চলিত বৰ্ষৰ আজি দ্বিতীয়টো চন্দ্ৰগ্ৰহণ। চন্দ্ৰগ্ৰহণ ইয়াৰ পূৰ্বে যোৱা জানুৱাৰী মাহত হৈছিল। ভাৰতীয় সময় মতে নিশা ১১বাজি ১৫বজাত আজি এই চন্দ্ৰগ্ৰহণৰ আৰম্ভ হ’ব আৰু এই চন্দ্ৰগ্ৰহণ নিশা ২বাজি ৩৪বজালৈকে চলিব। যদিও ১১বাজি ১৫বজাত চন্দ্ৰগ্ৰহণ আৰম্ভ হ’ব যদিও এই প্ৰভাৱ অধিক স্পষ্ট হৈ পৰিব নিশা ১২বাজি ৫৪ বজাত। আজিৰ এই চন্দ্ৰগ্ৰহণ মানুহে খালী চকুৰে চাব পাৰিব। সমগ্ৰ ভাৰতৰ সমান্তৰালকৈ ৰাছিয়া, ইউৰোপ, অষ্ট্ৰেলিয়া আৰু আফ্ৰিকাতো আজিৰ এই চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ পৰিব। চলিত বৰ্ষৰ পুনৰ জুলাই আৰু নবেম্বৰ মাহত চন্দ্ৰগ্ৰহণ হ’ব। এইবাৰৰ চন্দ্ৰগ্ৰহণ উপচ্ছায়া গ্ৰহণ হ’ব। ইয়াৰ ফলত গ্ৰহণৰ সময়ত কেৱল চন্দ্ৰৰ ৰং অকণমান পাতলীয়া হৈ পৰিব। যিহেতু এইবাৰৰ চন্দ্ৰগ্ৰহণ উপচ্ছায়া গ্ৰহণ হ’ব সেয়েহে ইয়াৰ ফলত গ্ৰহণৰ সময়ত চন্দ্ৰৰ ওপৰত বেছি অন্ধকাৰ নামি নাহে।

নামৰূপৰ সাৰ কাৰখানালৈ আহিছে ভাল খবৰ
নামৰূপ কাৰখানাৰ বাবে আছে ভাল খবৰ। নামৰূপ সাৰ কাৰখানাৰ চতুর্থ গোটৰ স্থাপন হোৱাৰ সপোন এতিয়া সাৰ্থক হোৱাৰ দিশে আগবাঢ়িছে।আজি কেন্দ্ৰীয় সাৰ আৰু ৰসায়ন বিভাগৰ মন্ত্ৰী সদানন্দ গৌড়াৰে হোৱা এক আলোচনাত উপস্থিত থকাৰ পিছতে কাৰখানাটোৰ চতুৰ্থটো গোট স্থাপনৰ ক্ষেত্ৰত সম্ভাৱনা ব্যক্ত কৰিছে বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী ড০ শৰ্মাই জনাই যে চতুৰ্থটো গোটক লৈ থকা জটিলতা আঁতৰাবলৈ অসম চৰকাৰে বিনিয়োগৰ পৰিমাণ পূৰ্বৰ ১১ শতাংশৰ পৰিৱৰ্তে ২৬ শতাংশলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছে।
লগতে বিত্তমন্ত্ৰী গৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে এই সম্পৰ্কত সেউজ সংকেত দিব।উল্লেখযোগ্য যে ১৯৬৯ চনৰ পৰা আৰম্ভ হোৱা কাৰখানাটোৰ ২য় আৰু ৩য় গোটৰ কাম অতি দুৰ্বলভাৱে চলি থকাৰ পিছত ৪ৰ্থটো গোট মুকলি কৰাৰ বাবে চেষ্টা চলাই থকা হৈছিল যদিও ই কাৰ্যতঃ হৈ উঠা নাছিল। কিন্তু আজি বৈঠকত বিত্তমন্ত্ৰী গৰাকীয়ে চতুৰ্থটো গোট স্থাপনৰ স্থাপনৰ সম্ভাৱনাৰ থকা কথা সদৰি কৰে।
ভিউৱাছৰ মতামত