মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি সৰুসজাইৰ ক্ৰীড়া চৌহদত ভোগেশ্বৰ বৰুৱা ৰাজ্যিক ক্ৰীড়া বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। ৰাজ্যখনত পোন প্ৰথম বাৰৰ বাবে ক্ৰীড়া শিতানত স্থাপন কৰিবলগীয়া এই ক্ৰীড়া বিদ্যালয়খন ২০বিঘা ভূমিত নিৰ্মাণ কৰা হ’ব। আৰু এথলেটিকছ, বক্সিং, ফুটবল, ৱেট লিফটিং, আৰ্চাৰী, টাইকোৱাণ্ডো এই ৬বিধ ক্ৰীড়া শাখাৰ পাঠ্যক্ৰম আৰু ক্ৰীড়া অনুশীলন এই প্ৰতিষ্ঠানটোৱে আগবঢ়াব। সোমবাৰে এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে বহুকেইগৰাকী ক্ৰীড়াক্ষেত্ৰত পাৰ্গত ক্ৰীড়াবিদক মুখ্যমন্ত্ৰীৰ ক্ৰীড়া বঁটা ২০১৯ প্ৰদান কৰে। এই ক্ৰীড়া বঁটাত এখন প্ৰশস্তি পত্ৰ লগতে নগ’ল ১.৫ লাখ টকা প্ৰদান কৰে। মুখ্যমন্ত্ৰীয়ে খোল’ ইণ্ডিয়া ইউথ গেমছত পদক অৰ্জন কৰা ৰাজ্যখনৰ ১১গৰাকী ক্ৰীড়াবিদক সম্বৰ্দ্ধনা জনায়। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে জয়ন্ত বড়োক শ্ৰেষ্ঠ ক্ৰীড়া সংগঠকৰ বঁটা প্ৰদান কৰে। অনুষ্ঠানত বক্তব্য ৰাখি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে- সমাজত শান্তি-সম্প্ৰীতি বজাই ৰখাৰ দিশত ক্ৰীড়াই বলিষ্ঠ ভুমিকা পালন কৰে। ৰাজ্যখনত গুণগত মান সম্পন্ন আৰু ক্ৰীড়াৰ অনুকূল বাতাবৰণ, সৃষ্টিৰ লক্ষ্য আগত ৰাখি ৰাজ্য চৰকাৰে চাবুৱাত ক্ৰীড়া বিশ্ব বিদ্যালয়, কোকৰাঝাৰত ক্ৰীড়া মহাবিদ্যালয় আৰু গুৱাহাটীত ক্ৰীড়া বিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে। অনুষ্ঠানত দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা পৰ্বতাৰোহী তৰুণ শইকীয়াৰ পৰিয়াললৈ ৩লাখ টকাৰ চেক প্ৰদান কৰে। অনুষ্ঠানত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, ৰাজ্যিক মন্ত্ৰী পল্লৱলোচন দাস, মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীকে ধৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে।

নামৰূপৰ সাৰ কাৰখানালৈ আহিছে ভাল খবৰ
নামৰূপ কাৰখানাৰ বাবে আছে ভাল খবৰ। নামৰূপ সাৰ কাৰখানাৰ চতুর্থ গোটৰ স্থাপন হোৱাৰ সপোন এতিয়া সাৰ্থক হোৱাৰ দিশে আগবাঢ়িছে।আজি কেন্দ্ৰীয় সাৰ আৰু ৰসায়ন বিভাগৰ মন্ত্ৰী সদানন্দ গৌড়াৰে হোৱা এক আলোচনাত উপস্থিত থকাৰ পিছতে কাৰখানাটোৰ চতুৰ্থটো গোট স্থাপনৰ ক্ষেত্ৰত সম্ভাৱনা ব্যক্ত কৰিছে বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী ড০ শৰ্মাই জনাই যে চতুৰ্থটো গোটক লৈ থকা জটিলতা আঁতৰাবলৈ অসম চৰকাৰে বিনিয়োগৰ পৰিমাণ পূৰ্বৰ ১১ শতাংশৰ পৰিৱৰ্তে ২৬ শতাংশলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছে।
লগতে বিত্তমন্ত্ৰী গৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে এই সম্পৰ্কত সেউজ সংকেত দিব।উল্লেখযোগ্য যে ১৯৬৯ চনৰ পৰা আৰম্ভ হোৱা কাৰখানাটোৰ ২য় আৰু ৩য় গোটৰ কাম অতি দুৰ্বলভাৱে চলি থকাৰ পিছত ৪ৰ্থটো গোট মুকলি কৰাৰ বাবে চেষ্টা চলাই থকা হৈছিল যদিও ই কাৰ্যতঃ হৈ উঠা নাছিল। কিন্তু আজি বৈঠকত বিত্তমন্ত্ৰী গৰাকীয়ে চতুৰ্থটো গোট স্থাপনৰ স্থাপনৰ সম্ভাৱনাৰ থকা কথা সদৰি কৰে।
ভিউৱাছৰ মতামত