আগন্তুক বিধানসভা নিৰ্বাচনত সকলো ধৰণৰ অন্তৰ্ভুক্ত সেৱা প্ৰদান কৰিব টেলিবুৱে

পাঁচ ৰাজ্য ক্ৰমে অসম, পশ্চিমবংগ, তামিলনাডু, কেৰালা আৰু পুডুচেৰীত হ’বলগীয়া আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ প্ৰথম যোগাযোগ কোম্পানী টেলিবুৱে ৰাজনৈতিক দলসমূক আভ্যন্তৰীণ আৰু বাহ্যিক যোগাযোগ উন্নত কৰাৰ বাবে সঠিক সেৱা আগবঢ়োৱাৰ ঘোষণা কৰিছে। ইয়াৰ বাবে কোম্পানীটোৱে বিশেষ মানৰ যোগাযোগ সেৱা তৈয়াৰ কৰি উলিয়াইছে। যাৰ জৰিয়তে নিৰ্বাচনৰ সময়ছোৱাত প্ৰাৰ্থীসকলক ভালকৈ কেনভাছ কৰিব পাৰিব আৰু প্ৰাৰ্থীসকলে আঞ্চলিক ভাষাতে যোগাযোগ কৰিব পাৰিব। ইয়াৰ লগতে লগতে আঞ্চলিক ভাষাতে টেক্স আৰু ভইচ বাৰ্তা প্ৰদান কৰিব পাৰিব। ইয়াৰ জৰিয়তে তেওঁলোকে সুশাসনৰ বিষয়ে অৱগত কৰিব পাৰিব। ইয়াৰ উপৰি ৰাজনৈতিক দলসমূহে জৰীপ প্ৰণালীৰ জৰিয়তে প্ৰতিটো সমষ্টিত সঠিক প্ৰাৰ্থী বাছনি কৰিব পাৰিব। লগতে প্ৰাক নিৰ্বাচনী সমীক্ষা উলিয়াব পাৰিব। ভোটাৰ অনুসৰি প্ৰচাৰ অভিযান চলোৱাৰ সুবিধা লাভ কৰিব।

বিভিন্ন ৰাজনৈতিক দলৰ ব্যৱহাৰ যোগ্য টেলিবুৰ বিস্তৃত সামগ্ৰী পৰ্টফোলিঅ’ৰ ভিতৰত আছে
অডিঅ’ কনফাৰেন্সিং এপ’ গ্ৰপটক (Grptalk) , ভিডিঅ’ কনফাৰেন্সিং এপ’ টেলেবুজেন (TelebuJen), কনটেক্ট চেণ্টাৰ ছফ্টৱেৰ টেলেবুহাব। ইয়াৰ উপৰিও আছে টেলেবুপিং (TelebuPing), যিটো এটা সুৰক্ষিত এণ্ড-ৰ পৰা-এণ্ড এনক্ৰিপ্ট কৰা গোট মেচেঞ্জাৰ। ইয়াৰ উপৰি আছে আন বহু সেৱা।

টেলিবুৱেৰ চিইঅ’ সত্য য়েৰমচেট্টিয়ে তেওঁলোকৰ সেৱা সামগ্ৰী আৰু ভৱিষ্যত সম্পৰ্কে কয় যে বৰ্ধিত প্ৰয়োজনীয়াতা পূৰণৰ কৰিবলৈ আমাৰ সামগ্ৰী, বৈশিষ্ট আৰু সেৱা বিকশিত কৰি আছোঁ। যি সেৱাই ৰাজনৈতিক দল, চৰকাৰী সংস্থাৰ প্ৰয়োজনীয়তা আৰু নিৰ্বাচনী প্ৰচাৰৰ গতিশীলতা সলনি কৰিব।ইয়াৰ আগতে অনুষ্ঠিত হৈ যোৱা তেলেংগানা আৰু বিহাৰ নিৰ্বাচনত আমাৰ সেৱাবোৰ সফলতাৰে ব্যৱহাৰ কৰা হৈছে আৰু আমি এতিয়া ব্যৱসায়ৰ সম্ভাৱনা বৃদ্ধি কৰিবলৈ অসম আৰু অন্যান্য ৰাজ্যত আগন্তুক বিধানসভা নিৰ্বাচনলৈ আমাৰ সেৱা আগবঢ়াম। আমি বিশিষ্ট ৰাজনৈতিক নেতা, ৰাজনীতি বিদসকলৰ সৈতে কাম কৰি আছো আৰু ১০+ তকৈও অধিক ৰাজ্যত সঠিক ফলাফল প্ৰদান কৰিবলৈ সক্ষম হৈছোঁ।

টেলিবুৰ কিছুমান গুৰুত্বপূৰ্ণ সামগ্ৰী আছে, যাৰ দ্বাৰা ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰৰ সময়ত গ্ৰপটক (Grptalk)সেৱাৰ জৰিয়তে ৩০ চেকেণ্ডৰ এটা কলৰে ৩-১০,০০০তকৈ লোকৰ সৈতে সংযোগ সাধন কৰিব পাৰিব। ভাৰতৰ আটাইতকৈ উৎকৃষ্ট অডিঅ’ প্লেটফর্ম গ্ৰপটক। যাৰ ব্যৱহাৰ ১০০ নিযুত মিনিটত ১নিযুতকৈ অধিক সন্মিলন কৰা হৈছে। গ্ৰপটকে ৰাজনৈতিক দলসমূহক নিৰ্বাচনী অভিযানত বিশেষভাবে সহায় কৰে। এপ্প বা ইণ্টাৰনেটৰ অবিহনে কনফাৰেন্স, ভাৰ্চুৱেল ৰিচেপটনিষ্ট (virtual receptionist), ভোটাৰৰ মাজত প্ৰচাৰ চলাব পাৰে। লগতে ভোটাৰৰ পৰা মতামত আৰু তেওঁলোকৰ ওপৰত জৰীপো চলাব পাৰে।

টেলেবুজেন (TelebuJen)- এটা ভিডিঅ’ কনফাৰেন্সিং আৰু ৱেবিনাৰ প্লেটফৰ্ম, যি বিভিন্ন পক্ষক ভিডিঅ’ মিটিং হষ্ট কৰাত সহায় কৰে।য’ত ১০০জন অংশগ্ৰহণ কৰিব পাৰে, ৩০০+ লৈকে অংশগ্ৰহণকাৰীৰ সৈতে লাইভ ৱেবিনাৰ আয়োজন কৰিব পাৰে। লগতে এইসমূহ YouTubeৰ দ্বাৰা প্ৰচাৰ কৰিব চলাব পৰা যায়।
টেলেবুজেনৰ নিম্ন বেণ্ডউইথ সংযোগ
সুবিধাটোৱে দেশৰ দূৰৱৰ্তী কোণৰ পৰা সভা আয়োজন কৰাত সহায় কৰে।

টেলেবুহাব (TelebuHub)ক নিৰ্বাচনী প্ৰচাৰৰ সময়ত ব্যাপকভাৱে ব্যৱহাৰ কৰা হৈছে।টেলেবুহাব হৈছে এটা ইনবিল্ট চিআৰএম,সামাজিক একত্ৰীকৰণ, টিকেটিং আৰু এটা জ্ঞানৰ ব্যৱস্থাপনা প্ৰণালী ছফ্টৱেৰ। ইয়াৰ দ্বাৰা ৰাজনৈতিক দলসমূহে ৩০মিনিতকৈ কম সময়ৰ ভিতৰত যিকোনো স্থানৰ পৰা এটা কল চেণ্টাৰ স্থাপন কৰাত সহায় কৰে।

Share on whatsapp
WhatsApp
Share on facebook
Facebook
Share on twitter
Twitter
Share on email
Email

১ নিযুত বিক্ৰীৰে ১০০পাইপাৰছে ৰেকৰ্ড ভাঙিলে

ভাৰতত সৰ্বাধিক বিক্ৰী হোৱা স্কচ হুইস্কি চিগ্ৰামৰ ১০০ পাইপাৰছে মাইলৰ খুঁটি অৰ্জন কৰি উদ্যোগটোত নতুন উচ্চ মানদণ্ড স্থাপন কৰিছে। ই নিজকে এজন বজাৰ নেতা, চিন্তাকৰা নেতা আৰু এজন উদ্ভাৱন নেতা হিচাপে
প্ৰমাণিত কৰিছে।যোৱা ব্যৱসায় চক্ৰত২০ – জুন ২১, ১০০ পাইপাৰছে এটা নহয় দুটা ৰেকৰ্ড ভংগ কৰিছে!১০০ পাইপাৰবাৰ্ষিক বিক্ৰীত ১ নিযুত+ কেছ অতিক্ৰম কৰা ভাৰতৰ প্ৰথম আৰু একমাত্ৰ স্কচ ব্ৰেণ্ড হৈ পৰিছে।
ব্ৰেণ্ডটোৰ প্ৰিমিয়াম ভেৰিয়েণ্ট পাইপাৰচ ব্লেণ্ডেড স্কচ, ১২ বছৰ বয়সৰ ২০১২ চনত মুকলি হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে
বাৰ্ষিক বিক্ৰীত ১00,000 কেছ অতিক্ৰম কৰিছে।
স্কচ হুইস্কি বজাৰত নিজৰ আধিপত্য জাহিৰ কৰি, ব্ৰেণ্ডটোৱে শেহতীয়াকৈ এটা নতুন প্ৰকাৰ পাইপাৰচ ব্লেণ্ডেড মল্ট
স্কচ, বয়স ৮ বছৰ মুকলি কৰিছিল!ভাৰতীয় গ্ৰাহকসকলৰ বাবে এক সঁচাকৈয়ে আন্তৰ্জাতিক অভিজ্ঞতা আনিছে, যাৰ ভিতৰত আছে সৰ্বাধিক পৰিসৰৰ অনন্য স্কচ
প্ৰকাৰ।

একাধিক সাফল্যৰ বিষয়ে মন্তব্য কৰি পাৰ্নোড ৰিকাৰ্ড ইণ্ডিয়াৰ মুখ্য বিপণন বিষয়া কাৰ্তিক মহিন্দ্ৰাই কয়,১০০
পাইপাৰসকলে ভাৰতীয় স্কচ শাখাক আকাৰ দিয়া অব্যাহত ৰাখিছে আৰু নতুন অভিলেখ স্থাপন কৰিছে। এইটো যুৱ, উচ্চাকাংক্ষী গ্ৰাহকসকলৰ মাজত ইয়াৰ বৰ্ধিত জনপ্ৰিয়তাৰ দ্বাৰা চালিত হয় যিসকলে ব্ৰেণ্ডটোৰ উদ্দেশ্য-চালিত পদক্ষেপবোৰৰ স্বকীয়তা,সত্যতা আৰু বিশ্বাসযোগ্যতাৰ বাবে শক্তিশালীভাৱে প্ৰতিধ্বনিত হৈছে।যেনে, আন্তৰ্জাতিক পুৰস্কাৰ প্ৰাপ্ত লিগেচী প্ৰকল্প – যিয়ে সীমিত সংস্কৰণ পেকৰ জৰিয়তে বিপদাপন্ন ভাৰতীয় আৰ্টফৰ্ম প্ৰদৰ্শন কৰে আৰু শিল্পীসকলক প্ৰকৃত জীৱিকা সমৰ্থন প্ৰদান কৰে।

গুজৰাটৰ গান্ধীধামত আয়ুষ বনৰ শুভ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

কেন্দ্ৰীয় আয়ুষ তথা কেন্দ্ৰীয় বন্দৰ,জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গুজৰাটৰ গান্ধীধামত ৰ’টাৰী ক্লাৱৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত আয়ুষ বনৰ শুভ উদ্বোধন কৰে।দীনদয়াল বন্দৰ ন্যাসৰ দ্বাৰা আবন্টিত ৩০ একৰ ভূমিত আয়ুৰ্বেদিক উদ্ভিদ ৰোপণৰ বাবে এই আয়ুষ বন গঢ় দিয়া হৈছে, এই উপলক্ষে আয়োজিত অনুষ্ঠানট কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক সংগ দিয়ে স্থানীয় সাংসদ বিনোদ চাৱড়া ,বিধায়িকা মালতী মহেশ্বৰী , দীনদয়াল বন্দৰ ন্যাসৰ অধ্যক্ষ সঞ্জয় মেহতা প্ৰমুখ্যে ৰ’টাৰী ক্লাৱৰ পদাধিকাৰীগণ আৰু অন্যান্য গণ্য মান্য ব্যক্তি সকলে।অনুষ্ঠানৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে আয়ুষ বনত ঔষধি গছপুলি ৰোপন কৰে।

আয়ুষ বন গঢ় দিয়াৰ দীনদয়াল বন্দৰ ন্যাস আৰু ৰ’টাৰী ক্লাৱৰ গুৰুত্বপূৰ্ণ ভূমিকা শলাগ লৈ সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত কয় যে প্ৰকৃতিৰ মাজত অলেখ সুযোগ সম্ভাৱনা নিহিত হৈ আছে ।এই প্ৰকৃতিৰ পৰাই মানৱ সমাজে সকলো প্ৰয়োজনীয় সম্পদ আহৰণ কৰিছে।সেয়েহে প্ৰকৃতি আইৰ প্ৰতি চিৰকৃতজ্ঞ হৈ প্ৰকৃতিৰ সুৰক্ষিত কৰাটো প্ৰতিগৰাকী নাগৰিকৰে এক গুৰু দায়িত্ব।দেশৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ প্ৰসাৰৰ ক্ষেত্ৰত আয়ুষ মন্ত্ৰালয়ৰ গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শাসনভাৰ লোৱাৰে পৰা ভাৰতৰ চহকী পৰম্পৰাৰ চানেকি আয়ুষ ব্যৱস্থাৰ সংৰক্ষণ আৰু প্ৰসাৰৰ দিশত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে।মোদীজীৰ ভিজনক সৰোগত কৰি আয়ুষ মন্ত্ৰালয়ে ইতিমধ্যে যাৱতীয় বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে,যাৰ জৰিয়তে কেৱল ভাৰতৰে জনগণ নহয়,সমগ্ৰ বিশ্ব বাসীয়ে এই সমৃদ্ধিশালী আয়ুষ পদ্ধতিৰ প্ৰতি আকৰ্ষিত হ’বলৈ ধৰিছে।কিন্ত এই ক্ষেত্ৰত পূৰ্বৰ চৰকাৰে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে যাৰ ফলত দেশৰ ঐতিহ্য, পৰম্পৰা চানেকি আয়ুষ ব্যৱস্থা অতবছৰে অৱহেলিত হৈ থাকিব লগীয়া হৈছিল।মোদীজীৰ দৃঢ় পদক্ষেপৰ বাবেহে এতিয়া আয়ুষ ব্যৱস্থাই বিশ্বমুখী হোৱাৰ লগতে যথেষ্ট গতিশীলতা লাভ কৰিবলৈ সক্ষম হৈছে।

তদুপৰি ভাষণ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে প্ৰকৃতিৰ মাজত থকা আয়ুষৰ সুযোগ সম্ভাৱনাবোৰক মানৱ সমাজৰ হিতৰ বাবে অন্বেষণ কৰি সুপ্ৰয়োগ কৰিব লাগিব, তেহে দেশৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ অধিক সম্প্ৰসাৰণ হোৱাৰ উপৰিও চিকিৎসা ক্ষেত্ৰত এক শক্তিশালী বিকল্প মাধ্যম হিচাপে আয়ুষ পদ্ধতি ব্যৱহৃত হোৱাৰ অৱকাশ আছে।

ডিব্ৰুগড় শ্বহীদ ন্যাসত এম্বুলেঞ্চ সেৱাৰ মুকলি

চান্দা সংস্কৃতি বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈ অহা আছুয়ে বিভিন্ন সময়ত বিভিন্ন যোগাত্মক কামৰ জৰিয়তে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ আৰু প্ৰশংসা পাত্ৰ হৈ আহিছে।এইবাৰ দুখীয়া শ্ৰেণীৰ জনসাধাৰণ আৰু বিভিন্ন সময়ত দুৰ্ঘটনা গ্ৰস্ত ছাত্র ছাত্ৰী সুবিধাৰ বাবে ডিব্ৰুগড়ত মুকলি কৰিছে এক এম্বুলেঞ্চ সেৱা।ডিব্ৰুগড় জিলা ছাত্র সন্থাই বেংকৰ জৰিয়তে ঋণ লৈ ৰাইজৰ বাবে মুকলি কৰা এই এম্বুলেঞ্চ সেৱাৰ মুকলি কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই।ডিব্ৰুগড় শ্বহীদ ন্যাসত এম্বুলেঞ্চ সেৱাৰ মুকলি অনুষ্ঠানত গায়ন-বায়নৰ জৰিয়তে মাংগলিক কাৰ্যসূচী জৰিয়তে এম্বুলেঞ্চ খন চলাই মুকলি কৰে আছুৰ সাধাৰণ সম্পাদক জনে।

অনুষ্ঠানত অৰুণাচল বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ডীন সৃষ্টি ধৰ দত্ত, ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত কৃতী শিক্ষক গন্ধেশ্বৰ শইকীয়া, বৃহত্তৰ প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰা সহ আছুৰ বিষয়ববীয়া সকল।উল্লেখযোগ্য যে, ইতিমধ্যে ডিব্ৰুগড় আছুয়ে স্বৰ্গৰথ নামৰ এখন মৃতদেহ কঢ়িওৱা বাহন মুকলি কৰি ডিব্ৰুগড়ৰ লগতে উজনি অসমৰ তিনিচুকীয়া, শদিয়া, ধেমাজি-লক্ষীমপুৰ লৈকে দৰিদ্ৰ লোক সকলৰ সেৱা আগবঢ়াই আহিছে।মংগল বাৰে উদ্বোধন কৰি ডিব্ৰুগড় জিলা ছাত্র সন্থাৰ লগতে সদৌ অসম ছাত্র সন্থাৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন বুলি কৈ এম্বুলেঞ্চ খনৰ জৰিয়তে ও ছাত্র ছাত্ৰী লগতে দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ যথেষ্ট উপকৃত হ’ব বুলি আশা কৰে শংকৰজ্যোতি বৰুৱাই।

মিৰ্জাৰ বৰকুছিত থলুৱা খাদ্য সম্ভাৰ খৰিকা ধাবা শুভ উদ্বোধন কৰিলে বিধায়ক হেমাংগ ঠাকুৰীয়াই

দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ মিৰ্জা বৰকুছিৰ হোটেল ৰৱেল পেলেচস্থিত অসমীয়া থলুৱা খাদ্য সম্ভাৰৰে জুতি লব পৰা “খৰিকা ধাবা”ৰ আজি আনুষ্ঠানিকভাৱে শুভ-উদ্বোধন কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই । উদ্বোধন কৰি বিধায়ক ঠাকুৰীয়াই অসমীয়া থলুৱা খাদ্যৰ সম্ভাৰৰ খৰিকা ধাবাত অতি কম মুল্যত খাদ্যৰ সোৱাদ লোৱাৰ লগতে ছয়ানী বৰদুৱাৰ জিলা পৰিষদৰ সদস্যা সমীৰাণী ভট্টাচাৰ্যৰ পুত্ৰ তথা স্বত্বাধিকাৰী জ্যোতিৰ্ময় চাণ্ডিল্যৰ উজ্বল ভৱিষ্যত কামনা কৰে । অনুষ্ঠানত পলাশবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিৱেন্দ্ৰ ব্ৰহ্ম, দক্ষিণ কামৰূপ জিলা বিজেপিৰ উপ-সভাপতি জয়ন্ত গোস্বামী, মালিয়াটা গাঁও পঞ্চায়তৰ সভাপতি বিকাশ বড়ো, পৰাণ শৰ্মাৰ লগতে বহুকেইজন লোক উপস্থিত থাকে।

এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ ব্যতিক্ৰমী প্ৰচেষ্টা

নগাঁৱৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক।নাম জয়বাবু সিংহ ।শিক্ষক গৰাকী ব্যক্তিগত প্ৰচেষ্টাত ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত গঢ় লৈ উঠিছে এখন বাগিচা।দিনটোৰ অধিকাংশ সময় বাগিচাখনৰ কামতে ব্যস্ত থাকে লংকা হাই স্কুলৰ এইগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে। চৰকাৰ অথবা আন কোনো অনুষ্ঠান প্ৰতিষ্ঠানৰ সহায়ৰ অবিহনে গাঁঠিৰ ধন ভাঙি ২০১৭ চনতে বাগিচাখন আৰম্ভ কৰিছিল। এই পৰ্যন্ত সাত লক্ষাধিক ধন খৰচ কৰি বাগিচা খনত বিভিন্ন প্ৰজাতি ফুল গছ ৰোপন কৰিছে অৱসৰপ্ৰাপ্ত শিক্ষক গৰাকীয়ে। সমান্তৰালকৈ বাগিচাখনত ডাল ভৰি লাগিছে বিভিন্ন প্ৰজাতিৰ সুস্বাদু ফল।উল্লেখযোগ্য যে পথচোৱা সৌন্দৰ্য্যবৰ্ধন আৰু সেউজ পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে এক ব্যতিক্ৰমী প্ৰচেষ্টা হাত লৈছে এইগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে। অৱসৰপ্ৰাপ্ত শিক্ষকজনে লোৱা এই ব্যতিক্ৰমী প্ৰচেষ্টাৰ বাবে নগাঁওবাসী মাজত চৰ্চা লাভ কৰিছে।পৰিৱেশ সংৰক্ষণ আৰু কৰ্মৰ মাজতে এইগৰাকী ব্যক্তিয়ে বিচাৰি পাইছে প্ৰাপ্তিৰ আনন্দ।

অস্কাৰৰ প্রাৰম্ভিক দৌৰত অসমীয়া চলচিত্ৰ

অসমীয়া চলচিত্ৰ উদ্যোগলৈ সুখবৰ৷ বিশ্ব চলচিত্ৰ সর্বোচ্চ সন্মান অস্কাৰৰ প্রাৰম্ভিক দৌৰত অৱতীর্ণ হৈছে এখন অসমীয়া ছবি৷ কৃপাল কলিতাৰ পৰিচালিত ব্ৰীজ নামৰ ছবিখনে অস্কাৰৰ বাবে মনোনয়ন লাভ কৰিছে।ব্ৰহ্মপুত্ৰৰ প্ৰতি থকা ভালপোৱা আৰু এখন দলঙক কেন্দ্ৰ কৰি হোৱা হতাশা,ক্ষতিৰ প্ৰতিছবি চিনেমাখনৰ জৰিয়তে উপস্থাপন কৰিছে।

উল্লেখ্য যে ৰমা কুমাৰ দাস আৰু সবিতা দেৱী প্রয়োজিত ব্রীজ নামৰ ছবিখন ইতিমধ্যে ৩৫খনতকৈ অধিক আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত প্রদর্শিত হৈছে৷ ৫১সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত পুৰস্কাৰ লাভ কৰা একমাত্র ভাৰতীয় চিনেমা হিচাপে কৃতিত্ব অর্জন কৰা ‘ব্রীজ’–য়ে পাইছে আন কেইবাটাও আন্তঃৰাষ্ট্রীয় সন্মান৷ ইয়াৰ ভিতৰত গ’ল্ডেন জুৰী আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহাৎসৱত সামাজিক বিষয়ৰ শ্রেষ্ঠ ছবি, ১৬সংখ্যক ত্রিশূল আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত শ্রেষ্ঠ ছবি আৰু ভাৰতৰ চলচ্চিত্র সমালোচকসকলৰ সংস্থাFIPRESCI–ৰ বিচাৰত ২০২০ চনত ভাৰতৰ শ্রেষ্ঠ দহখন চিনেমাৰ ভিতৰত স্থান লাভ কৰিছিল ৷