বিশ্বৰ ইছলাম ধৰ্মালম্বী লোকসকলৰ পবিত্ৰ এমহীয়া ৰোজাৰ অন্তত ত্যাগৰ উৎসৱ ঈদ উদযাপিত হৈছে।ৰাজ্যৰ অন্য ঠাইৰ লগতে বুধবাৰে মহানগৰীৰ ঈদগাহ মৈদামত নামাজ সম্পন্ন হয় ।তিনি সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা সমূহীয়া নামাজত ইমাম কৰে বৰপেটা জিলাৰ চেঙা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক হাৰ্জ মৌলনা ডক্টৰ নজৰুল ইছলামে।আনহাতে নামাজৰ আৰম্ভণিতে উপস্থিত সকলোকে আদৰণি জনায়।নামাজৰ লগত সংগতি ৰাখি কবৰ স্থান মজিদ উন্নয়নৰ বাবে ধন সংগ্ৰহ কৰে বুলি জানিব পৰা গৈছে ।

কাইলৈ হ’ব বিশাল গণসমাবেশ -জেৰেঙা পথাৰত চলিছে প্ৰস্তুতি
ঐতিহাসিক জেৰেঙা পথাৰত কালিলৈ অনুষ্ঠিত হ’ব এক বিশাল গণসমাবেশ।এই সভাত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী । ইতিমধ্যে এসপ্তাহ ধৰি সভাৰ যাবতীয় প্ৰস্তুতি অব্যাহত আছে। শিৱসাগৰ জিলা প্ৰশাসনে নিৰাপত্তা ক্ষেত্ৰত পহৰাৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে এই বিশাল গণ সমাবেশত ৩ লাখ লোকক ভূমি পট্ৰা প্ৰদান কৰিব।দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ আগমনকলৈ ৪ খনকৈ হেলিপেড সাজু কৰি তুলিছে। জানিব পৰা মতে প্ৰতিখন জিলাৰ পৰা বিভিন্ন প্ৰতিনিধি এই সমাবেশলৈ আহিব। এই সমাবেশত অংশগ্ৰহণকাৰী সকলে ক’ভিড প্ৰট’কল মনাৰ লগতে কিছু নীতি নিৰ্দেশনা মানি চলিব লাগিব বুলি শিৱসাগৰ জিলা প্ৰশাসনে জানিবলৈ দিছে।
ভিউৱাছৰ মতামত