ইন্দ্ৰপ্ৰস্থ এপ’ল হস্পিতাল দিল্লীৰ উদ্যোগত আজি গুৱাহাটী এপ’ল হস্পিতালত ইনক্ৰিজিং এলবাইলজিম এণ্ড ফেটী লিভাৰ ডিজিজ শীৰ্ষক এক সজাগতামূলক কাৰ্যক্ৰম অনুষ্ঠিত হয়।এই উদ্দেশ্য আয়োজিত এক সংবাদ মেলত অংশলৈ ইন্দ্ৰপ্ৰস্থ হস্পিতালৰ যকৃত সংৰোপন বিভাগৰ জ্যেষ্ঠ চিকিৎসক ডক্তৰ নীৰব গোৱেলে কয় যে অস্বাস্থ্যকৰ জীৱন শৈলী, মাদক প্ৰতি আসক্তি বৃদ্ধিয়ে যকৃত সমন্বীয় ৰোগৰ মুখ্য কাৰণ হৈ পৰিছে।জানিব পৰা মতে প্ৰতি ৪৫ দিনৰ বাবে এই চিকিৎসা সেৱা উপলদ্ধ হ’ব।প্ৰতিমাহৰ এদিনকৈ বহি:বিভাগ বিভাগৰ চিকিৎসা সেৱা লাভ কৰিব ।লগতে চিকিৎসক গৰাকীয়ে যকৃতৰ বিভিন্ন ৰোগসমূহৰ প্ৰতিকাৰ ,চিকিৎসা পদ্ধতিৰ সম্পৰ্কে বক্তব্য আগবঢ়ায়।

আজিৰে পৰা অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যোগ শস্যৰ প্ৰদৰ্শনী মেলা
আজিৰে পৰা বোকাখাতৰ ৰাজহুৱা খেলপথাৰত আৰম্ভ হ’ব ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্যৰ প্ৰদৰ্শনী মেলা।অসম চৰকাৰৰ কৃষি,পশু পালন আৰু উদ্যান শস্য বিভাগৰ দ্বাৰা আয়োজিত এই মেলা খন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।
তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগীয়া এই মেলাখনত আলোচনা চক্ৰ কৰ্মশালা আৰু প্ৰশিক্ষণৰ কাৰ্যসূচীও অনুষ্ঠিত হ’ব। জানিব পৰা মতে ১০ খন ৰাষ্ট্ৰ হাইকমিচনাৰে এই মেখখনত ভাৰ্চুৱেল যোগে অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰিও ৰাজ্যৰ বিভিন্ন উদ্যমী লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভিয়েটনাম মালয়েচিয়া বিভিন্ন দেশৰ প্ৰতিনিধিও অংশগ্ৰহণ কৰিব । উল্লেখযোগ্য যে ৰাজ্যৰ উদ্যমী সকলক উৎসাহ যোগোৱা উদ্দেশ্যে আৰু এই মেলাখন অনুষ্ঠিত কৰা হৈছে বুলি জানিব পৰা গৈছে।
অনুষ্ঠানত কেন্দ্ৰীয় কৃষিমন্ত্ৰী গৰাকীও অনলাইনযোগে কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা । প্ৰায় ৫ কোটি টকাৰ বাজেটেৰে আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰদৰ্শনীৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশ গ্ৰহণ কৰিব বুলি সংবাদ মেলত মন্ত্ৰী অতুল বৰাই জনায় ।
ভিউৱাছৰ মতামত