তেজপুৰ ডেকাৰগাঁওস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী চমুকৈ জি আই এম টি তেজপুৰৰ সামাজিক কল্যাণকামী ক্লাব ‘সহযোগ’ৰ উদ্যোগত ৩ জুন তাৰিখে হলেশ্বৰ উচ্চ মাধ্যমিক বিদ্যালয়ত এখনি বিনামূলীয়া কেৰিয়াৰ সজাগতা সভাৰ অনুষ্ঠিত হয়। দিনৰ ১ বজাৰ পৰা আয়োজিত অনুষ্ঠানটোত কেৰিয়াৰ সম্পৰ্কীয় দিহা-পৰামৰ্শ আগবঢ়ায় ৰাজ্যখনৰ আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা জি আই এম টি, তেজপুৰৰ অধ্যক্ষ ড° বুলজিৎ বুঢ়াগোহাঁয়ে ৷ অনুষ্ঠানটোত কেৰিয়াৰ পৰামৰ্শদাতা গৰাকীয়ে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলৰ বিভিন্ন প্ৰশ্নৰ সমিধান আগবঢ়ায় লগতে প্ৰতি শনিবাৰে বিয়লি ৬বজাৰৰ পৰা ৯বজালৈ ফোনযোগে আগবঢ়োৱা তেওঁৰ কেৰিয়াৰ পৰামৰ্শৰ বিষয়েও অৱগত কৰে । হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ছাত্র-ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান , বাণিজ্য শাখা বা বৃত্তিমুখী (vocational) যিকোনো শাখাতে শিক্ষা গ্ৰহণ কৰি নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে ছাত্র বা ছাত্রীগৰাকীয়ে সুন্দৰ কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰিব পাৰে সেই বিষয়েও তেওঁ বিশদ বাখ্যা আগবঢ়ায়। কেৰিয়াৰ সজাগতা সভাখনত হলেশ্বৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম আৰু দশম ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা আন শিক্ষক-শিক্ষয়ত্ৰীসকল উপস্থিত থাকে৷

পথৰুঘাটৰ ৰণক সুঁৱৰি শ্বহীদ দিৱস পালন
আজি ২৮ জানুৱাৰী । ১৮৯৮ চনৰ আজি দিনটোতে ব্ৰিটিছৰ অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ইংৰাজৰ গুলিত মৃত্যুবৰণ কৰিছিল ১১৪ গৰাকী শ্বহীদে।এই কৃষক শ্বহীদ সকলক সুঁৱৰি পথৰুঘাটত দুদিনীয়াকৈ আয়োজন কৰা হৈছে শ্বহীদ দিৱস। ২৭ তাৰিখৰ পৰা আয়োজন হোৱা এই শ্বহীদ দিৱসত আজি মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী লগতে কৃষিমন্ত্ৰী অতুল বৰা,সাংসদ দিলীপ শইকীয়াকে ধৰি কেইবাগৰাকীও উচ্চপদস্থ বিষয়াই।
বুধবাৰে জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাই পতাকা উত্তোলনেৰে এই দুদিনীয়া অনুষ্ঠানৰ শুভাৰম্ভ কৰে।বিয়লি ৪ বজাৰ পৰা আৰম্ভ কৰা হয় কৃষি আৰু জীৱিকা সখী সকলে অনুষ্ঠিত কৰা প্ৰদৰ্শনী অনুষ্ঠানৰ। আনহাতে, বৃহস্পতি বাৰৰ দিনা পুৱা ৭ বজাত প্ৰভাত ফেৰীৰ পিছতে শ্বহীদ তৰ্পন ,সৰ্বধৰ্ম প্ৰাৰ্থনা আদি অনুষ্ঠিত কৰা হ’ব।ইয়াৰ পিছত পুৱা১১ বজাৰ পৰা আৰম্ভ হ’ব মুকলি সভা।উক্ত মুকলি সভাত কেইবাটাও আটক ধুনীয়া সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা ব্যৱস্থা কৰা হৈছে।ইয়াৰ উপৰিও সন্ধিয়া ৬ বজাৰ পৰা সাংস্কৃতিক সন্ধিয়া আয়োজন কৰা হৈছে।শ্বহীদ দিৱসত সমূহ কাৰ্যসূচীত ৰাইজৰ সহায়-সহযোগিতা দৰঙৰ জিলা প্ৰশাসনে কামনা কৰিছে।
ভিউৱাছৰ মতামত