চাকৰি জীৱনত দেখুওৱা পাৰদৰ্শিতা আৰু কৃতিত্বপূর্ণ সেৱাৰ বাবে এইবাৰ গণৰাজ্য দিৱসত ৰাষ্ট্ৰপতিৰ ভাৰতীয় আৰক্ষীৰ পদক প্ৰাপক তথা গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তালয়ৰ অধীনৰ আজাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া,পৰিদৰ্শক অশোক কুমাৰ দত্তক বিভিন্ন দল সংগঠনে সম্বৰ্দ্ধনা জনাইছে।উল্লেখ্য ১৯৮৭ চনত অসম আৰক্ষীৰ এগৰাকী উপ পৰিদৰ্শক হিচাপে কৰ্ম জীৱনৰ পাতনি মেলা অশোক কুমাৰ দত্ত কিছু বছৰ পূৰ্বে পৰিদৰ্শক পদলৈ পদোন্নতি লাভ কৰে।আনহাতে আজাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে ২০১৬ চনৰ নৱেম্বৰ মাহত যোগদান কৰা বিষয়া গৰাকীয়ে বিগত তিনি বছৰত থানাৰ অন্তৰ্গত নাগৰিক কমিটি আৰু গাঁওৰক্ষী বাহিনী সমূহক সক্ৰিয় কৰি আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পর্কৰ উন্নতি সাধন কৰিবলৈ সক্ষম হয়।ফলত থানা এলেকাত বহু সৰু সুৰা অপৰাধ আৰু অসামাজিক কাৰ্যকলাপ হ্ৰাস পায়।আনকি অশোক কুমাৰ দত্তৰ দিনতে মডেল থানা হিচাপে ঘোষিত আজাৰা থানাৰ ভৱনটো নতুনকৈ নিৰ্মাণ কৰা হয় আৰু বিগত বৰ্ষত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে অসম আৰক্ষীৰ তদানীন্তন সঞ্চালক ড০ কুলধৰ শইকীয়াৰ উপস্থিতিত থানাৰ নতুন ভৱনটো উদ্বোধন কৰে।আনহাতে অশোক কুমাৰ দত্তই গণৰাজ্য দিৱসত ৰাষ্ট্ৰপতিৰ ভাৰতীয় আৰক্ষী পদকৰ বাবে ৰাষ্ট্ৰপতি ভৱনৰ পৰা নাম ঘোষণা হোৱাৰ পাছত বিগত দিনত থানা এলেকাৰ নাগৰিক কমিটি,গাঁওৰক্ষী বাহিনী,তালুক কমিটি,বজাৰ কমিটি,ব্যৱসায়ী সন্থা,সাংবাদিক সন্থা,মহিলা সমিতিকে ধৰি বিভিন্ন দল সংগঠনে থানালৈ আহি পৰিদৰ্শক গৰাকীক সম্বৰ্দ্ধনা জনোৱাৰ লগতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছে।

ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ সাফল্য
ভাৰত চৰকাৰৰ জলশক্তি মন্ত্ৰালয়ৰ অধীনৰ “ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ অভিযান” কাৰ্যসূচীৰ লগত সংগতি ৰাখি ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ উদ্যোগত আৰু পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ সম্প্ৰসাৰণ শৈক্ষিক কোষৰ সহযোগত বিগত ৯ জানুৱাৰীৰ দিনা পশ্চিম গুৱাহাটী মহাবিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হয় সদৌ আন্তঃমহাবিদ্যালয় ভিত্তিত এখনি ৰচনা আৰু তৰ্ক প্ৰতিযোগিতা। পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ সম্প্ৰসাৰণ শৈক্ষিক কোষৰ সমন্বয়ক ডঃ মধুলিমা চলিহা তথা ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ কাৰ্যকৰ্তা ক্ৰমে গুণেশ্বৰ দাস আৰু পার্থপ্ৰতীম দাসৰ বিশেষ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰাণা শৰ্মাই।
আন্তঃমহাবিদ্যালয় ৰচনা প্ৰতিযোগিতাত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ পঞ্চম ষাণ্মাসিকৰ ছাত্ৰী নিবেদিতা বৰাই প্ৰথম স্থান অধিকাৰ কৰাৰ লগতে মহাবিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিক কলা শাখাৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰী জিলমিল ৰূপালী জোনাকে দ্বিতীয় স্থান আৰু একেখন মহাবিদ্যালয়ৰে উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ ছাত্ৰী নিতাম্বিনী দাসে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয় । আনহাতে আন্তঃমহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাত মিৰ্জাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ছাত্র চিৰঞ্জীৱ দাসে প্ৰথম , পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ ছাত্র মানসজ্যোতি ৰাভাই দ্বিতীয় আৰু শিলচৰৰ “নীট “ৰ ছাত্ৰ ভৃগুৰাজ বড়োই তৃতীয় স্থান অধিকাৰ কৰে । উল্লেখযোগ্য যে ১৪ জানুৱাৰীৰ বিয়লি গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কেন্দ্ৰীয় জলশক্তি দপ্তৰৰ মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱত , ৰাজ্য চৰকাৰৰ পৰিবহন , উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী , এনডিআৰএফৰ সঞ্চালক প্ৰধান এছ এন প্ৰধান , উপ মহাপৰিদৰ্শক মনোজ কুমাৰ যাদৱ আৰু ৰাফটিং বিশেষজ্ঞ সুহাসিণী শেখাৱাতে প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলক বঁটা সমূহ আনুষ্ঠানিক ভাৱে প্ৰদান কৰে । অনুষ্ঠানটোত ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ অধ্যক্ষ ৰাজীৱ যাদৱ , এনডিআৰএফৰ কমাণ্ডেণ্ট ৰনবীৰ সিং গীল , আইআইটি গুৱাহাটীৰ অধ্যাপক ডঃ চন্দন মহন্তকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
ভিউৱাছৰ মতামত