ফিল্ম ফেয়াৰ এৱাৰ্ড সমাগত।অসম পৰ্যটন বিভাগে আগন্তুক ফিল্ম ফেয়াৰ এৱাৰ্ড উপলক্ষে মুকলি কৰিছে বহুকেইটা প্ৰম’।অসমৰ কলা সংস্কৃতি ঐতিহ্য বৰ্ণনা কৰি ভূমি পাডনেকাৰ, বৰুণ ধাৱন,আয়ুস্মান খুড়ানাই বহুকেইটা প্ৰম’ত অংশ লোৱা দেখা গৈছে ।য’ত মাজুলীৰ মুখা লিল্প,মহা ব্ৰক্ষ্মপুত্ৰ,কাজিৰঙাৰ বিভিন্ন জনগোষ্ঠীৰ নৃত্য সমাহাৰ ঘটিছে ।ভিডিঅ’ কেইটাই চ’চিয়েল মেডিয়াত বেচ চৰ্চা লাভ কৰিছে ।

পুৰণিগুদামৰ বিহু তলিত অ ৪ ব`হাগৰ দিনটোক ‘গছ বিহু’ হিচাপে পালনৰ আহ্বান অৰণ্য মানৱৰ
ৰাজ্যৰ সৰ্বত্ৰে এতিয়া ৰঙালীৰ উখল মাখল পৰিৱেশ। নগাঁও পুৰণিগুদামত ‘নাট্যম গোষ্ঠী’য়ে অনুষ্ঠিত কৰিছে বিহু নৃত্য আৰু ঢোল বাদনৰ কৰ্মশালাৰ । অলপতে নাট্যম গোষ্ঠীয়ে অনুষ্ঠিত কৰা মুকলি বিহু চাবলৈ পাৰঘাটৰ বিহু তলিত উপস্থিত হয় অৰণ্য মানৱ যাদৱ পায়েং।
উল্লেখযোগ্য যে তেখেতে পুৰণিগুদামৰ বিহু তলিত উপস্থিত হৈ ৪ ব’হাগৰ দিনটো পৰম্পৰাগত ভাৱে গছ বিহু হিচাপে পালন কৰিবলৈ নগাঁওবাসীক আহ্বান জনায়।গছৰ তলত বিহু পাতিলে নাচিবলৈ নজনা গছজোপায়েও হাঁহিব পাৰে বুলি তেখেতে মন্তব্য কৰে।
অৰণ্য মানৱ যাদৱ পায়েঙক এখনি গামোচা, এখন চেলেং চাদৰ আৰু এখন ফলকৰ জৰিয়তে ৰাজহুৱাভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰে।অনুষ্ঠানত উপস্থিত থাকি প্ৰকৃতি তথা মানুহৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ অৰ্থে কৰিবলগীয়া কৰ্ম সম্বন্ধেও পায়ঙে মন্তব্য কৰে।
ভিউৱাছৰ মতামত