অসমৰ অগৰু খেতিয়কৰ বাবে সুখবৰ ।অগৰু খেতিয়কে উচিত মূল্য পাব।ছিংগাপুৰৰ পৰা ক্ৰেতা আহি অসমৰ খেতিয়কৰ পৰা অগৰু ক্ৰয় কৰিব।এই মন্তব্য আছিয়ান ইণ্ডিয়া বিজনেজ কাউন্সিলৰ হাবিব মহম্মদ চৌধুৰীৰ ।কালি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদ মেলত এই মন্তব্য কৰে।সোণোৱাল চৰকাৰে ২২জুলাইত কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে জানিব দি কয় যে গোলাঘাট জিলাত অগৰু আন্তঃজাৰ্তিক বাণিজ্য কেন্দ্ৰ স্থাপন হ’ব ।যাৰ জৰিয়তে যোৰহাট, শিৱসাগৰ, গোলাঘাটৰ কৃষক সকল লাভান্বিত হ’ব।গছৰ গঠনৰ ওপৰত ভিত্তি কৰি কৃষকে মূল্য পাব বুলি সংবাদ মেলত জানিবলৈ দিয়ে।উল্লেখযোগ্য যে ৩৫বিঘা ভূমিত ঘৰুুুৱা ভাৱে এই খেতি কৰিব পাৰিব ।

কাইলৈ হ’ব বিশাল গণসমাবেশ -জেৰেঙা পথাৰত চলিছে প্ৰস্তুতি
ঐতিহাসিক জেৰেঙা পথাৰত কালিলৈ অনুষ্ঠিত হ’ব এক বিশাল গণসমাবেশ।এই সভাত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী । ইতিমধ্যে এসপ্তাহ ধৰি সভাৰ যাবতীয় প্ৰস্তুতি অব্যাহত আছে। শিৱসাগৰ জিলা প্ৰশাসনে নিৰাপত্তা ক্ষেত্ৰত পহৰাৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে এই বিশাল গণ সমাবেশত ৩ লাখ লোকক ভূমি পট্ৰা প্ৰদান কৰিব।দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ আগমনকলৈ ৪ খনকৈ হেলিপেড সাজু কৰি তুলিছে। জানিব পৰা মতে প্ৰতিখন জিলাৰ পৰা বিভিন্ন প্ৰতিনিধি এই সমাবেশলৈ আহিব। এই সমাবেশত অংশগ্ৰহণকাৰী সকলে ক’ভিড প্ৰট’কল মনাৰ লগতে কিছু নীতি নিৰ্দেশনা মানি চলিব লাগিব বুলি শিৱসাগৰ জিলা প্ৰশাসনে জানিবলৈ দিছে।
ভিউৱাছৰ মতামত