ক’ৰণাৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰিছে এদল যুৱকে

বিশ্বত ক’ৰণা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে জনসাধাৰণক সজাগ কৰিবলৈ ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে সোণাৰিৰ একাংশ উদীয়মান যুৱকে। ৰাতুল, পংকজ, প্ৰযোজ্য, নন্দন, ধনঞ্জয়, মিন্টুকে ধৰি একুৰি উদীয়মান যুৱকে অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে।

 

 

 

 

সমন্বয় এনাজৰী নামৰ এটা গোটৰ জৰিয়তে এই পদক্ষেপ যুৱককেইজনে লক ডাউনৰ সময়তে ৰাজপথত চিত্ৰ অংকন কৰি সজাগতা সৃষ্টি কৰিছে। সোণাৰিৰ চফ্ৰাই, অভয়পুৰ অঞ্চলৰ এইসকল সমাজ সচেতন উদীয়মান যুৱকে সামাজিক দূৰত্ব বজাই ৰাখি গ্ৰহণ কৰিছে এই পদক্ষেপ।

 

 

সোণাৰি, চফ্ৰাই, অভয়পুৰ আদি ঠাইত ৰাজপথৰ লগতে চফ্ৰাই চাহ বাগিচা চিকিৎসালয়ত ক’ৰণা ভাইৰাছৰ  সম্পৰ্কে চিত্ৰ অংকন কৰি  জনসাধাৰণক সজাগ  কৰি তুলিছে।যুৱক কেইজনৰ এই প্ৰচেষ্টাক আৰক্ষীয়ে  সহযোগিতা আগবঢ়াইছে।

খবৰ যুগুতালে সোণাৰিৰপৰা অভিজিৎ ভূঞাই..

Share on whatsapp
WhatsApp
Share on facebook
Facebook
Share on twitter
Twitter
Share on email
Email

ভি আই পিত থলুৱা উদ্যমী যুৱকে নিৰ্মাণ কৰা ভলগা হোম উদ্ধোধন

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰ বিমান বন্দৰৰ কাষৰীয়া ভি আই পিৰ যোগীপৰাত অঞ্চলটোৰ উদ্যমী যুৱক শংকৰ ঠাকুৰীয়াই নিৰ্মাণ কৰা ভলগা হোম নামৰ এখন হোটেল মঙ্গলবাৰে সন্ধিয়া আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰা হয়। বহু সংখ্যক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ভলগা হোম উদ্ধোধন কৰে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত উত্তৰ পূব মাণ্ডলিক ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক এম সুৰেশে।

 

 

এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ক’ভিড কেন্দ্ৰীক পৰিস্থিতিৰ মাজতো শংকৰ ঠাকুৰীয়াই নিবনুৱা যুৱক যুৱতীক উদগনি দিয়াৰ লক্ষ্যৰে এনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা কাৰ্য্যৰ শলাগ লয়। অনুষ্ঠানত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ-পূব মণ্ডলৰ মহা প্ৰবন্ধকত্ৰয় ক্ৰমে ৰবি কান্ত, এছ ৰাধাকৃষ্ণণ, এছ. কে জৈন, উপ মহা প্ৰবন্ধক জগদীশ বৈশ্যকে ধৰি কেইবাজনো বিষয়া, অগপৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক সুভাষ শৰ্মা, পশ্চিম গুৱাহাটী সমষ্টি সমিতিৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰী, কাহিকুছি গাঁও পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়া, লোক নিৰ্মাণ বিভাগৰ পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ সহকাৰী কাৰ্যাবাহী অভিযন্তা বুলু ৰঞ্জন ডেকাকে ধৰি কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকে। অনুষ্ঠানত উদ্যমী যুৱক শংকৰ ঠাকুৰীয়াই ভলগা হোম নিৰ্মাণ সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰে।

ভাৰতীয় বায়ুসেনাত উইং কামাণ্ডাৰ হিচাপে নিযুক্তি লাভ কৰিছে অসমৰ প্ৰথম গৰাকী মহিলাই

ভাৰতীয় বায়ুসেনাত উইং কামাণ্ডাৰ নিযুক্তি হিচাপে লাভ কৰিছে অসমৰ প্ৰথমগৰাকী মহিলাই। মহিলাগৰাকীৰ নাম বৰ্ণালী গগৈ।লখিমপুৰ নকাৰীৰ ২নং ৱাৰ্ডৰ নিবাসী প্ৰয়াত প্ৰেমধৰ গগৈ আৰু অঞ্জলি গগৈ কন্যা।

 

উল্লেখযোগ্য যে ১৯৯৬ চনৰ ২৭ মে’ত বৰ্ণালীয়ে পাইলট অফিচাৰ হিচাপে বায়ুসেনাত যোগদান কৰিছিল।ইয়াৰ পিছত ফ্লায়িং অফিচাৰ আৰু পৰৱৰ্তী ফ্লায়িং লেফটেনেণ্টে হিচাপে পদোন্নতি লাভ কৰে।

 

১৯৮৬ চনতে বৰ্ণালীয়ে অসমৰ ভিতৰত ১৬নং স্থান দখল কৰি বিজ্ঞান শাখাত কটন কলেজৰ পৰা উত্তীৰ্ণ হৈছিল।ইয়াৰ পৰৱৰ্তী সময়ত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা ইলেকট্ৰনিকছ টেলি কমিউনিকেশ্যনত প্রথম শ্ৰেণীৰ প্ৰথম স্থান দখল কৰিছিল। ইয়াৰ পিছতে বিৰলা ইনষ্টিটিউট অফ টেকন’লজি এণ্ড ছায়েন্সৰ পৰা এম টেক ডিগ্ৰী কৰিছিল। তেওঁ ২০২০ বৰ্ষৰ ৰাষ্ট্ৰপতি বঁটাৰেও সন্মানিত হৈছিল।

জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়ালৈ বিশেষ সন্মান

জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়াক প্ৰেছ এমব্লেম কেম্পেইন নামৰ আন্তৰ্জাতিক সংস্থাৰ ভাৰতৰ প্ৰতিনিধি হিচাপে বাছনি কৰা হৈছে। উল্লেখযোগ্য যে চুইজাৰলেণ্ডৰ জেনেভাস্থিত সংস্থাটোৱে সমগ্ৰ পৃথিৱীতে ঘটি থকা সাংবাদিক হত্যা, সংবাদকৰ্মীৰ ওপৰত হোৱা নিগ্ৰহ আৰু শেহতীয়াকৈ ক’ভিডত মৃত্যু হোৱা সাংবাদিকৰ তালিকা প্ৰস্তুত কৰি আহিছে।

 

 

কেইবাখনো দেশৰ জ্যেষ্ঠ সাংবাদিকৰ উদ্যোগত ২০০৪ চনত জন্ম লাভ কৰা সংস্থাটোৰ সম্পাদক-প্ৰধান ব্লেইজ লেম্পেনে ঠাকুৰীয়াক এই দায়িত্ব অৰ্পনৰ বিষয়ে অৱগত কৰায়।লগতে সংস্থাটোৱে জাৰ্নেলিষ্ট ফ’ৰাম অসম সভাপতি ৰূপম বৰুৱাক ইয়াৰ সহযোগী সংগঠন হিচাপে মান্যতা প্ৰদান কৰিছে।

 

 

২০১০ চনৰ পৰা ৰাষ্ট্ৰসংঘত নিজৰ বক্তব্য উপস্থাপন কৰি অহা সংস্থাটোৱে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ কৰ্মৰত সাংবাদিক আৰ্থিক অৱস্থা সম্পৰ্কটো অধ্যয়ন কৰিব।আজিৰ পৰা তিনিদশক পূৰ্বে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা ঠাকুৰীয়াই অসমীয়া কাকতৰ জৰিয়তে সাংবাদিকতা জীৱন আৰম্ভ কৰে।

 

সম্প্ৰতি তেওঁ বহুকেইখন ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাকতত সাংবাদিকতা আৰু সাংবাদিকৰ বিভিন্ন সমস্যা ওপৰত প্ৰবন্ধ লিখি আহিছে।

আন্ত:ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব মিছিং ছবি

Li:len The Ray of Hope আশাৰ ৰেঙনি এই চিনেমাখন আন্ত:ৰাষ্ট্ৰীয় ঢাকা চিনে মেকিং ইন্টাৰনেশ্যনেল ফ্লিম এৰ্ৱাডত প্ৰদৰ্শিত হ’ব।মিছিং জনজাতিৰ বাস্তৱ কাহিনীৰ ওপৰত নিৰ্মিত এই ছবিখনত এটা বংশগত ৰোগৰ অন্ধবিশ্বাস আৰু বাস্তৱ কাহিনীৰ প্ৰতিচ্ছবি প্ৰতিফলিত হৈছে।

 

 

এই চিনেমাখন পৰিচালনা কৰিছে নাৰায়ণ শীলে।চিনেমাখনৰ দৃশ্যায়ন হৈছে ধেমাজি চিলাপথাৰত। বহু গৰাকী নৱাগত শিল্পীৰ লগতে আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ অভিনেতাই চিনেমাখনত অংশগ্ৰহণ কৰিছে।

কাঠ পেঞ্চিলৰ ক’লা অংশত বিশিষ্ট লোকৰ ছবি অংকন কৰিছে আজাৰাৰ এজন যুৱকে

মহানগৰীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিৰ এজন যুৱকে আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে। শাৰদীয় দূৰ্গাপূজা উপলক্ষে এক ব্যতিক্ৰমী পদক্ষেপৰে অন্যন্য প্ৰতিভাৰ দাঙি ধৰিবলৈ সক্ষম হৈছে।

 

 

যুৱকজনৰ নাম হৈছে বিশাল চৌধুৰী। চণ্ডীগড় ইউনিভাৰচিটিৰ বি ফাৰ্মাচিৰ তৃতীয় বৰ্ষৰ ছাত্ৰ বিশাল চৌধুৰীয়ে কাঠ পেঞ্চিলৰ ক’লা অংশৰে নিৰ্মাণ কৰিছে ভগৱান তথা বিশিষ্ট লোকৰ মূৰ্তি।

 

 

প্ৰায় ১৫-২০ ঘণ্টাৰ দৃঢ় মনোযোগৰে কাঠ পেঞ্চিলৰ ক’লা অংশত শাৰদীয় দূৰ্গা পূজাৰ সময়ত মা দূৰ্গা (মহিষাসুৰ মৰ্দিনীক) নিৰ্মাণ কৰি উলিয়াছে। ইতিপূৰ্বেও বিশাল চৌধুৰীয়ে বন্ধুবৰ্গৰ নাম পেঞ্চিলৰ ক’লা অংশত খোদিত কৰি ভাৰতৰ বিভিন্ন স্থানত পঠাইছিল। ভৱিষ্যতেও পেঞ্চিলত মূৰ্তি নিৰ্মাণ কৰি যাব বুলি বিশালে জানিবলৈ দিছে।

 

 

 

ব্লেড আৰু সৰু সুৰা সা সামগ্ৰী ব্যৱহাৰ কৰি কাঠ পেঞ্চিলৰ ক’লা অংশত বিভিন্নজন লোকৰ নাম খোদিত কৰি বিভিন্নজনক উপহাৰ হিচাপে প্ৰদান কৰিছে। শাৰদীয় দুৰ্গোসৎৱৰ সময়তো দেৱী দূৰ্গাৰ ছবি অংকন কৰি বিশাল চৌধুৰীয়ে বেচ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে।বিশাল ভাৰতীয় বিমান বন্দৰ গুৱাহাটীস্থিত ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ বিষয়া সুশীল লাল চৌধুৰী আৰু ভাৰতী চৌধুৰীৰ পুত্ৰ।

গুৱাহাটী সংসদীয় সমষ্টিক পোহৰাই তুলিবলৈ সাংসদ কুইন ওজাৰ উদ্যোগত এক হাজাৰ সৌৰশক্তি চালিত ষ্ট্ৰীট লাইট স্থাপনৰ তৎপৰতা

গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই সংসদীয় সমষ্টিৰ অন্তৰ্গত দহটা বিধানসভা সমষ্টিৰ বিদ্যুৎ যোগান কম থকা বা সঘনাই লোড শ্বেদিং হোৱা অঞ্চল সমূহক পোহৰাই তুলিবলৈ এক হাজাৰ সৌৰশক্তি চালিত ষ্ট্ৰীটলাইট স্থাপন কৰিবলৈ তৎপৰতা আৰম্ভ কৰিছে।এই আঁচনি ৰূপায়ণৰ লগত জড়িত কামৰূপ জিলাৰ ডি আই এছ এইছ এ ৰ সদস্য প্ৰশান্ত মহন্তই জানিবলৈ দিয়া মতে সাংসদ কুইন ওজাই তেওঁৰ সাংসদৰ স্থানীয় এলেকা উন্নয়ন পুঁজিৰ ধনেৰে ‘অটল জ্যোতি যোজনা ২০১৯-২০’ আঁচনিৰ অধীনত বিগত আগষ্ট মাহৰ পৰা সৌৰশক্তি চালিত এল.ই.ডি ষ্ট্ৰীটলাইট স্থাপনৰ কাম আৰম্ভ কৰা হৈছে।

 

 

এই লাইট সমূহত উচ্চ প্ৰযুক্তিৰ সমাহাৰ ঘটাৱা হৈছে। ই সন্ধিয়া অন্ধকাৰ হ’লেই স্বয়ংক্ৰিয় ভাবে নিজে নিজে নিজে জ্বলি উঠে। তেনেদৰে পুৱা পোহৰ হ’লেই নিজে নিজে নুমাই যাব।গুৱাহাটী সংসদীয় সমষ্টিৰ অধীনৰ দুধনৈ, বকো, ছয়গাওঁ, পলাশবাৰী, পশ্চিম গুৱাহাটী, পূব গুৱাহাটী, দিশপুৰ, জালুকবাৰী, হাজো, আৰু বৰক্ষেত্ৰীত প্ৰতিটোতে ১০০ টাকৈ ষ্ট্ৰীটলাইট গুৰুত্বপূৰ্ণ স্থান সমূহত স্থাপন কৰি থকা হৈছে। এইক্ষেত্ৰত ধর্মানুষ্ঠান, শিক্ষানুষ্ঠান, ক্লাব, সামূহিক গৃহকে ধৰি ৰাজহুৱা স্থানক প্ৰথম অগ্ৰাধিকাৰ দিয়া হৈছে। ষ্ট্ৰীটলাইট সমূহ চলিত বৰ্ষৰ ভিতৰতে স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আঁচনিখন ৰূপায়িত হ’লে নিশ্চিত ভাবে গুৱাহাটী সংসদীয় সমষ্টিৰ দহটা বিধানসভা সমষ্টিৰ গুৰুত্বপূৰ্ণ স্থান সমূহ নিশাৰ ভাগত পোহৰেৰে আলোকিত হৈ থাকিব বুলি আঁচনিৰ লগত জড়িত প্ৰশান্ত মহন্তই আশা ব্যক্ত কৰিছে।