অগপৰ পশ্চিম গুৱাহাটী আই টি চেলৰ এখন গুৰুত্বপূৰ্ণ সভা আজি লংকেশ্বৰস্থিত অসম শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয় চৌহদত অনুষ্ঠিত হয়। আই টি চেলৰ সম্পাদক হৃষীকেশ শৰ্মাই আঁত ধৰা সভাখনত অগপৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক সুভাস শৰ্মা , অগপ ৰ পশ্চিম গুৱাহাটী সমষ্টি সমিতিৰ সাধাৰণ সম্পাদক তথা ৰাণী ভোলাগাও জিলা পৰিষদৰ প্ৰাক্তন সদস্য ৰবীন দৈমাৰী , সহকাৰী সম্পাদক ৰুবুল বৈশ্য , অসম মহিলা পৰিষদৰ কেন্দ্ৰীয় উপ সভানেত্ৰী গীতাঞ্জলি কাকতি ,অসম যুৱ পৰিষদৰ কামৰূপ জিলা সমিতিৰ সম্পাদক প্ৰণৱ দাস , অগপ ৰ এক নম্বৰ ৱাৰ্ড সমিতিৰ সাধাৰণ সম্পাদক ৰঞ্জন পাটোৱাৰী , দক্ষিন ভোলাগাও আঞ্চলিক সমিতিৰ নেতা চবিন চন্দ্ৰ নাথ , ৰাণী আঞ্চলিক সমিতিৰ নেতা শংকৰ দাস , ৰঞ্জিত দাস , অনুপম শৰ্মাকে ধৰি কেইবাজনো নেতা আৰু সমষ্টিটোৰ ৮ টা ৱাৰ্ড সমিতি আৰু ৮ খন আঞ্চলিক সমিতিৰ প্ৰায় ৬০ জন মান প্ৰতিনিধি উপস্থিত থাকে । সভাত দলৰ সাংগঠনিক শক্তি বৃদ্ধি আৰু কামকাজত আই টি চেলৰ ভূমিকাৰ ওপৰত বিশদ আলোচনা কৰা হয় ।

পথৰুঘাটৰ ৰণক সুঁৱৰি শ্বহীদ দিৱস পালন
আজি ২৮ জানুৱাৰী । ১৮৯৮ চনৰ আজি দিনটোতে ব্ৰিটিছৰ অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ইংৰাজৰ গুলিত মৃত্যুবৰণ কৰিছিল ১১৪ গৰাকী শ্বহীদে।এই কৃষক শ্বহীদ সকলক সুঁৱৰি পথৰুঘাটত দুদিনীয়াকৈ আয়োজন কৰা হৈছে শ্বহীদ দিৱস। ২৭ তাৰিখৰ পৰা আয়োজন হোৱা এই শ্বহীদ দিৱসত আজি মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী লগতে কৃষিমন্ত্ৰী অতুল বৰা,সাংসদ দিলীপ শইকীয়াকে ধৰি কেইবাগৰাকীও উচ্চপদস্থ বিষয়াই।
বুধবাৰে জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাই পতাকা উত্তোলনেৰে এই দুদিনীয়া অনুষ্ঠানৰ শুভাৰম্ভ কৰে।বিয়লি ৪ বজাৰ পৰা আৰম্ভ কৰা হয় কৃষি আৰু জীৱিকা সখী সকলে অনুষ্ঠিত কৰা প্ৰদৰ্শনী অনুষ্ঠানৰ। আনহাতে, বৃহস্পতি বাৰৰ দিনা পুৱা ৭ বজাত প্ৰভাত ফেৰীৰ পিছতে শ্বহীদ তৰ্পন ,সৰ্বধৰ্ম প্ৰাৰ্থনা আদি অনুষ্ঠিত কৰা হ’ব।ইয়াৰ পিছত পুৱা১১ বজাৰ পৰা আৰম্ভ হ’ব মুকলি সভা।উক্ত মুকলি সভাত কেইবাটাও আটক ধুনীয়া সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা ব্যৱস্থা কৰা হৈছে।ইয়াৰ উপৰিও সন্ধিয়া ৬ বজাৰ পৰা সাংস্কৃতিক সন্ধিয়া আয়োজন কৰা হৈছে।শ্বহীদ দিৱসত সমূহ কাৰ্যসূচীত ৰাইজৰ সহায়-সহযোগিতা দৰঙৰ জিলা প্ৰশাসনে কামনা কৰিছে।
ভিউৱাছৰ মতামত