্ৰাফাৰ পংকজ প্ৰকাশে।
বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

মহিলাক ন্যায় প্ৰদান কৰিবলৈ মহিলা আয়োগ সদায় দায়বদ্ধ

অসম ৰাজ্যিক মহিলা আয়োগে মহিলা ন্যায় আৰু অধিকাৰৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছে।অলপতে অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত অধিষ্ঠিত হোৱা হেমপ্ৰভা বৰঠাকুৰে এই সম্পৰ্কত কয় যে নিৰ্যাতিত মহিলাক ন্যায় প্ৰদান কৰা আৰু মহিলা আয়োগক নতুন গতি দিয়াৰ বাবে আমি সদায় দায়বদ্ধ। ইতিমধ্যে কাৰ্যকাল লাভ কৰা পিছৰে পৰা হেমপ্ৰভা বৰঠাকুৰে মহিলা থানা পৰিদৰ্শন কৰি গোচৰ নিষ্পত্তি পাব লগা বিষয় সম্পৰ্কত আলোচনাত মিলিত হয়।

আনহাতে প্ৰতিখন জিলাৰ জিলা উপায়ুক্ত আৰু থানাৰ OC লগত সম্পর্ক গঢ়ি তুলি মহিলা আয়োগক ন দিশেৰে গতি দিয়া কথা জানিবলৈ দিয়ে। বৰঠাকুৰে কয় যে লিংগ বৈষমতাৰ বাবে মহিলা নিৰ্যাতনৰ বিষয়টো বিশেষকৈ গা কৰি উঠা দেখা যায়।কোন অভিভাৱকে এগৰাকী ছোৱালীক যিদৰে নীতি শিক্ষা প্ৰদান কৰে ঠিক সেইদৰে এজন ল’ৰা ক্ষেত্ৰতটো একে নীতি শিক্ষা প্ৰদান কৰাটো উচিত ।আনহাতে জনাই যে কোনো নিৰ্যাতিত মহিলাই উপযুক্ত অৰ্থৰ অভাৱত গোচৰৰ বাবে যুঁজ দিবলৈ অপাৰগত হ’লেও বিনামূলীয়া ভাৱে মহিলা অধিবক্তা যোগান ধৰি তেওঁলোকৰ গোচৰ নিষ্পত্তি কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে।জানিব পৰা মতে প্ৰথম পৰ্যায়ত চাহ বাগান অঞ্চলৰ মহিলা তথা উঠি অহা প্ৰজন্মক জনসজাগতামূলক কাৰ্যসূচী জৰিয়তে সামৰি লোৱা পৰিকল্পনা আছে বুলি তেখেতে মন্তব্য কৰে।

কামৰূপ কৃষি বিজ্ঞান কেন্দ্রত সংবিধান দিৱস উদযাপন

অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত কাঁহিকুছিৰ কামৰূপ কৃষি বিজ্ঞান কেন্দ্রৰ উদ্যোগত আজি সংবিধান দিৱস উদযাপন কৰা হয়। সংবিধান দিৱসটিৰ আঁত ধৰে উদ্যান শস্য বিশেষজ্ঞা ড০ দৰদী প্ৰিয়ম দুৱৰাই ।এই দিৱসত আই. চি. এ. আৰ. আটাৰীৰ সঞ্চালক ড° অনিল এিপাঠী,অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা বিভাগৰ সঞ্চালক ড০ প্ৰসন্ন কুমাৰ পাঠক,চি.বি.বি. অ. ৰ মূখ্য বিষয়া ড° প্রমোদ ডেকা, উদ্যান শস্য গৱেষণা কেন্দ্রৰ প্রধান বিজ্ঞানী ড° জয়ন্ত শৰ্মা,কামৰূপ কৃষি বিজ্ঞান কেন্দ্রৰ মুৰব্বী ড° ধীৰেন কলিতা,বিশেষজ্ঞা ড° মধুসমিতা কটকী, পৰাগ শইকীয়া, কৰ্মচাৰীৰ উপস্থিতিত কৃষি বিজ্ঞান কেন্দ্রৰ প্রাণজল ঠাকুৰীয়াই ভাৰতীয় সংবিধানৰ প্রস্তাবনা পাঠ কৰায় আৰু লগতে অসমৰ বিভিন্ন জিলাৰ পৰা অহা কৃষক উৎপাদক কোম্পানীৰ সদস্যসকলেও সহপাঠ কৰে।
বাতৰি যুগুতালে জিতুমণি দাসে