উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম চিমেণ্ট প্ৰতিষ্ঠান টপচেম চিমেণ্ট আৰু এ এ চি ব্লক নিৰ্মাতা প্ৰতিষ্ঠান ব্ৰিক’লাইট এ এ চি ব্লকে উত্তৰ পূৰ্বাঞ্চলত ভাৰত চৰকাৰৰ দক্ষতা আৰু উদ্যমিতা মন্ত্রালয়ৰ কাৰ্যসূচী প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত ৬ জানুৱাৰীত আৰ পি এলৰ কাৰ্যসূচী মুকলি কৰে।ইয়াৰ জৰিয়তে নিৰ্মাণ খণ্ডত কৰ্মৰত বিভিন্ন প্ৰশিক্ষণ প্ৰদান কৰি দক্ষ কৰি তোলে।আৰ পি এলৰ প্ৰথমটো কাৰ্যসূচীত ৩৪ গৰাকী ৰাজমিস্ত্ৰীয়ে অংশগ্রহণ কৰে।এই সম্পর্কত হোটেল লেণ্ডমাৰ্কত আয়োজিত এক সংবাদমেলত মেঘালয় চিমেণ্ট লিমিটেডৰ ক্ৰয় আৰু বিপণন বিভাগৰ অধ্যক্ষ ড০ অনিল কাপুৰে কয় যে এই কাৰ্যসূচীৰ জৰিয়তে ৰাজমিস্ত্ৰীসকলে আনুষ্ঠানিকভাৱে স্বীকৃতি লাভ কৰিব।উল্লেখযোগ্য যে সামাজিক দায়বদ্ধতা কাৰ্যসূচী হিচাপে টপচেম চিমেণ্ট আৰু ব্ৰিক’লাইট এ এ চি ব্লকে ১০০০ ত কৈ অধিক সহায়ক ৰাজমিস্ত্ৰীক প্ৰশিক্ষণ প্ৰদানৰ পদক্ষেপ গ্রহণ কৰিছে।সংবাদমেলত উপস্থিত থাকি কে.ডি ইনফাৰৰ সাধাৰণ প্ৰৱন্ধক মনোজ বিয়ানীয়ে এই সহযোগিতাৰ জৰিয়তে নিৰ্মাণ খণ্ডৰ অতিশয় প্ৰয়োজনীয় ইটা কামৰ বাবে ৰাজমিস্ত্ৰী সকলক দক্ষ কৰি তোলাৰ প্ৰয়াসৰ দিশত অগ্ৰসৰ হৈছে বুলি জানিবলৈ দিয়ে।
Trending
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন
- ডং বান্ধ সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলৰ গুৰুত্বপূর্ণ সভা-ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত মন্ত্ৰী অশোক সিংহলৰ আকস্মিক পৰিদৰ্শন