অসমীয়া ভাষা জীয়াই ৰখাৰ প্ৰচেষ্টা চলোৱা এখন বিদ্যালয়।অসম সাহিত্য সভাৰ দৰে কলেজে কলেজে গৈ প্ৰচাৰ নচলালেও স্কুলৰ ভিতৰতে এক সুকীয়া পদক্ষেপ হাতত লৈছে বিদ্যালয়খনৰ কৰ্তৃপক্ষই।দুলীয়াজানৰ টিপলিঙত অৱস্থিত এই বিদ্যালয়ৰ নাম সাহিত্যৰথী জাতীয় বিদ্যালয়।বৰ্তমান ডেৰশৰো অধিক ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খন প্ৰজ্ঞান ট্ৰাষ্ট নামৰ এটা সংস্থাৰ জৰিয়তে পৰিচালিত হয়।জানি সুখী হ’ব যে বিদ্যালয়খনে প্ৰকৃত অসমীয়া গঢ়াৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰি আহিছে।ছাত্ৰ ছাত্ৰীসকলক ভাষাৰ জ্ঞান সমৃদ্ধ কৰিবলৈ বিভিন্ন খেল ধেমালিৰে শিক্ষা দান কৰিছে।উল্লেখযোগ্য যে এই প্ৰজ্ঞান ট্ৰাষ্টতো কেইজনমান সমাজ সচেতক ব্যক্তিৰদ্বাৰা গঠন হৈছে।তেখেতসকলৰ নাম ক্ৰমে অজয় ভট্টাচাৰ্য্য,প্ৰবীন শইকীয়া,প্ৰাঞ্জল বৰুৱা আৰু সত্যকাম বৰঠাকুৰ।তেখেতসকলে ২০১৮ চনৰ ১০ জানুৱাৰীত এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰে।উল্লেখযোগ্য যে এই বিদ্যালয়খনত দৰিদ্ৰ সীমা ৰেখা তলৰ ছাত্ৰ ছাত্ৰী সকলক অগ্ৰাধিকাৰ দিয়ে ।যাৰ বাবে এইখন বিদ্যালয়ে এন ই ফ’কাচ ডট কমৰ বাতৰিত স্থান পাইছে।এনেধৰণৰ বাতৰিৰ বাবে চাবলৈ নাপাহৰিব অসমৰ প্ৰথমটো ইতিবাচক খবৰৰ নিউজ পৰ্টেল এন ই ফ’কাচ ডট কমক।

মিছেছ লিডাৰশ্বীপ খিতাপ অৰ্জন পলাশবাৰী সৰপাৰাৰ অনামিকা ডেকাৰ
দক্ষিণ কামৰূপৰ পলাশবাৰী সৰপাৰাৰ এগৰাকী বিউটিচিয়ান তথা মেকাপ আৰ্টিছ অনামিকা ডেকাই জগত জিনাৰ সপোন ৰচিছে। মিৰ্জাৰ সমীপৱৰ্তী সৰপাৰা চন্দ্ৰধৰ ডেকা আৰু সৰলা ডেকাৰ জীয়ৰী অনামিকা ডেকাই মহানগৰীৰ জিলা পুথিভড়াঁলত যোৱা ২৩ জানুৱীত ‘ইণ্টাৰনেচনেল গ্লোবেল ষ্টাৰ আইকন’ৰ উদ্যোগত মিচেছ, মিষ্টাৰ আৰু শিশুৰ বাবে অনুষ্ঠিত এখন ব্যয় বহুল প্ৰতিযোগিতাত সৰপাৰাৰ অনামিকাই ডেকাই মেকআপ আৰ্টিছৰ গ্ৰুপৰ ভিতৰত ইণ্টাৰনেচনেল লিডাৰশ্বীপ এৱাৰ্ড চুড়ান্ত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। উক্ত প্ৰতিযোগিতাত প্ৰায় শতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছিল। ডেকাৰ এনে সাফল্যত উৎফুলিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজৰ লগতে পলাশবাৰীবাসী ৰাইজে। উল্লেখ্য যে, অনামিকা ডেকাই ইয়াৰ পূৰ্বে ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰত অনুষ্ঠিত এনেধৰণৰ প্ৰতিযোগিতাত বহুবাৰ সন্মান লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। মিৰ্জাত যুৱতীগৰাকীয়ে এখন লেডিছ বিউটি পাৰ্লাৰ যোগেদি নিজৰ অৰ্থ উপাৰ্জন কৰাৰ উপৰিও বহুকেইখন চিনেমা আৰু ভিডিঅ’ গীতত মেকআপৰে অভিনেতা-অভিনেত্ৰীসকলৰ সৌন্দৰ্য বৰ্ধন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।অনামিকা ডেকাৰ এনে সাফল্যত দক্ষিণ কামৰূপৰ বিভিন্ন দল-সংগঠনে শুভেচ্ছা জ্ঞাপন কৰি উজ্বল ভৱিষ্যত কামনা কৰিছে।
ভিউৱাছৰ মতামত