দক্ষিণ কামৰূপৰ আগশাৰীৰ বাতৰি কাকত পৰিৱেশক ৰামপুৰস্থিত কালিকান্ত নিউজ এজেঞ্চিৰ উদ্যোগত আজি ৰাজাপুখুৰী সত্ৰৰ তপন কুমাৰলৈ ইলা শৰ্মা গোস্বামী সোৱৰণী শ্ৰেষ্ঠ বাতৰি কাকত পঢ়ুৱৈ বঁটা প্ৰদান কৰা হয়। এই উপলক্ষে ৰাজাপুখুৰী সত্ৰ ৰাইজ গয়ৰহৰ সম্পাদক যোগেন্দ্ৰ কুমাৰৰ সভাপতিত্বত বঁটা প্ৰাপক তপন কুমাৰৰ বাসগৃহত এখন সভাখন অনুষ্ঠিত হয়। সভাত সন্মানীয় অতিথি হিচাপে অংশ গ্ৰহণ কৰি পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰবিষয়া সুস্বপ্না কাকতিয়ে বাতৰি কাকত এখন ৰাইজৰ মাজলৈ লৈ যোৱাত এজেঞ্চি এটাই গুৰুত্বপূৰ্ণ ভূমিকা লয় বুলি মন্তব্য কৰে। তপন কুমাৰক এই বঁটা প্ৰদান কৰি আমাৰ অসম কাকতৰ জ্যেষ্ঠ উপ-সম্পাদক মিলন কুমাৰ দাসে কাকত গোষ্ঠীয়ে সমাজক সঠিক পথৰ সন্ধান দিব লাগে বুলি মন্তব্য কৰে। বৃহত্তৰ ৰামপুৰ অঞ্চলত কালিকান্ত নিউজ এজেঞ্চিয়ে বাতৰি কাকতক গণমুখী কৰি তোলাক লৈ অহা ভূমিকাক কৃতজ্ঞতাৰে উল্লেখ কৰে। সভাত মুখ্য অতিথি হিচাপে অংশ লৈ অৱসৰপ্ৰাপ্ত বেংক বিষয়া ৰমেশ চন্দ্ৰ শৰ্মাই কালিকান্ত নিউজ এজেঞ্চিয়ে অতি সাধাৰণ অৱস্থাৰ পৰা অশেষ ত্যাগ, কষ্টৰ জৰিয়তে কেনেদৰে ৰাইজৰ মাজলৈ বাতৰি কাকত কঢ়িয়াই নি আজি উন্নতি কৰিছে তাৰ বাখ্যা দাঙি ধৰে। সভাত নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক ধীৰেণ কুমাৰ আৰু সাংবাদিক অনিল কলিতাই কালিকান্ত নিউজ এজেঞ্চিয়ে পাঠকৰ প্ৰতি ৰখা দায়বদ্ধতাক ভূয়সী প্ৰশংসা কৰে। সভাৰ আৰম্ভণিতে ইলা শৰ্মা গোস্বামীৰ স্মৃতিত এক মিনিট মৌন প্ৰাৰ্থনা জনোৱাৰ লগতে অনাতাৰ শিল্পী হৰেন কলিতাই মাধৱদেৱ বিৰচিত এটি বৰগীত পৰিৱেশন কৰে। কালিকান্ত নিউজ এজেঞ্চিৰ স্বত্বাধিকাৰী বিমল শৰ্মাই সভাৰ উদ্দেশ্য বাখ্যা প্ৰসংগত কয় যে বাতৰি কাকতৰ পাঠক সকলৰ মাজত চেতনা জাগৃত কৰা আৰু এই উদ্যোগক গণমুখী কৰি তোলাটোয়ে মূল লক্ষ্য বুলি কয়। শতাধিক লোক উপস্থিত থকা সভাখনত নহিৰা গাঁও পঞ্চায়তৰ সভাপতি মহেশ্বৰ ঠাকুৰীয়া, অৱসৰ প্ৰাপ্ত শিক্ষক ৰতিকান্ত শৰ্মা, ৰামপুৰৰ বিশিষ্ট সমাজকৰ্মী ৰমেন কলিতা, আইনৰ ছাত্ৰ তাপস মেধী, উপৰহালী শংকৰদেৱ শিশু নিকেতনৰ আচৰ্য অমৃত চন্দ্ৰ নাথেও চমুকৈ বক্তব্য ৰাখে। আনহাতে তপন কুমাৰে বটা গ্ৰহণ কৰি ১৭ বছৰ ধৰি বাতৰি কাকত পঢ়ুৱৈ হিচাপে থকাৰ কাৰণ কাকতখনৰ সামাজিক দায়বদ্ধতা, নিষ্ঠা আদি দিশৰ প্ৰতি আকৰ্ষিত হোৱা বুলি মন্তব্য কৰে।

মিছেছ লিডাৰশ্বীপ খিতাপ অৰ্জন পলাশবাৰী সৰপাৰাৰ অনামিকা ডেকাৰ
দক্ষিণ কামৰূপৰ পলাশবাৰী সৰপাৰাৰ এগৰাকী বিউটিচিয়ান তথা মেকাপ আৰ্টিছ অনামিকা ডেকাই জগত জিনাৰ সপোন ৰচিছে। মিৰ্জাৰ সমীপৱৰ্তী সৰপাৰা চন্দ্ৰধৰ ডেকা আৰু সৰলা ডেকাৰ জীয়ৰী অনামিকা ডেকাই মহানগৰীৰ জিলা পুথিভড়াঁলত যোৱা ২৩ জানুৱীত ‘ইণ্টাৰনেচনেল গ্লোবেল ষ্টাৰ আইকন’ৰ উদ্যোগত মিচেছ, মিষ্টাৰ আৰু শিশুৰ বাবে অনুষ্ঠিত এখন ব্যয় বহুল প্ৰতিযোগিতাত সৰপাৰাৰ অনামিকাই ডেকাই মেকআপ আৰ্টিছৰ গ্ৰুপৰ ভিতৰত ইণ্টাৰনেচনেল লিডাৰশ্বীপ এৱাৰ্ড চুড়ান্ত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। উক্ত প্ৰতিযোগিতাত প্ৰায় শতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছিল। ডেকাৰ এনে সাফল্যত উৎফুলিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজৰ লগতে পলাশবাৰীবাসী ৰাইজে। উল্লেখ্য যে, অনামিকা ডেকাই ইয়াৰ পূৰ্বে ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰত অনুষ্ঠিত এনেধৰণৰ প্ৰতিযোগিতাত বহুবাৰ সন্মান লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। মিৰ্জাত যুৱতীগৰাকীয়ে এখন লেডিছ বিউটি পাৰ্লাৰ যোগেদি নিজৰ অৰ্থ উপাৰ্জন কৰাৰ উপৰিও বহুকেইখন চিনেমা আৰু ভিডিঅ’ গীতত মেকআপৰে অভিনেতা-অভিনেত্ৰীসকলৰ সৌন্দৰ্য বৰ্ধন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।অনামিকা ডেকাৰ এনে সাফল্যত দক্ষিণ কামৰূপৰ বিভিন্ন দল-সংগঠনে শুভেচ্ছা জ্ঞাপন কৰি উজ্বল ভৱিষ্যত কামনা কৰিছে।
ভিউৱাছৰ মতামত