নগাঁও সদৰৰ পৰা প্ৰায় ২৫ কি. মি. দূৰত কোৱাইকটা এখন ঐতিহাসিক থান (সত্ৰ) ।এই সত্ৰখনৰ উন্নয়নৰ স্বাৰ্থতে সাম্প্ৰদায়িক ভেদা ভেদ পাহৰি আজি একেলগে সমবেত হ’ল হিন্দু – মুছলমান সম্প্ৰদায়ৰ তিনি শতাধিক লোক । জাতি – ধৰ্ম – বৰ্ণ নিৰ্বিশেষে বৃহৎ অসমীয়া জাতি গঠনৰ যি সপোন গুৰুজনাই দেখিছিল তাৰেই এক নিদৰ্শন দাঙি ধৰিলে কোবাইকটা বাসীয়ে । সতী ৰাধিকাৰ জন্মস্থান তথা স্মৃতি বিজৰিত ঐতিহ্যমণ্ডিত কিন্তু সু-পৰিচালনাৰ অভাৱত জৰাজীৰ্ণ হৈ পৰা থান খনৰ সুৰক্ষা আৰু উন্নয়নৰ উদ্দেশ্যেই আজিৰ ৰাজহুৱা সভাখন অনুষ্ঠিত হয়। অঞ্চলটোৰ জেষ্ঠ ভকত মুহিধৰ আতাই সভাপতিত্ব কৰা সভাখনত উপস্থিত থাকি বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি দেৱানন্দ দেৱগোস্বামীয়ে কোবাইকটা বাসীয়ে যি সমন্বয়ৰ সেঁতু গঢ়িলে সেয়া সমগ্ৰ বিশ্ব বাসীৰ বাবে এক নিদৰ্শন বুলি মন্তব্য কৰে । জাতি, ধৰ্ম, সম্প্ৰদায়ক লৈ ৰাজ্য খনত ভেদাভেদৰ ৰাজনীতিয়ে গা কৰি উঠাৰ এই সময়ত গুৰুজনাৰ আদৰ্শৰে সম্বন্বয়ৰ সেতু গঢ়িব লাগিব বুলিও তেওঁ মন্তব্য আগবঢ়ায়। সভাত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰ মোহন বৰুৱা, পশ্চিম নগাঁও জিলা সত্র মহাসভাৰ প্ৰতিনিধি থগিত মহন্ত আদিয়ে ঐতিহাসিক থান(সত্র) খনৰ উন্নয়ন আৰু পৰিচালনাৰ বাবে ৰাজ্য চৰকাৰ, নগাঁও জিলা প্ৰশাসন আৰু স্থানীয় বিধায়িকা আঙুৰলতা ডেকাৰ দৃষ্টিগোচৰ কৰাৰ আহ্বান জনায় আৰু অতি পুৰণি থানখনৰ পূৰ্বৰ পৰম্পৰা আৰু পদ্ধতিৰে চলাই নিয়াৰ বাবে পৰামৰ্শ আগবঢ়ায়। এই সভাতে থানৰ পৰিচালনা আৰু উন্নয়নৰ বাবে যামিনি দাসক সভাপতি আৰু অচ্যুত কুমাৰ দাসক সম্পাদক হিচাবে লৈ এখন সমিতি গঠন কৰা হয়। সভাত ডেকা সত্ৰীয়া অতুল মহন্ত, দিলীপ দেৱগোস্বামী, হাজী ইব্ৰাহীম আলী, হাজী আব্দুল ৰসিদ , গুলজাৰ হুছেইনৰ লগতে তিনিশতাধিক হিন্দু মুছলমানৰ ৰাইজ উপস্থিত থাকে।খবৰ যুগুতালে ৰাহুল দেৱ বৰদলৈয়ে..

পুৰণিগুদামৰ বিহু তলিত অ ৪ ব`হাগৰ দিনটোক ‘গছ বিহু’ হিচাপে পালনৰ আহ্বান অৰণ্য মানৱৰ
ৰাজ্যৰ সৰ্বত্ৰে এতিয়া ৰঙালীৰ উখল মাখল পৰিৱেশ। নগাঁও পুৰণিগুদামত ‘নাট্যম গোষ্ঠী’য়ে অনুষ্ঠিত কৰিছে বিহু নৃত্য আৰু ঢোল বাদনৰ কৰ্মশালাৰ । অলপতে নাট্যম গোষ্ঠীয়ে অনুষ্ঠিত কৰা মুকলি বিহু চাবলৈ পাৰঘাটৰ বিহু তলিত উপস্থিত হয় অৰণ্য মানৱ যাদৱ পায়েং।
উল্লেখযোগ্য যে তেখেতে পুৰণিগুদামৰ বিহু তলিত উপস্থিত হৈ ৪ ব’হাগৰ দিনটো পৰম্পৰাগত ভাৱে গছ বিহু হিচাপে পালন কৰিবলৈ নগাঁওবাসীক আহ্বান জনায়।গছৰ তলত বিহু পাতিলে নাচিবলৈ নজনা গছজোপায়েও হাঁহিব পাৰে বুলি তেখেতে মন্তব্য কৰে।
অৰণ্য মানৱ যাদৱ পায়েঙক এখনি গামোচা, এখন চেলেং চাদৰ আৰু এখন ফলকৰ জৰিয়তে ৰাজহুৱাভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰে।অনুষ্ঠানত উপস্থিত থাকি প্ৰকৃতি তথা মানুহৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ অৰ্থে কৰিবলগীয়া কৰ্ম সম্বন্ধেও পায়ঙে মন্তব্য কৰে।
ভিউৱাছৰ মতামত