অলপতে হায়দৰাবাদত অনুষ্ঠিত ৪১ তম সৰ্বভাৰতীয় জনসম্পৰ্কৰক্ষী সমাজৰ গুৱাহাটী অধ্যায়ক দুটা বঁটাৰে সৰ্বশ্ৰেষ্ঠ প্ৰচাৰ আৰু সৰ্বশ্ৰেষ্ঠ অনুষ্ঠানৰ বাবে বঁটা প্ৰদান কৰে।তেলেংগনা চৰকাৰৰ সাংস্কৃতিক আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী শ্ৰীনিবাস গৌৰ পৰা,পি আৰ এছ আইৰ ৰাষ্ট্ৰীয় সভাপতি ড০ অজিত পাঠক আৰু পি এছ আৰ আইৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্যসকলৰ লগতে ভাৰতৰ ভিন্ন প্ৰান্তৰ আগশাৰীৰ নিগমসমূহক প্ৰতিনিধিত্ব কৰা ৩০০ তকৈও অধিক প্ৰতিনিধিৰ উপস্থিতিত পি আৰ এছ আই গুৱাহাটীৰ অধ্যক্ষ মধুচন্দা অধিকাৰী আৰু পি আৰ এছ আইৰ পূৱ প্ৰান্তৰ ভি পি এম এছ মজুমদাৰে এই বঁটা গ্ৰহণ কৰে।উল্লেখ্য যে গুৱাহাটী অধ্যায়ৰ কাৰ্যক্ৰমৰ খতিয়ানসহ জনসম্পৰ্ক তথা নিগম যোগাযোগৰ বিষয়ত শিক্ষামূলক বুদ্ধিদীপ্ত নিবন্ধযুক্ত বছৰেকীয়া গ্ৰন্থ চেভেন চিষ্টাৰ্ছে সৰ্বশ্ৰেষ্ঠ অধ্যায় প্ৰচাৰ পত্ৰিকাৰ বঁটা লাভ কৰে।আনহাতে,গুৱাহাটীত ৩১ আগষ্ট,২০১৬ ত অনুষ্ঠিত গুৱাহাটী অধ্যায়ৰ প্ৰমূখ পৰ্ব নৰ্থ ইষ্ট পি আৰ সমাৰোহৰ চতুৰ্থ খণ্ডই সৰ্বশ্ৰেষ্ঠ অধ্যায় কাৰ্যক্ৰমৰ সন্মান লাভ কৰে।সমগ্ৰ দেশজুৰি ২৫ টা অধ্যায়সহ ১৯৫৮ চনত গঠিত হোৱা পি আৰ এছ আই হৈছে জনসম্পৰ্কৰক্ষী তথা নিগম যোগাযোগৰ পেছাদাৰী ব্যক্তিসকলৰ শীৰ্ষতম সংস্থা।

নেতাজীৰ কিছু অপ্ৰকাশ্য কথাৰে…
দেশৰ স্বতন্ত্ৰ সেনানীৰ তালিকাত শীৰ্ষত থকা অন্যতম বীৰ যোদ্ধা হ’ল সুভাষ চন্দ্ৰ বসু। তেখেতে ১৮৯৭ চনৰ ২৩ জানুৱাৰীত উৰিষ্যাৰ কটকত জন্ম গ্ৰহণ কৰিছিল।সুভাষ চন্দ্ৰ বসু আছিল একেধাৰে বীৰ যোদ্ধা , সৈনিক আৰু দক্ষ ৰাজনীতিবিদ। তেতিয়াৰে দিনতে দেশৰ লগতে বিদেশতো তেখেতে বেচ সমাদৰ লাভ কৰিছিল।
আজাদ হিন্দ ফৌজ গঠন কৰি দেশবাসীক দেশৰ স্বাধীনতা বাবে উদ্বুদ্ধ কৰি তুলিছিল। সুভাষ চন্দ্ৰ বসুয়ে দেশবাসীক উদ্দেশ্যে কৈছিল মনত ৰাখিব সকলোতকৈ ডাঙৰ অপৰাধ হ’ল অন্যায় সহা আৰু ভুল বুলি জানিও সহমত প্ৰদান কৰা।
সৰুৱে পৰা নেতাজী আছিল অত্যন্ত মেধাসম্পন্ন। এবাৰ কলেজত এগৰাকী ইংৰাজ অধ্যাপকে ভাৰতীয় বিষয়ে আপত্তিজনক মন্তব্য কৰিছিল। তেতিয়া নেতাজীয়ে সেই মন্তব্যক বিৰোধিতা কৰাৰ বাবে শাস্তি ভুগিব লগা হৈছিল।নেতাজীয়ে মহামানৱক জাতিৰ পিতা বুলি সম্বোধন কৰিছিল।যদিও মহামানৱ মহাত্মা গান্ধী দৰ্শনৰ লগত সুভাষ চন্দ্ৰ বসুৰ দৰ্শন অমিল আছিল তথাপিও দুগৰাকীয়ে দেশৰ স্বাধীনতা আন্দোলনৰ বাবে আহোপুৰুষাৰ্থ কৰিছিল।ইংৰাজৰ দিনতে ভাৰতীয় প্ৰশাসনীয় সেৱাত উত্তীৰ্ণ হৈও এজন সমাজসেৱক অথবা ৰাজনীতিবিদৰ হিচাপেহে দেশৰ সেৱা আগবঢ়াইছিল।
তেখেতে কৈছিল কাম কৰি যোৱা ফলাফল দাতাই দিব।এইগৰাকী বীৰক সন্মান জনাই তেখেতৰ জন্মদিনটোৰ পৰাক্ৰম দিৱস হিচাপে পালন কৰা হয়।নেতাজীৰ মৃত্যু আজিও ৰহস্য হৈয়ে থাকিল। প্ৰাপ্ত তথ্য অনুসৰি ১৯৪৫ চনৰ ১৮ আগষ্টত এক প্লেন দুৰ্ঘটনাত মৃত্যু হয়।নেতাজী জীৱিত থকা হ’লে ভাৰতীয় ৰাজনীতিয়ে অন্য মাত্ৰা লাভ কৰিলে হেতেন!এইগৰাকী মহান মনিষীৰ শুভ জন্মদিনত শ্ৰদ্ধাৰে সুঁৱৰিছো।
ভিউৱাছৰ মতামত