আজি গুৱাহাটীৰ ভুগেশ্বৰী ফুকননী ইন্দোৰ ষ্টেডিয়ামত আজি এক সংবাদমেল অনুষ্ঠিত হয়।সংবাদমেলত ক্ৰীড়া আৰু যুৱ কল্যাণ সন্থাৰ সদস্য সচিব লক্ষ্য কোঁৱৰে খেলো ইণ্ডিয়া য়ুথ গেমছৰ উদ্বোধনী অনুষ্ঠানৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ সফলতাৰ বাবে সকলোকে ধন্যবাদ জনায়।এই ক্ষেত্রত তেওঁ সংবাদ মাধ্যমৰ ভূমিকাক প্ৰশংসা কৰে।ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ আৰু অসম চৰকাৰৰ যুটীয়া উদ্যোগত অনুষ্ঠিত হোৱা এই ক্ৰীড়া অনুষ্ঠানৰ সকলো ভুল ক্ৰুটি সংবাদ মাধ্যমক আঙুলিয়াই দিবলৈ লক্ষ্য কোঁৱৰে আহ্বান জনায়।উল্লেখযোগ্য যে খেলো ইণ্ডিয়া য়ুথ গেমছত মেডেলপ্ৰাপ্ত সকলক আজি সন্ধিয়া ৬ বজাত সৰুসজাই ষ্টেডিয়ামত মুখ্যমন্ত্রীয়ে মেডেল সমূহ প্ৰদান কৰিব। জিমনাষ্টিকত অসম কন্যা উপাশা তালুকদাৰে দুটাকৈ ব্ৰঞ্জৰ মেডেল লাভ কৰিবলৈ সক্ষম হৈছে।এই সফলতাই অসমৰ জিমনাষ্টিক জগতলৈ নিশ্চিতভাৱে এক আশাৰ বতৰা কঢ়িয়াইছে বুলি মত প্ৰকাশ কৰে লক্ষ্য কোঁৱৰে।সংবাদমেলত উপস্থিত থাকি খেলো ইণ্ডিয়া য়ুথ গেমছ সন্দৰ্ভত বিধায়ক ৰিতুপৰ্ণ বৰুৱাই কয় যে খেলো ইণ্ডিয়াৰ জৰিয়তে অসমখন মিনি ইণ্ডিয়ালৈ পৰিণত হৈছে।গুৱাহাটীক ক্ৰীড়া ৰাজধানী হিচাপে গঢ়ি তোলাৰ ক্ষেত্রত অসম চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে খেলো ইণ্ডিয়াৰ জৰিয়তে সেয়া সম্ভৱপৰ হ’ব।লগতে বিধায়ক তথা অসম ফুটবল সন্থাৰ সভাপতি ৰূপক শৰ্মাই এই ক্ষেত্রত সংবাদ মাধ্যমৰ লগতে অসমবাসী ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে।খবৰ যুগুতালে গীতাঞ্জলি গগৈয়ে..

পবিত্ৰ ৰাম নৱমীৰ শুভেচ্ছা জ্ঞাপন কৰিলে ৰাষ্ট্ৰপতিয়ে
আজি ৰাম নৱমী।এই ৰাম নৱমী হিন্দু ধর্মৰ এক পবিত্ৰ উৎসৱ।এই উৎসৱ ভগৱান ৰামৰ জন্মৰ লগত জৰিত।ৰাম নৱমী উপলক্ষে বিভিন্ন ঠাইত পূজা অৰ্চনা কৰা হৈছে।এই ৰাম নৱমী শুক্লপক্ষৰ নৱমী তিথিত পালন কৰা হয়।
ৰাম নৱমী উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জনায় কয় যে ভগৱান ৰামৰ আৰ্শীবাদ দেশবাসীৰ প্ৰতি সদায় বৰ্তি থাকক।আনহাতে এই সম্পৰ্কত ৰাষ্ট্ৰপতি ৰামনাথ কবীন্দ্ৰে এনেদৰে কয় ৰামৰ ধৰ্মই আমাক সদায় অনুপ্ৰাণিত কৰি আহিছে।ন্যায় আৰু মানৱীয় গুণৰ বাবে ৰামৰ আদৰ্শই যুগ যুগ ধৰি সকলোকে অনুপ্ৰেৰণা যোগাব।
ভিউৱাছৰ মতামত