বিশ্ব বিনিয়োগ সন্মিলনৰ যোগেদি অসমৰ উদ্যোগ, বাণিজ্য ক্ষেত্ৰখনলৈ প্ৰসাৰতা আহিছে।যাৰ জৰিয়তে অসমত সৰ্বমুঠ ৫৬হাজাৰ৬শ ৩০কোটি টকা বিনিয়োগ কৰিবলৈ দেশী বিদেশী কোম্পানীবোৰে আগ্ৰহ প্ৰকাশ কৰিছে।এই মন্তব্য উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ।আজি জনতা ভৱনত আয়োজিত এক সংবাদ মেলত মন্ত্ৰীগৰাকীয়ে কয় যে যোগীঘোপাত লজিষ্টিক হাব নিৰ্মাণ কৰা হ’ব।তিনিচুকীয়াত প্লাষ্টিক পাৰ্ক স্থাপন কৰা হৈছে।যাৰ জৰিয়তে বহু নিবনুৱাই কৰ্মসংস্থাপন পাবলৈ সক্ষম হ’ব।অ’এন জি চিয়ে অসমৰ প্ৰায় ১০০খন ঠাইত খনন কাৰ্য্য আৰম্ভ কৰিব ।এন আৰ এলৰ শোধনাগাৰৰ শোধন ক্ষমতা ৩ৰ পৰা ৬মিলিয়ন টনলৈ বৃদ্ধি পাব।পূৰ্বে বন্ধ হৈ থকা ৰেলপথ সমূহ মুকলি কৰা হ’ব।মন্ত্ৰীগৰাকীয়ে চৰকাৰৰ কামৰ খতিয়ান দাঙি ধৰি কয় যে ডিজিটেল সেৱাৰ ক্ষেত্ৰতো যুগান্তকাৰী পৰিৱৰ্ত্তনৰ সূচনা হ’ব।আজি অনুষ্ঠিত কৰা সংবাদ মেলত মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, শান্তনু ভৰালী উপস্থিত থাকে ।

পবিত্ৰ ৰাম নৱমীৰ শুভেচ্ছা জ্ঞাপন কৰিলে ৰাষ্ট্ৰপতিয়ে
আজি ৰাম নৱমী।এই ৰাম নৱমী হিন্দু ধর্মৰ এক পবিত্ৰ উৎসৱ।এই উৎসৱ ভগৱান ৰামৰ জন্মৰ লগত জৰিত।ৰাম নৱমী উপলক্ষে বিভিন্ন ঠাইত পূজা অৰ্চনা কৰা হৈছে।এই ৰাম নৱমী শুক্লপক্ষৰ নৱমী তিথিত পালন কৰা হয়।
ৰাম নৱমী উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জনায় কয় যে ভগৱান ৰামৰ আৰ্শীবাদ দেশবাসীৰ প্ৰতি সদায় বৰ্তি থাকক।আনহাতে এই সম্পৰ্কত ৰাষ্ট্ৰপতি ৰামনাথ কবীন্দ্ৰে এনেদৰে কয় ৰামৰ ধৰ্মই আমাক সদায় অনুপ্ৰাণিত কৰি আহিছে।ন্যায় আৰু মানৱীয় গুণৰ বাবে ৰামৰ আদৰ্শই যুগ যুগ ধৰি সকলোকে অনুপ্ৰেৰণা যোগাব।
ভিউৱাছৰ মতামত