গুৱাহাটীত অনুষ্ঠিত ছনী এণ্টাৰটেইনমেণ্ট টেলিভিচনৰ ইণ্ডিয়াজ বেষ্ট ডাঞ্চাৰৰ অডিশ্যনত প্ৰতিযোগীৰ অভূতপূর্ব সঁহাৰি পৰিলক্ষিত হৈছে ।অহা ২৯ফেব্ৰুৱাৰীত সম্প্ৰচাৰ হ’বলগীয়া এই ৰিয়েলিটী শ্ব’টোৰ বিচাৰক হিচাপে থাকিব নৃত্যশিল্পী টেৰেন্স লেৱিছ,গীতা কাপুৰ আৰু মালাইকা আৰোৰা।অনুষ্ঠানটোৰ আঁত ধৰিব জনপ্রিয় কৌতুক অভিনেত্রী ভাৰতী সিং আৰু হৰ্ষ লিম্বাচিয়াই।তাৰোপৰি বিভিন্ন নৃত্যগোষ্ঠীৰ পৰা ১২ জন তত্বাৱধায়কে উদীয়মান প্ৰতিভাসমূহক অনুষ্ঠানলৈ বাছনি হোৱাৰ ক্ষেত্রত সাজু কৰি তুলিব। সমগ্ৰ দেশজুৰি প্ৰতিভাৰ সন্ধান চলোৱা ইণ্ডিয়াজ বেষ্ট ডান্সাৰৰ গুৱাহাটী অডিশ্যনত দুশ গৰাকী প্ৰতিযোগীয়ে অংশগ্রহণ কৰিছে।ইয়াৰ মাজৰ পৰা শ্ৰেষ্ঠ নিৰ্বাচিত প্ৰতিযোগীসকলে ১১ ফেব্ৰুৱাৰীত কলিকতাৰ চি আই আই ত দ্বিতীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।২৯ফেব্ৰুৱাৰীত এই অনুষ্ঠান চনী টি ভিৰ জৰিয়তে সম্প্ৰচাৰ হ’ব।

কাইলৈ হ’ব বিশাল গণসমাবেশ -জেৰেঙা পথাৰত চলিছে প্ৰস্তুতি
ঐতিহাসিক জেৰেঙা পথাৰত কালিলৈ অনুষ্ঠিত হ’ব এক বিশাল গণসমাবেশ।এই সভাত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী । ইতিমধ্যে এসপ্তাহ ধৰি সভাৰ যাবতীয় প্ৰস্তুতি অব্যাহত আছে। শিৱসাগৰ জিলা প্ৰশাসনে নিৰাপত্তা ক্ষেত্ৰত পহৰাৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে এই বিশাল গণ সমাবেশত ৩ লাখ লোকক ভূমি পট্ৰা প্ৰদান কৰিব।দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ আগমনকলৈ ৪ খনকৈ হেলিপেড সাজু কৰি তুলিছে। জানিব পৰা মতে প্ৰতিখন জিলাৰ পৰা বিভিন্ন প্ৰতিনিধি এই সমাবেশলৈ আহিব। এই সমাবেশত অংশগ্ৰহণকাৰী সকলে ক’ভিড প্ৰট’কল মনাৰ লগতে কিছু নীতি নিৰ্দেশনা মানি চলিব লাগিব বুলি শিৱসাগৰ জিলা প্ৰশাসনে জানিবলৈ দিছে।
ভিউৱাছৰ মতামত