গুৱাহাটীৰ সৰুসজাঁই ষ্টেডিয়ামত শনিবাৰে অনুষ্ঠিত হ’বলগীয়া ৬৫ সংখ্যক ফিল্ম ফেয়াৰ এৱাৰ্ডৰ বঁটা এখন অনুষ্ঠানত ভাগ ল’বলগীয়া দেশৰ বলিউডৰ নামী দামী প্ৰখ্যাত তাৰকা সকলৰ আগমন উপলক্ষে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তজাৰ্তিক বিমান বন্দৰত এক উৎসৱ মুখৰ পৰিবেশ সৃষ্টি হৈছে।ইতিমধ্যে কেবাগৰাকী নামী দামী তাৰকাই শুক্ৰ বাৰে দুপৰীয়াৰ পৰা ব্যক্তিগত ষ্টাৰ্টড বিমানেৰে আদি গুৱাহাটী উপস্থিত হয়।ইয়াৰ. ভিতৰত মাধুৰী দীক্ষিত,বিকি সিং, কৰণ জহৰ, বৰুণ ধাৱন, ৰণবীৰ সিং, আয়ুস্মান খুৰানা আৰু কাৰ্তিক আৰিয়েন। তাৰকা শিল্পী সকল সৈতে হোৱা সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত অসমলৈ আহি সুখী অনুভৱ কৰা বুলি ব্যক্ত কৰে ।বিমান বন্দৰৰ পৰা তাৰকা শিল্পী সকল পোনে পোনে ৰেডিচন ব্লু হোটেললৈ ৰাওনা হয়।আনহাতে শুক্ৰবাৰে মাজ নিশা অক্ষয় কুমাৰ আহিব।

মিছেছ লিডাৰশ্বীপ খিতাপ অৰ্জন পলাশবাৰী সৰপাৰাৰ অনামিকা ডেকাৰ
দক্ষিণ কামৰূপৰ পলাশবাৰী সৰপাৰাৰ এগৰাকী বিউটিচিয়ান তথা মেকাপ আৰ্টিছ অনামিকা ডেকাই জগত জিনাৰ সপোন ৰচিছে। মিৰ্জাৰ সমীপৱৰ্তী সৰপাৰা চন্দ্ৰধৰ ডেকা আৰু সৰলা ডেকাৰ জীয়ৰী অনামিকা ডেকাই মহানগৰীৰ জিলা পুথিভড়াঁলত যোৱা ২৩ জানুৱীত ‘ইণ্টাৰনেচনেল গ্লোবেল ষ্টাৰ আইকন’ৰ উদ্যোগত মিচেছ, মিষ্টাৰ আৰু শিশুৰ বাবে অনুষ্ঠিত এখন ব্যয় বহুল প্ৰতিযোগিতাত সৰপাৰাৰ অনামিকাই ডেকাই মেকআপ আৰ্টিছৰ গ্ৰুপৰ ভিতৰত ইণ্টাৰনেচনেল লিডাৰশ্বীপ এৱাৰ্ড চুড়ান্ত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। উক্ত প্ৰতিযোগিতাত প্ৰায় শতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছিল। ডেকাৰ এনে সাফল্যত উৎফুলিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজৰ লগতে পলাশবাৰীবাসী ৰাইজে। উল্লেখ্য যে, অনামিকা ডেকাই ইয়াৰ পূৰ্বে ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰত অনুষ্ঠিত এনেধৰণৰ প্ৰতিযোগিতাত বহুবাৰ সন্মান লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। মিৰ্জাত যুৱতীগৰাকীয়ে এখন লেডিছ বিউটি পাৰ্লাৰ যোগেদি নিজৰ অৰ্থ উপাৰ্জন কৰাৰ উপৰিও বহুকেইখন চিনেমা আৰু ভিডিঅ’ গীতত মেকআপৰে অভিনেতা-অভিনেত্ৰীসকলৰ সৌন্দৰ্য বৰ্ধন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।অনামিকা ডেকাৰ এনে সাফল্যত দক্ষিণ কামৰূপৰ বিভিন্ন দল-সংগঠনে শুভেচ্ছা জ্ঞাপন কৰি উজ্বল ভৱিষ্যত কামনা কৰিছে।
ভিউৱাছৰ মতামত