বোকাখাতৰ গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বঙলাৰ চৌহদত বোকাখাত মহকুমাৰ বহু প্ৰত্যাশিত শ্বহীদ কমলামিৰি,শ্বহীদ বেজা বৈষ্ণব আৰু প্ৰথমখন অসমীয়া বোলছবি জয়মতীত অভিনয় কৰা প্ৰথম গৰাকী মহিলা অভিনেত্ৰী আইদেউ সন্দিকৈৰ পূৰ্ণাংগ প্ৰতিমূৰ্ত্তি আজি আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ কৃষি,পশুপালন আদি বিভাগৰ মাননীয় কেবিনেট মন্ত্ৰী তথা বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাই । উক্ত আধাৰশিলা স্থাপন অনুষ্ঠানত মন্ত্ৰী অতুল বৰাই ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অক্লান্ত সেনানী বীৰ শ্বহীদ কমলা মিৰি আৰু বেজা বৈষ্ণৱ তথা শিল্পী আইদেউ সন্দিকৈলৈ শ্ৰদ্ধা জ্ঞাপন কৰি তিনিওগৰাকী নমস্য ব্যক্তিৰ প্ৰতিমূৰ্তিৰ নিৰ্মাণত কোনো অসুবিধা নোহোৱাকৈ নিয়াৰিকৈ সম্পূর্ণ হোৱাৰ ক্ষেত্রত বোকাখাতৰ সকলো শ্ৰেণীৰ নাগৰিকৰ সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰে। আজিৰ এই আধাৰশিলা স্থাপন অনুষ্ঠানত গোলাঘাট জিলাৰ উপায়ুক্ত ধীৰেন হাজৰিকা, বোকাখাত মহকুমাৰ মহকুমাধিপতি বিবেক শ্যামৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলো উপস্থিত থাকে।

ৰাণী আন্ধেৰীজুলীত দুখীয়া লোকৰ মাজত বিভিন্ন সামগ্ৰী বিতৰণ
সামাজিক, অৰ্থনৈতিক, শৈক্ষিক , সাংস্কৃতিক আদি দিশ সামৰি স্বায়ত্ত শাসিত পৰিষদে সমমৰ্য্যদাৰে সঠিক ৰূপত আগবঢ়াই নিবলৈ অহৰহ চেষ্টা চলাই অহা কাৰ্যই অঞ্চলটোত দৃষ্টি নিবদ্ধ কৰিবলৈ সক্ষম হৈছে। তাৰেই অংশস্বৰূপে আজি ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত ৩৬ নং পৰিষদীয় সমষ্টিৰ উদ্যোগত ২০১৯-২০ বিত্তীয় বৰ্ষৰ আৰ্থিক অনুদানৰে বিভিন্ন সামগ্ৰী বিতৰণ কৰা হয়। মহানগৰী সমীপৰ ৰাণীৰ আন্ধেৰীজুলীত স্থায়ী সাংস্কৃতিক মঞ্চত অনুষ্ঠিত এই বিতৰণ কাৰ্যসূচীত ৩৬ নং পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য সঞ্জয় কুমাৰ ৰাভা, ৰাণী ৰাভা ছাত্র সন্থাৰ সম্পাদক জিতেন ৰাভা, ৰাভা মহিলা পৰিষদৰ সভানেত্রী মঞ্জু ৰাভা, সুনীতা বড়ো, ৰাভা মহিলা মনিটৰিং কমিটিৰ সদস্য মইনা বড়ো, পাপৰি বড়ো, সুনিতা মেধীকে ধৰি বিষয়ববীয়া সকল উপস্থিত থাকে। অনুষ্ঠানত অঞ্চলটোৰ কৃষক, শিপিনী, ছাত্ৰ-ছাত্ৰী, খেলুৱৈ, দৰ্জী, দুখীয়া-দৰিদ্ৰ পৰিয়ালক সামৰি প্ৰায় পাচ শতাধিক হিতাধিকাৰিক স্প্ৰে মেচিন, টিনপাট, পাম্প চেট, প্লাষ্টিক শ্বেয়াৰ, কম্বল , আঠুৱা, ফুটবল বেডশ্বিট আদি বিতৰণ কৰা হয়।পৰৱৰ্তী সময়তো দুখীয়া লোকসকলক এনেদৰে সামগ্ৰী বিতৰণ কৰা হ’ব বুলি সমষ্টিটোৰ সাধাৰণ সদস্য সঞ্জয় কুমাৰ ৰাভাই জানিবলৈ দিয়ে।
ভিউৱাছৰ মতামত