কথাৰে নহয়, কামেৰে কৃষি অৰ্থনীতিক সবল কৰাৰ অৰ্থে পথাৰত নামিল মৰাণ ছাত্ৰ সন্থাৰ নেতা

এয়া শাওনৰ বতৰ। শাওনৰ বতৰত চহা অসমীয়াই ব্যস্ত হৈ পৰিছে পথাৰত। গাঁ‌ৱৰ হালোৱা ৰোৱনী সকল ব্যস্ত পথাৰত ভুঁ‌ই ৰোৱাত।

 

 

ফটোত দেখা ছবিখন তিনিচুকীয়া জিলাৰ বাৰেকুৰি অঞ্চলৰ ন-মটাপুং গাঁ‌ৱৰ পথাৰৰ দৃশ্য। সমগ্ৰ অসমৰ লগতে এই গাঁ‌ওখনৰো চহা কৃষকসকল ব্যস্ত এতিয়া শাওনৰ পথাৰত। এই শাওনৰ পথাৰৰ হালোৱা ৰোৱনী সকলৰ সৈতে আজি দেখা গ’ল সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণৰ লগতে সদৌ মৰাণ ছাত্ৰ সন্থাৰ অন্যান্য বিষয়ববীয়া সকলক। পথাৰত গৰু হাল লৈ কৃষকসকলৰ সৈতে ব্যস্ত হৈ পৰিছে যুৱ নেতা অৰুণজ্যোতি মৰাণ। ৰোৱনী সকলৰ সৈতে ভুঁ‌ই ৰোৱাত ব্যস্ত হৈ পৰিছে অৰুণজ্যোতি।

 

 

পথাৰ আৰু বজাৰ নিয়ন্ত্ৰণ কৰি অসমৰ সকলো জাতি জনগোষ্ঠীয়ে কৃষি অৰ্থনীতি সমৃদ্ধিশালী কৰি তুলিবলৈ আহ্বান জনাই সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে পথাৰত নামি অতীত ৰোমন্থন কৰি আনন্দ উপভোগ কৰে।

Share on whatsapp
WhatsApp
Share on facebook
Facebook
Share on twitter
Twitter
Share on email
Email

৭নৱেম্বৰত ইছৰোৱে এটা উপগ্ৰহ মুকলি কৰিব

ভাৰতীয় অন্তৰীক্ষ অনুসন্ধান প্ৰতিষ্ঠান চমুকৈ ইছৰোৱে চলিত বৰ্ষৰ ৭ নৱেম্বৰত এটা উপগ্ৰহ মুকলি কৰিব।জানিব পৰা মতে ৭ নৱেম্বৰৰ ৩.২ মিনিটত অন্ধপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ভৱনত স্পেচ চেণ্টাৰত এই উপগ্ৰহটো আনুষ্ঠানিক ভাৱে মুকলি কৰিব।

 

এই উপগ্ৰহ ভাৰতীয় সেনাৰ বাবে বহু সহায়ক হ’ব। শত্ৰুৰ অৱস্থিতিৰ পৰা আৰম্ভ কৰি বতৰৰ দুৰ্যোগৰ সম্পৰ্কেও উমান পাব পাৰিব।

চাবুৱাত ক্ৰীড়া সন্থা ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন

ৰাজ্যখনৰ ক্ৰীড়া অন্ত:গাঁথনি শক্তিশালীকৰণ অন্যতম পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে চাবুৱাৰ দেওধাইত চাবুৱা ক্ৰীড়া সন্থাৰ ষ্টেডিয়াম আৰু চাবুৱা ইনডোৰ ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰে।উল্লেখযোগ্য যে ২০১৮-১৯ বৰ্ষৰ চিগনেশ্বাৰ প্ৰকল্পৰ অধীনত প্ৰায় ৯.৮৮ কোটি টকা ব্যয়ৰে চাবুৱা ক্ৰীড়া সন্থাৰ ষ্টেডিয়াম আৰু ৰাজ্য চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ পুঁজিৰ অধীনত ২.৩৩কোটি টকা ব্যয়ৰে ইনডোৰ ষ্টেডিয়াম নিৰ্মাণ হ’ব।

 

 

এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবকা সাথ, সবকা বিকাশ সবকা বিশ্বাসৰ সাৰ্বজনীন নীতি সাৰোগত কৰি বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে ২০১৬ চনৰ পৰা বিগত চাৰে চাৰি বছৰ ৰাজ্যখনৰ সৰ্বাংগীন বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে।

 

 

 

বৰ্তমান ৰাজ্য চৰকাৰে বিভিন্ন উন্নয়নমূলক পদক্ষেপেৰে ৰাজ্য খনৰ সামগ্ৰিক প্ৰতিচ্ছবি সলনি কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান ৰাজ্য চৰকাৰখনে যি প্ৰতিশ্ৰুতিয়ে শাসনত অধিষ্ঠিত হৈছিল সেই প্ৰতিশ্ৰুতি ৰূপায়ণৰ বাবে দৃঢ়তাৰে কাম কৰি এখন আত্মনির্ভশীল অসম গঢ়াৰ দিশত শক্তিশালী পদক্ষেপ লৈ আহিছে। ইয়াৰ ফলস্বৰূপেই ৰাজ্য খনৰ যুৱ শক্তি বিভিন্ন ক্ষেত্ৰত জিলিকি উঠিছে আৰু ৰাজ্যৰ কৃষি খণ্ড বিকাশৰ দিশত নতুন যাত্ৰাৰ সূচনা কৰিবলৈ সক্ষম হৈছে বুলি তেখেতে কয়।

 

খিলঞ্জীয়া ভূমিৰ ওপৰত অধিকাৰ সাব্যস্ত নহ’লে জাতিৰ অস্তিত্ব নাথাকিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে সেই উদ্দেশ্যে আগত ৰাখিয়ে বৰ্তমান চৰকাৰখনে ভূমিহীন খিলঞ্জীয়া পৰিয়ালক মাটিৰ পট্ৰা আৰু অনুমোদন পত্ৰ বিতৰণ দৰে দূৰদৰ্শী আঁচনি লৈছে বুলি কয়। এই আঁচনি কেৱল মাত্ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কৰা আঁচনি নহয় বুলি উল্লেখ কৰি জাতিৰ স্থায়ী নিৰাপত্তা প্ৰদানৰ বাবেহে এনেধৰণৰ বলিষ্ঠ পদক্ষেপ বৰ্তমান ৰাজ্য চৰকাৰখনে লৈছে বুলি মন্তব্য কৰে।

 

 

এই আধাৰশিলা স্থাপন অনুষ্ঠানত কেন্দ্ৰীয় খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী,বিধায়ক ক্ৰমে চক্ৰধৰ গগৈ,তেৰচ গোৱালা আৰু বিনোদ হাজৰিকা। ৰাজ্যিক পৰ্যায়ৰ ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সদস্য সচিব লক্ষ্য কোঁৱৰ,অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জে পি বাৰ্মাকে ধৰি বহু সংখ্যাক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

বৃষ্টিক সহায়ৰ হাত আগবঢ়াইছে বিশাল ভাৰত পৰিবাৰে

এগৰাকী কণমানি।কণমানি গৰাকী নাম বৃষ্টি কাশ্যপ।দেখাত মৰমলগা কণমানি জনীৰ জীৱনলৈ হঠাতে নামি আহিল অমানিশা।বৰ্তমানে তাই চিকিৎসালয়ৰ বিচনাত শয্যাগত হৈ আছে।

 

 

এই সময়তে বৃষ্টি কাশ্যপৰ বিষয়ে চ’চিয়েল মেডিয়াৰ জৰিয়তে জানিব পাৰি সহায়ৰ বাবে আগবাঢ়ি আহিছে বিশাল ভাৰত পৰিবাৰ নামৰ এটা প্ৰতিষ্ঠান।উল্লেখযোগ্য যে বিশাল ভাৰত পৰিবাৰৰ তৰফৰ পৰা বৃষ্টি কাশ্যপলৈ বিনামূলীয়াকৈ আগবঢ়াছে হেল্থ কাৰ্ড ।এই কাৰ্ড ইতিমধ্যে গ্ৰহণ কৰিছে বৃষ্টি কাশ্যপৰ মোমায়েক দানিচ গগৈয়ে।

 

উল্লেখযোগ্য যে  কাৰ্ডখনৰ জৰিয়তে ১৫ ৰ পৰা ২০ শতাংশ ৰেহাই মূল্যত মহানগৰীৰ ১৭ খন চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰিব পাৰিব। সম্প্ৰতি বৃষ্টি কাশ্যপ মহানগৰী এক্সেল কেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছে।বিশাল ভাৰত পৰিবাৰৰ এই পদক্ষেপক সচেতন মহলে শলাগ লৈছে।

চাৰি জনগোষ্ঠীৰ উন্নয়নৰ বাবে অসম চৰকাৰৰ বিশেষ পেকেজ

অসম চৰকাৰে শেহতীয়াকৈ জাৰি কৰা এক অধিসূচনা মৰ্মে ৰাজ্যখনৰ চাৰিটা জনগোষ্ঠীৰ উন্নয়নৰ বাবে অসম চৰকাৰৰ বিশেষ পেকেজ সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে আজি শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত আহোম জনগোষ্ঠীৰ দল সংগঠনৰ প্ৰতিনিধিৰ সৈতে এক বৈঠকত মিলিত হয়।

 

 

বৈঠকত অংশগ্ৰহণ কৰি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে অসম চৰকাৰে ৰাজ্যৰ চাৰিটা জনগোষ্ঠীৰ উন্নয়নৰ বাবে আগবঢ়োৱা এই বিশেষ পুঁজিৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ এই বিশেষ পেকেজৰ অধীনত পৰিকল্পনা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত নতুন প্ৰজন্মৰ যুৱক.যুৱতীৰ স্বাৱলম্বীতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। লগতে পুৰণি কীৰ্তিচিহ্ন সমূহৰ সংৰক্ষণৰ লগতে অগ্ৰাধিকাৰ ভিত্তিত অন্যান্য খণ্ডকো আঁচনি আওতাত অনাৰ পোষকতা কৰে। সুদূৰ প্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিব পৰা কাৰ্যসূচী সমূহকলৈ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ আহ্বান জনায়।

 

 

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে শিৱসাগৰ জিলাক আইকনিক ছাইট হিচাপে গণ্য কৰি ৫০০ কোটি টকা পুঁজি ঘোষণা কৰিছে। লগতে জনতা ভৱনৰ সন্মুখত স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্রহণ কৰিছে বুলিও সদৰি কৰে।

 

 

বৈঠকত উপস্থিত থাকি অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে অসম চৰকাৰে চাৰি জনগোষ্ঠীৰ উন্নয়নৰ বাবে আগবঢ়োৱা বিশেষ পেকেজৰ পুঁজিৰ সদব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আঁচনি সমূহ চয়নৰ সময়ত অগ্ৰাধিকাৰ ভিত্তিত কাম-কাজ সমুহ নিৰ্দিষ্ট কৰিবলৈ তেওঁ আহ্বান জনায়। তেওঁ পৰবৰ্তী বৈঠকত উপস্থিত দল সংগঠনৰ প্ৰতিনিধি সকলক তেওঁলোকৰ পৰামৰ্শৱলী লিখিত ৰূপত দাখিল কৰিবলৈ কয়।পৰিকল্পনা প্ৰস্তুত কৰোতে ঐতিহাসিক দৌল-দেৱালয়, যমুনা, পুখুৰী সমূহৰ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধন আদি কামৰ লগতে নিবনুৱা সমস্যা সমাধান, দক্ষতা বিকাশ, ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়ন আদিৰ ওপৰত গুৰুত্ব দিব লাগিব বুলি উল্লেখ কৰে।

 

বৈঠকত জিলা উপায়ুক্ত লক্ষ্মীনন্দন গগৈয়ে আদৰণি ভাষণ প্ৰদান কৰাৰ লগতে বৈঠকৰ উদ্দেশ্য বাখ্যা কৰে। নিজ বক্তব্যত তেওঁ এই পেকেজ ৰূপায়নৰ সন্দৰ্ভত অসম চৰকাৰে আহোম জনগোষ্ঠীৰ বাবে শিৱসাগৰ জিলাত ন’ডেল জিলা হিচাপে ঘোষণা কৰিছে বুলি অৱগত কৰে। এই পেকেজৰ অধীনত ৰূপায়ণ কৰিবলগীয়া আঁচনি আৰু কাম-কাজৰ ক্ষেত্ৰত ঐতিহাসিক কীৰ্তিচিহ্ন সমুহৰ সংৰক্ষণৰ লগতে যুৱক-যুৱতী সকলৰ দক্ষতা বিকাশ, স্বনিয়োজন, ক্ৰীড়া খণ্ডৰ উন্নয়ন আদি বিষয় সমূহত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে উল্লেখ কৰে যে জিলা প্ৰশাসনে জিলাখনৰ ঐতিহাসিক কীৰ্তিচিহ্ন সমূহৰ বেদখলমুক্ত কৰাৰ প্ৰক্ৰিয়া চলাই আছে। ৰূপহী পথাৰত ১৫ বিঘা মাটি আইকনিক যাদুঘৰ নির্মাণৰ বাবে প্ৰদান কৰাৰ কথাও তেওঁ উল্লেখ কৰে। তেওঁ বিভিন্ন জিলাৰ পৰা অহা আহোম জনগোষ্ঠীৰ দল সংগঠন সমূহৰ প্ৰতিনিধি সকলক সংশ্লিষ্ট জিলা সমূহত টাই-আহোমৰ কলা-সাহিত্য-সংস্কৃতিৰ প্ৰতিফলিত হোৱাকৈ একোখনকৈ আদর্শ গাঁও প্ৰতিষ্ঠা কৰিবলৈ যত্নপৰ হ’বলৈ আহ্বান জনায়। পেকেজৰ অধীনত ৰূপায়ন হ’বলগীয়া কাম কাজৰ বিষয়ে আলোচনা কৰাৰ বাবে পৰৱৰ্তী বৈঠক অহা ১৩ নৱেম্বৰত অনুষ্ঠিত কৰা হ’ব বুলি সদৰি কৰে।

 

সভাত জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলিয়ে চাৰি জনগোষ্ঠীৰ উন্নয়নৰ বাবে অসম চৰকাৰৰ বিশেষ পেকেজ ৰূপায়ণ সন্দৰ্ভত পালন কৰিবলগীয়া নীতি নিৰ্দেশনা সম্পৰ্কে বিশদভাৱে অৱগত কৰে। তেওঁ উল্লেখ কৰে যে, এই পেকেজৰ অধীনত আহোম, চুতীয়া, মৰাণ আৰু মটক জনগোষ্ঠীৰ উন্নয়নৰ বাবে অসম চৰকাৰে ৫০০ কোটি টকাৰ বিত্তীয় অনুদান ঘোষণা কৰিছে আৰু ইয়াৰে প্ৰতিটো জনগোষ্ঠীৰ বাবে ১২৫ কোটি টকা ধাৰ্য কৰা হৈছে।

 

বৈঠকত বিভিন্ন জিলাৰ পৰা অহা আহোম জনগোষ্ঠীৰ দল-সংগঠনৰ প্ৰতিনিধি সকলে বিভিন্ন পৰামৰ্শ আগবঢ়ায়।আজিৰ বৈঠকত নাজিৰাৰ বিধায়ক দেৱব্রত শইকীয়া, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিপুল শইকীয়া, অতিৰিক্ত উপায়ুক্ত জুনুমণি সোনোৱাল, সহকাৰী আয়ুক্ত মনালী প্ৰসাদ ৰজক, বিশিষ্ট সমাজ সেৱিকা সুৰভি ৰাজকোঁৱৰী, সংশ্লিষ্ট বিভাগ সমূহৰ মুৰব্বী বিষয়া সকলৰ লগতে যোৰহাট, ডিব্ৰুগড়, লখিমপুৰ, তিনিচুকীয়া, কাৰ্বি আংলং, বিশ্বনাথ আৰু চৰাইদেউ জিলাৰ পৰা অহা আহোম জনগোষ্ঠীৰ দল-সংগঠনৰ প্ৰতিনিধি সকল উপস্থিত থাকে।

খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে..

ভি আই পিত থলুৱা উদ্যমী যুৱকে নিৰ্মাণ কৰা ভলগা হোম উদ্ধোধন

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰ বিমান বন্দৰৰ কাষৰীয়া ভি আই পিৰ যোগীপৰাত অঞ্চলটোৰ উদ্যমী যুৱক শংকৰ ঠাকুৰীয়াই নিৰ্মাণ কৰা ভলগা হোম নামৰ এখন হোটেল মঙ্গলবাৰে সন্ধিয়া আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰা হয়। বহু সংখ্যক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ভলগা হোম উদ্ধোধন কৰে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত উত্তৰ পূব মাণ্ডলিক ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক এম সুৰেশে।

 

 

এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ক’ভিড কেন্দ্ৰীক পৰিস্থিতিৰ মাজতো শংকৰ ঠাকুৰীয়াই নিবনুৱা যুৱক যুৱতীক উদগনি দিয়াৰ লক্ষ্যৰে এনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা কাৰ্য্যৰ শলাগ লয়। অনুষ্ঠানত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ-পূব মণ্ডলৰ মহা প্ৰবন্ধকত্ৰয় ক্ৰমে ৰবি কান্ত, এছ ৰাধাকৃষ্ণণ, এছ. কে জৈন, উপ মহা প্ৰবন্ধক জগদীশ বৈশ্যকে ধৰি কেইবাজনো বিষয়া, অগপৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক সুভাষ শৰ্মা, পশ্চিম গুৱাহাটী সমষ্টি সমিতিৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰী, কাহিকুছি গাঁও পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়া, লোক নিৰ্মাণ বিভাগৰ পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ সহকাৰী কাৰ্যাবাহী অভিযন্তা বুলু ৰঞ্জন ডেকাকে ধৰি কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকে। অনুষ্ঠানত উদ্যমী যুৱক শংকৰ ঠাকুৰীয়াই ভলগা হোম নিৰ্মাণ সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰে।

ভাৰতীয় বায়ুসেনাত উইং কামাণ্ডাৰ হিচাপে নিযুক্তি লাভ কৰিছে অসমৰ প্ৰথম গৰাকী মহিলাই

ভাৰতীয় বায়ুসেনাত উইং কামাণ্ডাৰ নিযুক্তি হিচাপে লাভ কৰিছে অসমৰ প্ৰথমগৰাকী মহিলাই। মহিলাগৰাকীৰ নাম বৰ্ণালী গগৈ।লখিমপুৰ নকাৰীৰ ২নং ৱাৰ্ডৰ নিবাসী প্ৰয়াত প্ৰেমধৰ গগৈ আৰু অঞ্জলি গগৈ কন্যা।

 

উল্লেখযোগ্য যে ১৯৯৬ চনৰ ২৭ মে’ত বৰ্ণালীয়ে পাইলট অফিচাৰ হিচাপে বায়ুসেনাত যোগদান কৰিছিল।ইয়াৰ পিছত ফ্লায়িং অফিচাৰ আৰু পৰৱৰ্তী ফ্লায়িং লেফটেনেণ্টে হিচাপে পদোন্নতি লাভ কৰে।

 

১৯৮৬ চনতে বৰ্ণালীয়ে অসমৰ ভিতৰত ১৬নং স্থান দখল কৰি বিজ্ঞান শাখাত কটন কলেজৰ পৰা উত্তীৰ্ণ হৈছিল।ইয়াৰ পৰৱৰ্তী সময়ত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা ইলেকট্ৰনিকছ টেলি কমিউনিকেশ্যনত প্রথম শ্ৰেণীৰ প্ৰথম স্থান দখল কৰিছিল। ইয়াৰ পিছতে বিৰলা ইনষ্টিটিউট অফ টেকন’লজি এণ্ড ছায়েন্সৰ পৰা এম টেক ডিগ্ৰী কৰিছিল। তেওঁ ২০২০ বৰ্ষৰ ৰাষ্ট্ৰপতি বঁটাৰেও সন্মানিত হৈছিল।