ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ ইতিহাসত নতুন অধ্যায়ৰ সূচনা হ’ব।কটনিয়ানৰ বাবে ইউনিফৰ্ম বাধ্যতামূলক কৰিছে।২০১৯ বৰ্ষৰ শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ ছাত্ৰী সকলে ইউনিফৰ্ম পৰিধান কৰিব লাগিব ।অৱশ্যে ইউনিফৰ্ম কেনেকুৱা অথবা ইউনিফৰ্মৰ ৰং কি হ’ব সেই বিষয়ে এতিয়ালৈকে সিদ্ধান্ত গ্ৰহণ কৰা নাই ।ইউনিফৰ্ম নতুনকৈ সংযোজন কৰাৰ সম্পৰ্কত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কয় যে বিশ্ববিদ্যালয়খনৰ অনুশাসন শিক্ষাৰ্থীয়ে মানি চলাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

অসমৰ ক্ৰীড়া প্ৰেমীলৈ সুনাম কঢ়িয়াই আনিলে ৰিংকু, বিকাশ, হিৰকজ্যোতিয়ে..
উত্তৰ প্ৰদেশৰ গাজিয়াবাদত যোৱা ১৬আৰু ১৭ জানুৱাৰীত অনুষ্ঠিত হোৱা অখিল ভাৰতীয় ৰাষ্টীয় টাইকোৱাণ্ড কাপ ২০২১ ত মহানগৰীৰ ধাৰাপুৰ টাইকোৱাণ্ড একাডেমীৰ হৈ সাত জন টাইকোৱাণ্ড খেলুৱৈয়ে অংশগ্ৰহণ কৰি বিজয়ী হৈ ধাৰাপুৰৰ লগতে অসমৰ নাম জিলিকাবলৈ সক্ষম হয় । উল্লেখ্য যে ধাৰাপুৰ টাইকোৱাণ্ড একাডেমীৰ হৈ ৰিংকু কৰোৱাই সোণৰ মেডেল,বিকাশ কলিতা, হিৰকজ্যোতি দাসে ৰূপৰ মেডেল, পৰশমণি কলিতাই ৰূপৰ মেডেল, গৌতম দাসে ৰূপৰ মেডেল, প্ৰিয়ম কলিতাই ব্ৰঞ্জৰ মেডেল আৰু গোকুল দাসে ব্ৰঞ্জৰ মেডেল লাভ কৰিবলৈ সক্ষম হয় । এই সকল খেলুৱৈ সুনাম অৰ্জন কৰি উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ পৰা উভতি অহাৰ পিছত ধাৰাপুৰত স্কুল খেল পথাৰত আজি ধাৰাপুৰ টাইকোৱাণ্ড একাডেমীৰ প্ৰশিক্ষক সঞ্জয় দাস, মুকুট বৈশ্য আৰু ধাৰাপুৰ মৌজাই বিপুল আদৰণী জনায়।
ভিউৱাছৰ মতামত