প্ৰকৃতিপ্ৰেমী সকলৰ বাবে সুখবৰ ।সমগ্ৰ দেশৰ লগতে অসমত বাঘৰ সংখ্যা বৃদ্ধি পাইছে।এই কথা উন্মোচিত হৈছে টাইগাৰ ষ্টেটাচ এছেছমেণ্টৰ এক প্ৰতিবেদনত।প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি অসমত যোৱা বছৰৰ তুলনাত বাঘৰ সংখ্যা ১৪শতাংশ বৃদ্ধি পাইছে।উল্লেখযোগ্য যে এই জৰীপ প্ৰতি চাৰি বছৰৰ মূৰে মূৰে হয়।২০০৬চনৰ পৰা এই জৰীপ চলি আছে ।

কাইলৈ হ’ব বিশাল গণসমাবেশ -জেৰেঙা পথাৰত চলিছে প্ৰস্তুতি
ঐতিহাসিক জেৰেঙা পথাৰত কালিলৈ অনুষ্ঠিত হ’ব এক বিশাল গণসমাবেশ।এই সভাত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী । ইতিমধ্যে এসপ্তাহ ধৰি সভাৰ যাবতীয় প্ৰস্তুতি অব্যাহত আছে। শিৱসাগৰ জিলা প্ৰশাসনে নিৰাপত্তা ক্ষেত্ৰত পহৰাৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে এই বিশাল গণ সমাবেশত ৩ লাখ লোকক ভূমি পট্ৰা প্ৰদান কৰিব।দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ আগমনকলৈ ৪ খনকৈ হেলিপেড সাজু কৰি তুলিছে। জানিব পৰা মতে প্ৰতিখন জিলাৰ পৰা বিভিন্ন প্ৰতিনিধি এই সমাবেশলৈ আহিব। এই সমাবেশত অংশগ্ৰহণকাৰী সকলে ক’ভিড প্ৰট’কল মনাৰ লগতে কিছু নীতি নিৰ্দেশনা মানি চলিব লাগিব বুলি শিৱসাগৰ জিলা প্ৰশাসনে জানিবলৈ দিছে।
ভিউৱাছৰ মতামত