১৩ডিচেম্বৰ পৰা ১৫ ডিচেম্বৰলৈ হায়দৰাবাদত অনুষ্ঠিত সৰ্বভাৰতীয় জনসম্পৰ্কৰক্ষী সমাজৰ ৪১সংখ্যক সন্মিলনত নুমলীগড শোধনাগাৰ লিমিটেডে ঘৰুৱা মুখগ্ৰন্থ ইংৰাজী শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়।এই পুৰস্কাৰ গ্ৰহণ কৰে এন আৰ এলৰ উপ মহাপ্ৰবন্ধক মধুচন্দা অধিকাৰীয়ে।পি আৰ এছ আইৰ ৰাষ্ট্ৰীয় সভাপতি ডক্টৰ অজিত পাঠকৰ পৰা শিক্ষাবিদ,বুদ্ধিজীৱি ,৩০০ৰো অধিক জনসম্পৰ্কৰক্ষীৰ উপস্থিতিত তেখেতে এই বঁটা গ্ৰহণ কৰে।

পবিত্ৰ ৰাম নৱমীৰ শুভেচ্ছা জ্ঞাপন কৰিলে ৰাষ্ট্ৰপতিয়ে
আজি ৰাম নৱমী।এই ৰাম নৱমী হিন্দু ধর্মৰ এক পবিত্ৰ উৎসৱ।এই উৎসৱ ভগৱান ৰামৰ জন্মৰ লগত জৰিত।ৰাম নৱমী উপলক্ষে বিভিন্ন ঠাইত পূজা অৰ্চনা কৰা হৈছে।এই ৰাম নৱমী শুক্লপক্ষৰ নৱমী তিথিত পালন কৰা হয়।
ৰাম নৱমী উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জনায় কয় যে ভগৱান ৰামৰ আৰ্শীবাদ দেশবাসীৰ প্ৰতি সদায় বৰ্তি থাকক।আনহাতে এই সম্পৰ্কত ৰাষ্ট্ৰপতি ৰামনাথ কবীন্দ্ৰে এনেদৰে কয় ৰামৰ ধৰ্মই আমাক সদায় অনুপ্ৰাণিত কৰি আহিছে।ন্যায় আৰু মানৱীয় গুণৰ বাবে ৰামৰ আদৰ্শই যুগ যুগ ধৰি সকলোকে অনুপ্ৰেৰণা যোগাব।
ভিউৱাছৰ মতামত