কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ সভা-৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত পথ সুৰক্ষাৰ বাবে বিশেষ ব্যৱস্থা

আজি জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ চলিত বৰ্ষৰ চতুৰ্থ তথা অন্তিমখন বৈঠক অনুষ্ঠিত হয়৷ পৰিবহন, আৰক্ষী, ৰাষ্ট্ৰীয় ঘাই পথ, স্বাস্থ্য, শিক্ষা, লোক নিৰ্মাণ, খাদ্য-অসামৰিক যোগান, তথ্য আৰু জনসংযোগ আদি বিভাগৰ লগতে বীমা কোম্পানীৰ প্ৰতিনিধিসকলৰ উপস্থিতিত অনুষ্ঠিত এই সভাত সভাপতিত্ব কৰে জিলাখনৰ অতিৰিক্ত উপায়ুক্ত প্ৰণৱ দত্ত গোস্বামীয়ে৷জিলা পৰিবহন বিষয়া তথা জিলা পথ সুৰক্ষা সমিতিৰ সদস্য সচিব ৰূপজ্যোতি কলিতাই তেওঁৰ আদৰণি ভাষণত পথ সুৰক্ষা সমিতিয়ে যোৱা সভাত গৃহীত প্ৰস্তাৱসমূহ সম্পৰ্কত অৱলোকন কৰি এই ক্ষেত্ৰত লোৱা ব্যৱস্থাৰ বিষয়ে অৱগত কৰিবলৈ সংশ্লিষ্ট সকলো পক্ষকে অনুৰোধ জনায়৷ আনহাতে জিলাখনত সামগ্ৰিকভাৱে বিশেষকৈ সমাগত ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীৰ দিন দুটা যাতে দুৰ্ঘটনা নোহোৱাকৈ পাৰ কৰিব পাৰি তাৰ বাবে সম্ভৱপৰ সকলো প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ সংশ্লিষ্ট সকলোকে আহ্বান জনায়৷
সভাত ইতিমধ্যে জিলাখনৰ বিভিন্ন বনভোজ স্থলী, হেলমেট পৰিধান, যিকোনো যাত্ৰাত বিশেষকৈ গাড়ী চালকে মদ্যপানৰ পৰা বিৰত থকা আদি সম্পৰ্কত সজাগতা সৃষ্টি কৰিবলৈ বেনাৰ, পোষ্টাৰ আদি আঁৰি দিয়াৰ উপৰিও সজাগতামূলক পত্ৰিকা বিতৰণ কৰা হৈছে বুলি সভাত অৱগত কৰা হয়৷ আনহাতে সতৰ্কতামূলক ব্যৱস্থা হিচাপে জিলা পৰিবহন, জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে মিলি বিভিন্ন স্থানত সুৰাপায়ী গাড়ী চালক বিৰোধী অভিযানো চলাই আছে৷ তদুপৰি চক্ৰবিষয়াসকলৰ নেতৃত্বত গঠন কৰা সমিতিসমূহেও এই ক্ষেত্ৰত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে৷
সভাত অতিৰিক্ত উপায়ুক্ত গোস্বামীয়ে ৰাষ্ট্ৰীয় ঘাইপথ আৰু অন্যান্য ৰাজ্যিক ঘাইপথসমূহ ভালদৰে তদাৰক কৰি পথৰ মাজত কৰবাত যদি গাঁত দৃষ্টিগোচৰ হয় সেইসমূহ বন্ধ কৰাৰ বাবে তৎকালীন ব্যৱস্থা ল’বলৈ আহ্বান জনায়৷ তদুপৰি দোৰাকঁহৰা অঞ্চলত পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবেও তৎকালীনভাৱে তাত অস্থায়ী পথ অৱৰোধক স্থাপন কৰিবলৈ আৰক্ষী প্ৰশানক নিৰ্দেশ দিয়ে৷ আনহাতে চাংসাৰিস্থিত ভাৰতীয় খাদ্য নিগমৰ গুদামঘৰৰ সমুখৰ জান-জঁটৰ ক্ষেত্ৰতো কাৰ্যকৰী ব্যৱস্থা ল’বলৈ সংশ্লিষ্ট কতৃৰ্পক্ষক নিৰ্দেশ দিয়া হয়৷
ইয়াৰোপৰি বৰ্তমান কুঁৱলীৰ সময়ত পথৰ দাঁতিত ৰখাই থোৱা অব্যৱহৃত বাহনসমূহৰ বাবে যাতে কোনো দুৰ্ঘটনা হ’ব নোৱাৰে তাৰবাবে তৎকালীনভাৱে এই বাহনসমূহ আঁতৰোৱাৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিয়া হয়৷ আনহাতেৰাষ্ট্ৰীয় ঘাইপথ বা ৰাজ্যিক ঘাই পথৰ দাঁতিকাষৰীয়া বিদ্যালয়ৰ ক্ষেত্ৰত নিদেৰ্শনা চিহ্ন স্থাপন কাৰ্য সম্পূৰ্ণ কৰিবলৈও সংশ্লিষ্ট কতৃৰ্পক্ষক আহ্বান জনোৱা হয়৷
আনহাতে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ব্যক্তিৰ নিকটাত্মীয়লৈ অৰ্থ সাহায্য প্ৰদানৰ অৰ্থে জিলা প্ৰশাসনৰ অধীনত ৰূপায়িত হোৱা Solatium Scheme অৰ্থাৎ শান্তনাসূচক ক্ষতিপূৰণ আঁচনিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ ক্ষেত্ৰত পদক্ষেপ ল’বলৈও সভাত গুৰুত্ব আৰোপ কৰা হয়৷চৰকাৰী নিৰ্দেশনা অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, চৰকাৰী তথা ব্যক্তিগত চিকিৎসালয়সমূহতে সদ্যহতে দুৰ্ঘটনাজনিত জৰুৰীকালীন চিকিৎসাৰ বাবে ট্ৰমা কেন্দ্ৰ স্থাপন কৰা হ’ব বুলি সভাত বিভাগীভাৱে অৱগত কৰা হয়৷ অতিৰিক্ত উপায়ুক্ত গোস্বামীয়ে বিশেষকৈ সমাগত ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীৰ দিন দুটাত বৰ্তমান উপলব্ধ এম্বুলেন্সসমূহৰ উপৰি অতিৰিক্ত এম্বুলেঞ্চ সাজু ৰাখিবলৈ নিৰ্দেশ দিয়াৰ লগতে সেই দিনদুটাত কোনো স্বাস্থ্য বিষয়া বা কৰ্মচাৰীক ছুটী মঞ্জুৰ নকৰিবলৈ দিয়া চৰকাৰী নিৰ্দেশৰ প্ৰতি দৃষ্টিগোচৰ কৰে৷

Share on whatsapp
WhatsApp
Share on facebook
Facebook
Share on twitter
Twitter
Share on email
Email

গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ ৰাষ্ট্ৰীয় কন্যা শিশু দিবস উদযাপন

আজাদী কা অমৃত মহোৎসবৰ অংশ হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি কোষে ২৪ জানুৱাৰীত এক বেবিনাৰৰ মাধ্যমত ৰাষ্ট্ৰীয় কন্যা শিশু দিবস উদযাপন কৰে। মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য প্ৰফেছৰ প্রতাপ জ্যোতি সন্দিকৈয়ে ৰাষ্ট্ৰীয় কন্যা শিশু দিবস উদযাপনৰ গুৰুত্ব সম্পৰ্কে বিস্তৃত আলোচনা কৰি কয় যে কন্যা শিশুৰ প্রতি শ্রদ্ধা প্রথমে ঘৰৰ পৰাই আৰম্ভ কৰা উচিত আৰু এনএছ এছ স্বেচ্ছাসেবকে মানুহৰ মাজলৈ এই বাৰ্তা প্ৰেৰণ কৰিবলৈ আহ্বান জনায় । উত্তৰ পূব এন এছ এছৰ আঞ্চলিক সঞ্চালক দীপক কুমাৰে কাৰ্য্যসূচী বিষয়া আৰু স্বেচ্ছাসেবক সকলক কন্যা শিশুৰ উন্নতি আৰু নিৰাপত্তাৰ বাবে উদ্যোগ লবলৈ আহ্বান জনায় । তেওঁ চৰকাৰী বিভিন্ন আঁচনি , গার্ল চাইল্ড আঁচনিসমূহ এন এছ এছ কাৰ্য্যসূচী বিষয়া আৰু স্বেচ্ছাসেবকসকলে আগুৱাই নিয়াত অৰিহণা যোগাব লাগিব বুলি উল্লেখ কৰে। অতিথি অৰু অংশগ্রহণকাৰীক আদৰণি জনায় বিশ্ববিদ্যালয়ৰ ছাত্ৰকল্যাণ সঞ্চালক তথা এন এছ এছৰ কাৰ্য্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে । তেওঁ কয় যে : কন্যা শিশুৰ অধিকাৰ ,শিক্ষাৰ গুৰুত্ব, স্বাস্থ্য আৰু লিংগ বৈষম্য আৰু শাৰীৰিক নিৰ্যাতনৰ দৰে সমস্যা সম্পৰ্কে সচেতনতাৰ বাবে ৰাষ্ট্ৰীয় কন্যা শিশু দিবস পালন কৰা হয় । স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ বাবে ২০ বছৰৰ কম বয়সী ৭৫ জনী কন্যা শিশুক গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ অধীনৰ বিভিন্ন কলেজ এন এছ এছ গোটৰ দ্বাৰা সমাজত অসামান্য অৱদানৰ বাবে স্মাৰক,গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায় । কলেজৰ অধ্যক্ষ, এনএছএছ প্রোগ্রাম অফিছাৰ আৰুস্বেচ্ছাসেবক সমন্বিতে প্রায় ৩০০ জন অংশগ্রহণকাৰী এই বেবিনাৰত অংশগ্ৰহণ কৰে।

কাহিলীপাৰাত কবি-লেখক ডা: শৰৎ চন্দ্র ৰাভাক সম্বৰ্দ্ধনা

ৰাভা লেখক মঞ্চ, অসমৰ সভাপতি, বিশিষ্ট কবি-লেখক, সংগঠক গুৱাহাটীৰ কাহিলীপাৰাৰ বাসিন্দা ডা: শৰৎ চন্দ্র ৰাভাক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাজ্যৰ অন্যতম প্ৰকাশন “পৰাগজ্যোতি প্ৰকাশন”ৰ পৰা সম্বৰ্দ্ধনা জ্ঞাপন কৰে। প্ৰকাশনৰ সচিব, সাংবাদিক, কবি দীপক শৰ্মাই আঁত ধৰা সভাত সংবাদকৰ্মী প্ৰাঞ্জল মহন্ত, প্ৰাণজিত বেজবৰুৱা, স্বপ্না শৰ্মাই অনুষ্ঠানত অংশ লয়। সম্বৰ্দ্ধনা গ্রহণ কৰি ৰাভা জনগোষ্ঠীটোৰ অন্যতম লেখক ডা: ৰাভাই কয়- আজি আৰু মই সাহস পালোঁ। কিবা এটা লেখাৰ, কিবা এটা কৰাৰ। স্বীকৃতিয়ে মানুহক মনোবল দিয়ে।

ৰাষ্ট্ৰীয় বাল পুৰস্কাৰে সন্মানিত হৈছে অসমৰ এইগৰাকী শিশু শিল্পী

ৰাষ্ট্ৰীয় বাল পুৰস্কাৰে সন্মানিত হৈছে নাজিৰাৰ এগৰাকী কণমানি শিল্পী।ধিতিস্মান চক্ৰৱৰ্তী নামৰ নাজিৰাৰ শিশুশিল্পীগৰাকীয়ে ব্লকচেইন পদ্ধতিৰে আজি ভাৰত চৰকাৰৰ পৰা মানপত্ৰ আৰু নগদ ধন লাভ কৰিছে।ধিতিস্মানে বৰ্তমানলৈকে ৮টা ভাষাত ৭০টাকৈ অধিক গীত বাণীবদ্ধ কৰিছে।মাত্ৰ ডেৰবছৰ বয়সৰ পৰা সংগীতৰ জগতত খোজ পেলোৱা ধিতিস্মানে অসমীয়া,হিন্দী,ইংৰাজীৰ উপৰিও বাংলা ভাষাতো গীত পৰিবেশন কৰিব পাৰে।কিছুদিন পূৰ্বে ধিতিস্মানে মাকৰ সৈতে পৰিবেশন কৰা ´তোমাৰ মৰমে মোৰ,দেহত তুলিলে ঢৌ `শীৰ্ষক গীতটোৱে চ`চিয়েল মেডিয়াত বেচ জনপ্ৰিয়তা লাভ কৰিছিল।ধিতিস্মান শিৱসাগৰৰ অ এন জি চিৰ আৱাসিক এলেকাৰ বাসিন্দা দেৱজিত চক্ৰৱৰ্তী আৰু সোনম চক্ৰৱৰ্তী পুত্ৰ।

ঢকুৱাখনা মহাবিদ্যালয়ৰ এন এছ এছ গোটৰ ১০ টা  দৰিদ্ৰ পৰিয়ালক স্নানাগাৰ নিৰ্মাণ

ঢকুৱাখনাৰ উপাৰ্জনহীন গ্ৰাম্য  দৰিদ্ৰ  পৰিয়ালৰ  নিত্য ব্যবহার্য সা সুবিধা  উপলব্ধ  নোহোৱা ১০তাৰো অধিক পৰিয়ালৰ প্ৰতি দুখৰ সমভাগী হৈ দেওবাৰে  থিয় দিলে ঢকুৱাখনা মহাবিদ্যালয় এন এছ এছ গোট।   ঢকুৱাখনা মহাবিদ্যালয়ৰ “ৰাষ্ট্ৰীয় সেৱা আঁচনি”(এন এছ এছ) গোটৰ  উদ্যোগত আঁচনি বিষয়া প্ৰবক্তা তবেন্দ্ৰ নাথ দাসৰ নেতৃত্বত অহা ২৮ জানুৱাৰী পৰ্যন্ত সপ্তাহজোৰা এলানি বিশেষ জনহিতকৰ কৰ্মসূচী গ্ৰহণ কৰিছে।  তাৰেই অংশ হিচাপে মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ  আঁচনি বিষয়া দাসৰ নেতৃত্বত দেওবাৰে ঢকুৱাখনা মহকুমাৰ ১নং পিঠিয়াল গাঁওৰ  দৰিদ্ৰ পৰিয়াল সমূহৰ মাজত  উপস্থিত হৈ  গোটৰ ভলণ্টিয়াৰ সকলৰ জৰিয়তে জৰীপ চলাই  স্নানাগাৰ , শৌচাগাৰ আদিৰ অস্থায়ী ভাবে নিৰ্মান কৰি দুৰ্ভগীয়া পৰিয়াল সমূহক উপকৃত কৰে । দেওবাৰে   আঁচনি বিষয়া গৰাকীৰ নেতৃত্বত মুঠ ৫০ গৰাকী ভলণ্টিয়াৰে গাঁওখনৰ অতি দৰিদ্ৰ মুঠ ১০ টা পৰিয়ালৰ  মাজত তামোলৰ ঢকুৱা, বাঁহ , বস্তা, কল মাৰলীৰে অস্থায়ী  স্নানাগাৰৰ বেৰা , শৌচাগাৰৰ বেৰা আদি নিৰ্মান কৰি গঞাৰ চৌহদ নিকাকৰণ কৰি এক সুস্থ আৰু স্বাস্থ্য সন্মত পৰিবেশ সৃষ্টি কৰি দিয়ে ।  ইয়াৰোপৰি গাঁওৰ  শিক্ষাৰ্থী  সকলৰ মাজত  সাহিত্য ,সংস্কৃতি প্ৰতিযোগিতাৰ লগতে  স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুসৰি স্বাস্থ্য পৰীক্ষা, ভেকচিন প্ৰদান আদি কাৰ্যসূচী হাতত লোৱা বুলি আঁচনি বিষয়া দাসে জানিবলৈ দিছে । শনিবাৰৰ  পৰা অহা ২৮ জানুৱাৰীলৈ চলিব লগা এই সপ্তাহ জোৰা বিশেষ কাৰ্যসূচীৰ জৰিয়তে  গাঁওখনৰ গৰিষ্ঠ সংখ্যক দৰিদ্ৰ পৰিয়ালক উপকৃত কৰণৰ জনমুখী কৰ্মসূচী হাতত লব বুলি জানিবলৈ দিছে এন এছ এছ গোটৰ আঁচনি বিষয়া দাসে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

পলাশবাৰীত ৰাষ্ট্ৰীয় স্বয়ং সংঘৰ পথ সঞ্চালন

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ‘পথ সঞ্চালন’ দক্ষিণ কামৰূপ জিলাৰ উদ্যোগত আজি পলাশবাৰী সমষ্টিৰ মিৰ্জাস্থিত নিজেশ্বৰী মন্দিৰ প্ৰাঙ্গণত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত অনুষ্ঠিত হয়। উক্ত পথ সঞ্চালনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰায় ডেৰ শতাধিক কৰ্মীয়ে অংশ গ্ৰহণ কৰে। এই পথ সঞ্চালন মিৰ্জাস্থিত নিজেশ্বৰী মন্দিৰ প্ৰাঙ্গনৰ পৰা উপৰহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ প্ৰায় ৫ কি:মি: পথ যাত্ৰা কৰে। অনুষ্ঠানত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, ৰাজ্যিক বিজেপি যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক হিমাংশু শেখৰ বৈশ্য অংশগ্ৰহণ কৰাৰ উপৰিও ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ দক্ষিণ কামৰূপ জিলাৰ কাৰ্যবাহ বিৰাজ মেধি, মুখ্য বক্তা হিচাপে সংঘ চালক বিশ্বনাথ গয়াৰী, কিষান সংঘৰ ৰাজ্যিক সাংগঠনিক সম্পাদক কৃষ্ণ কান্ত বৰা আৰু দক্ষিণ কামৰূপ জিলা বিজেপি সভাপতি ধনেশ্বৰ তালুকদাৰ উপস্থিত থাকে।

খানাজানৰ ওপৰত ফুকনৰপাৰ আৰু কেহেৰুবাৰীৰ মাজত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ দলং নিৰ্মাণৰ সিদ্ধান্তক ৰাইজৰ আদৰণি

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ দীপৰ বিল আৰু ব্ৰহ্মপুত্ৰ নদী সংযোগী খানাজানৰ ওপৰত পশ্চিম জালুকবাৰীৰ খানামুখৰ ফুকনৰপাৰ আৰু ধাৰাপুৰ গাঁও পঞ্চায়তৰ খানামুখৰ কেহেৰুবাৰীৰ মাজত স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই শেহতীয়াকৈ এখন লঘু বাহন চলাচল কৰিব পৰা কংক্ৰিটৰ দলং নিৰ্মাণৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনাইছে বৃহত্তৰ খানামুখ অঞ্চলৰ ৰাইজে। আনকি যোৱা ২১ জানুৱাৰীত অসম চৰকাৰৰ লোক নিৰ্মাণ পথ বিভাগৰ গুৱাহাটী চক্ৰৰ অধীক্ষক অভিযন্তা ৰাতুল কুমাৰ বেজ আৰু পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ উপ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা কুশল কলিতাই খানামুখ অঞ্চল ভ্ৰমণ কৰি কেহেৰুবাৰী আৰু ফুকনৰ মাজত দলং নিৰ্মাণ লবলগীয়া প্ৰস্তাৱিত স্থান পৰিদৰ্শন কৰি কোনফালে দলং নিৰ্মাণ কৰিলে ৰাইজৰ সুবিধা হ’ব তাৰ এক ক্ষেত্ৰ অধ্যয়ন কৰে। আনকি দুয়োজন অভিযন্তাই পৰিদৰ্শনৰ সময়ত অঞ্চলটোৰ উপস্থিত একাংশ ৰাইজৰ সৈতেও এই সন্দৰ্ভত মত বিনিময় কৰে। আনহাতে অঞ্চলটোৰ অগ্ৰণী সামাজিক – সাংস্কৃতিক আৰু ক্ৰীড়া সংগঠন খানামুখ মিলন সংঘৰ কৰ্মকর্তা সকলে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক যিফালে দলং নিৰ্মাণ কৰিলে অঞ্চলটোৰ একমাত্ৰ শিক্ষানুষ্ঠান খানামুখ প্ৰাথমিক বিদ্যালয়ত অধ্যয়নৰত কণ কণ ছাত্ৰ – ছাত্ৰী সকল অহা যোৱাৰ পথ চমু হয় তেনে সুবিধাজনক স্থানত দলং নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। সংঘৰ কৰ্মকর্তা সকলে সদৰি কৰা খানাজানৰ পূব দিশত থকা ফুকনৰ পাৰত অৱস্থিত খানামুখ প্ৰাথমিক বিদ্যালয়ত কেহেৰুবাৰীকে ধৰি গাতে লগা নোৱাপাৰাসহ অঞ্চলটোৰ বেছিভাগ শিশুৱে অধ্যয়ন কৰে। তেনেদৰে বিদ্যালয়ৰ খেলপথাৰ খনেই হৈছে বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ খেলপথাৰ। তেনেদৰে খেলপথাৰৰ লগতে আছে শ্ৰী শ্ৰীলক্ষ্মী মন্দিৰ আৰু সভা-সমিতি অনুষ্ঠিত হোৱা এটা সামূহিক গৃহ । কিন্ত দলঙৰ অভাৱত কেহেৰুবাৰী, নোৱাপাৰা অঞ্চলৰ কণ কণ ছাত্ৰ ছাত্ৰী সকলে একৰ পৰা ডেৰ কিঃমিঃ ঘূৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে অতি বিপদ সংকুলভাবে অহা যোৱা কৰিব লগা হয়। আনকি বিগত সময়চোৱাত তেনেকৈ অহা যোৱা কৰা কেবাজনো ছাত্ৰ ছাত্ৰী দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লব লগীয়া হৈছে। তেনেদৰে একমাত্ৰ খেলপথাৰখন ফুকনৰপাৰত থকা বাবে কেহেৰুবাৰী, নোৱাপাৰা চুবুৰীৰ কণ কণ শিশুকে ধৰি চেমনীয়া সকলৰো খেলা ধূলাত ব্যাঘাট জন্মাৰ লগতে তেওঁলোকৰ অনুশীলনো ব্যাহত হৈছে। কিয়নো অভিভাৱক সকলে ৰাষ্ট্ৰীয় ঘাইপথৰে স্বাভাৱিক কাৰণতেই নিজৰ সন্তানক পঠিয়াবলৈ ভয় কৰে। যাৰ বাবে অঞ্চলটোৰ ৰাইজেও কেহেৰুবাৰী আৰু ফুকনৰপাৰৰ মধ্যবৰ্তী স্থান হিচাপে পৰিচিত কেহেৰুবাৰীৰ ২ বা ৩ নং উপপথৰ সন্মুখত বা সমীপত সৰু দলং নিৰ্মাণ কৰিবলৈ স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক আহ্বান জনাইছিল। বিধায়ক কলিতাই বিগত ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত ৰাইজক পুনৰ বিধায়ক নিৰ্বাচিত হলে ফুকনৰপাৰ আৰু কেহেৰুবাৰীৰ মাজত দলং নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলি প্ৰতিশ্ৰুতি দিছিল। অৱশেষত প্ৰায় ৮ মাহ পূৰ্বে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি অনুসৰি বিধায়ক কলিতাই দলং নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰি এইক্ষেত্ৰত চৰজমিন ক্ষেত্ৰ অধ্যয়ন কৰিবলৈ লোকনির্মাণ পথ বিভাগৰ দায়িত্ববাহী অভিযন্তাক কিছুদিন পূৰ্বে নিৰ্দেশ দিছিল। অৱশ্যে বৃহত্তৰ অঞ্চলটোৰ সকলো শ্ৰেণীৰ ৰাইজে কেহেৰুবাৰীৰ দিশৰ পৰা আহিলে যিফালে খানামুখ প্ৰাথমিক বিদ্যালয় , খেলপথাৰ আৰু শ্ৰী শ্ৰীলক্ষ্মী মন্দিৰসহ সামূহিক গৃহ সহজতে অহা যোৱা কৰিব পাৰিব তেনে প্ৰস্তাৱিত স্থানত দলংখন নিৰ্মাণ কৰিবলৈ অনুৰোধ জনাইছে। এইক্ষেত্ৰত কেহেৰুবাৰীৰ ২ নং বা ৩ নং উপপথৰ সমীপত তথা সন্মুখৰ স্থানখিনী সকলো ফালৰ পৰা সুবিধাজনক হব বুলি খানামুখ মিলন সংঘৰ একাংশ কৰ্মকর্তাই সদৰি কৰিছে। উল্লেখযোগ্য যে দলংখন নিৰ্মাণ হলে অঞ্চলটোৰ ৰাইজৰ যাতায়তৰ এটা বহুদিনীয়া সমস্যাৰ সমাধান হোৱাটো নিশ্চিত। আনহাতে আগন্তক বাৰিষাৰ আগতেই যাতে দলং নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ লোকনির্মাণ পথ বিভাগ আৰু স্থানীয় বিধায়কক আহ্বান জনাইছে অঞ্চলটোৰ সকলো শ্ৰেণীৰ ৰাইজে।