দক্ষিণ কামৰূপৰ ঢুলীয়া ভাওনা এক প্ৰচলিত জাতীয় কৃষ্টি। গ্ৰাম্যঞ্চলত প্ৰচলিত এই জাতীয় কৃষ্টিটো সম্প্ৰতি আধুনিকতাই নি:শেষ কৰিবলৈ ওলাইছে। তাৰ মাজতে হেৰাই যাবলৈ ওলোৱা জাতীয় কৃষ্টিটোক জীয়াই ৰখাৰ স্বাৰ্থত দক্ষিণ কামৰূপৰ দুই এজন শিল্পীয়ে প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেনে এজন ঢুলীয়া ভাওনাৰ শিল্পী হ’ল পৰমা কলিতা। নিজৰ কৃষ্টিটো জীয়াই ৰাখিবলৈ গৈ পৰমা কলিতাই অনেক ঘাট-প্ৰতিঘাটৰ সন্মুখীন হ’বলগীয়া হয়। এইগাৰকী ঢুলীয়া ভাওনাৰ শিল্পী পৰমা কলিতাক কেন্দ্ৰ কৰি মিৰ্জাৰ বিশ্বজিৎ কলিতাই চিত্ৰনাট্য, পৰিচালনা আৰু সংগীতৰে নিৰ্মাণ কৰি উলিয়াইছে অসমীয়া কথাছবি “ভাৱৰীয়া”। ৪ জানুৱাৰীত ৰাজ্যৰ প্ৰতিটো ছবি গৃহত মুক্তি লাভ কৰিব। এছ.এন.জি.ৰ প্ৰডাকচনৰ বেনাৰত পংকজ কুমাৰ জৈন প্ৰযোজিত “ভাৱৰীয়া”ৰ নাম ভুমিকাত অভিনয় কৰিছে বিষ্ঞু খাৰঘৰীয়াই। ব্যয়বহুল ভাৱে প্ৰযোজনাৰে নিৰ্মিত কথাছবি “ভাৱৰীয়া”ৰ কাহিনী, চিত্ৰনাট্য, পৰিচালক বিশ্বজিৎ কলিতাৰ। অভিনয়ত আছে নিপন গোস্বামী, অতুল পাচনি, হিৰণ্য দাস, প্ৰণামী, দেৱযানী, বিশ্বজিৎ কলিতা, দিৱস দৰ্শন, বলেন চৌধুৰী, ৰোহিনী মহন্ত, ভিডিও গীতৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাস, নৱাগত পুবালি আৰু বহুতো নৱীন প্ৰবীন শিল্পীয়ে। ছবিখনত বিশেষ ভূমিকা অভিনয় কৰিছে ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত বীৰুবালা ৰাভা। কথাছবি “ভাৱৰীয়া”ৰ গীত কেইটিত কণ্ঠ নিগৰাইছে জুবিন গাৰ্গ, তৰালী শৰ্মা, কুমাৰ ভৱেশ, ৰীতা গোস্বামী আৰু দীপ দৰ্শনে। মুম্বাইৰ প্ৰখ্যাত ফিল্ম লেৱত পোহৰ আৰু সম্পাদনা কৰা “ভাৱৰীয়া” কথাছবিখনৰ ইতিমধ্যে গুৱাহাটী চিনে ক্লাৱৰ দ্বাৰা আয়োজিত ১১ তম গুৱাহাটী কথাছবি মহোৎসৱত প্ৰদৰ্শিত হৈ দৰ্শক ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে পৰিচালক, অভিনেতা বিশ্বজিৎ কলিতাই নাটকৰ সতে জড়িত থাকি প্ৰথমখন অসমীয়া কথাছবি “ভাৱৰীয়া”। কথাছবিখনৰ সহ পৰিচালক দিলিপ দত্ত, প্ৰযোজনা নিয়ন্ত্ৰক দিৱস দৰ্শন, কেমেৰা পাপু আৰু বিশ্বজিৎ কলিতাৰ ৰূপজজ্জা কৰিছে। “ভাৱৰীয়া” কথাছবিখন অসমৰ ৰাইজে আকোৱালি ল’ব বুলি খুবেই আশাবাদী পৰিচালক বিশ্বজিৎ কলিতা।খবৰ যুগুতালে মিৰ্জাৰ পৰা জিতুমণি দাসে।

পশ্চিম গুৱাহাটীৰ কটাহবাৰীত কংগ্ৰেছ নেতা-কর্মীসহ ৫ শতাধিক সংখ্যালঘু লোক অগপত যোগদান
পশ্চিম গুৱাহাটীৰ নগৰাঞ্চলৰ ৬ নং ৱাৰ্ডৰ সংখ্যালঘু বসতি প্ৰধান অঞ্চল আৰু কংগ্ৰেছ দলৰ ঘাটি হিচাপে পৰিচিত ২ নং কটাহবাৰীত ২৭ জানুৱাৰীৰ সন্ধিয়া আব্দুল আজিজ, মইনুল হক, আব্দুৰ ৰচিদ, মান্নান মিশ্রি, নীলিমা খাতুন, মাৰ্জিনা খাতুনৰ নেতৃত্বত পাঁচ শতাধিক কংগ্ৰেছ কর্মী-সমৰ্থকে অগপ দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ দলটোত যোগদান কৰে। আনহাতে এই উপলক্ষে মৌলানা কৰিব আব্দুছ চালাম কাচিমিৰ সভাপতিত্বত অনুষ্ঠিত যোগদান কাৰ্যসূচীত অগপ দলত যোগদান কৰা সকলক আদৰণি জনাই পশ্চিম গুৱাহাটীৰ বিধায়ক আৰু অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। ভাষণ প্ৰসংগত বিধায়ক কলিতাই অগপ দলেহে ৰাজনীতিৰ উৰ্ধত ৰাজ্যৰ সংখ্যালঘু লোক সকলৰ কল্যাণৰ বাবে জন্মলগ্নৰে পৰা কাম কৰি অহা বুলি ব্যক্ত কৰি কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলে কেৱল সংখ্যালঘু লোকক ভোটবেংক হিচাপে ব্যৱহাৰ কৰি আহিছে বুলি আক্ষেপ প্ৰকাশ কৰে। অনুষ্ঠানত আচগৰ আলী, ফজল আলী, বৰষা নাথ কলিতা, অজয়া ৰাভা, নকুল কলিতা, বলেন দাসকে ধৰি কেবাজনো অগপ নেতা উপস্থিত থাকে। আনহাতে দলত যোগদান কৰা কেইবাজনেও আগন্তক দিনত অগপৰ সাংগঠনিক দিশ শক্তিশালী কৰি দলৰ প্ৰাৰ্থী হিচাপে ৰমেন্দ্ৰ নাৰায়ণ কলিতা যাতে মিত্ৰজোঁটৰ হৈ পুনৰ বিজয়ী হব পাৰে তাৰ বাবে হাতে কামে নামি পৰিব বুলি সদৰি কৰে।
ভিউৱাছৰ মতামত