তেজপুৰ ডেকাৰগাঁওস্থিত ৰাজ্যখনৰ আগশাৰীৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী চমুকৈ জি আই এম টি, তেজপুৰত আজি এখন এদিনীয়া কৰ্মশালা অনুষ্ঠিত কৰা হয়। ‘উদ্ভাৱনী আৰু উদ্যমীতা’ বিষয়ক কৰ্মশালাখনি অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ সহযোগত আয়োজন কৰা হৈছিল। মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপিকা অংকিতা পাটোৱাৰীয়ে আঁত ধৰা কৰ্মশালাখনি বন্তি প্ৰজ্বলনেৰে শুভ উদ্বোধন কৰে অসমৰ বিশিষ্ট কেৰিয়াৰ পৰামৰ্শদাতা তথা মহাবিদ্যালয় খনৰ অধ্যক্ষ ড° বুলজিৎ বুঢ়াগোহাঁয়ে । কৰ্মশালাৰ প্ৰথমাৰ্দ্ধত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে ডিজিটেল জগতৰ বিশিষ্ট উদ্যমী তথা লেখিকা পুষ্পাঞ্জলি দাস দত্তই । বৰ্তমানৰ ডিজিটেল জগতখনৰ বহুকেইগৰাকী অভিযন্তা উদ্যমীৰ উদাহৰণেৰে তেওঁ ছাত্ৰ-ছাত্ৰীসকলক উদ্যমীতাৰ দিশে ধাৱমান হ’বলৈ উৎসাহিত কৰে । লগতে আৰম্ভণি পৰ্যায়ৰ বাবে প্ৰয়োজনীয় দিহা-পৰামৰ্শ আগবঢ়ায়। কৰ্মশালাৰ দ্বিতীয়াৰ্দ্ধত সমল ব্যক্তি হিচাপে উপস্থিত থাকে পদ্মশ্ৰী বঁটা প্ৰাপক বিশিষ্ট উদ্ভাৱক ড° উদ্ধৱ কুমাৰ ভৰালী । তেখেতে নিজৰ উদ্ভাৱনৰ কিছু নিদৰ্শন পৰিৱেশন কৰি সকলোকে উৎসাহিত কৰি তোলে। লগতে নিজৰ উদ্ভাৱনী শক্তিৰে সমাজৰ সাধাৰণ শ্ৰেণীৰ লগতে বিশেষভাৱে সক্ষম লোকসকলৰ প্ৰতি দায়িত্ব পালনৰ বাবে তেওঁ ছাত্ৰসমাজক আহ্বান জনায়। মূলত উদ্ভাৱন, স্ব-নিয়োজন আৰু উদ্যমীতা বিকাশৰ লক্ষ্যৰে আয়োজিত মনোগ্ৰাহী কৰ্মশালাখনি সহকাৰী অধ্যাপক বিশ্বজিৎ ভাগৱতীয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰি সামৰণি ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীক দুখনকৈ গ্ৰন্থ উপহাৰ দলে অসম পাব্লিচিং কোম্পানীয়ে
সমগ্ৰ দেশতে অভিলেখৰ সৃষ্টি কৰি গুৱাহাটীৰ অসম পাব্লিচিং কোম্পানীয়ে প্ৰকাশ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুখন কিতাপৰ অসমীয়া সংস্কৰণ কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰকাশক সঞ্জয় কুমাৰ সান্যালৰ হাতৰ পৰা গ্ৰহণ কৰে। এখন কিতাপ হ’ল প্ৰধানমন্ত্ৰীৰ মন কী বাতৰ উদ্দীপনামূলক নিৰ্বাচিত অংশ বিশেষৰ সংকলন মোৰ প্ৰিয় দেশবাসী। কিতাপখনৰ সংকলন কৰিছে নম্ৰতা দত্তই।আনখন কিতাপ হ’ল নৰেন্দ্ৰ মোদীয়ে ৰাজনৈতিক জীৱন আৰম্ভ কৰাৰ আগৰ সময়ছোৱাত কৰা বিভিন্ন উপলদ্ধিৰ প্ৰকাশ আইলৈ চিঠি।
মূল গুজৰাটীৰ পৰা ভাৱনা চোমায়াই ইংৰাজীলৈ কৰা অনুবাদৰ পৰা আইলৈ চিঠিৰ অনুবাদক উৎপল দত্ত।দুয়োখন কিতাপৰ প্ৰচ্ছদ প্ৰসিদ্ধ চিত্ৰশিল্পী সৌৰীশ মিত্ৰৰ আৰু আইলৈ চিঠিৰ অন্তৰ্ভাগৰ অলংকৰণো শ্ৰীমিত্ৰৰেই ।শিৱসাগৰত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰিবলৈ আহোতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশক শ্ৰীসান্যালক মাতি পঠোৱা হয় আৰু সেই আমন্ত্ৰণ মৰ্মে প্ৰকাশক গৰাকীক প্ৰধানমন্ত্ৰীয়ে নিজৰ কোঠালৈ মাতি নিয়ে তেওঁৰ হাতৰ পৰা কিতাপ দুখন গ্ৰহণ কৰে।
সেই সময়ত প্ৰধানমন্ত্ৰীৰ সতে উপস্থিত আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।প্ৰধানমন্ত্ৰী গৰাকীয়ে শ্ৰী সান্যালক তেওঁৰ কামৰ বাবে প্ৰশংসা কৰে,প্ৰতিষ্ঠানটিৰ মংগল কামনা কৰে। তেখেতে কয় যে বাধাৰ সন্মুখীন হ’লেও তুমি কাম কৰি যোৱা,কাম বন্ধ নকৰিবা।
প্ৰধানমন্ত্ৰী গৰাকীৰ কেইবাখনো কিতাপ ইতিমধ্যে বিভিন্ন ভাষাত প্ৰকাশ পাইছে যদিও একেলগে এটা ভাষাত দুখন কিতাপ প্ৰকাশ হোৱাটো এয়াই প্ৰথম।প্ৰকাশক শ্ৰী সান্যালে কয় আমাৰ প্ৰকাশনৰ স্বৰ্ণজয়ন্তী উপলক্ষে প্ৰকাশ কৰা কেইখনমান বিশেষ কিতাপৰ মাজৰ এই দুখন কিতাপৰ প্ৰকাশ অকল মোৰ বাবেই নহয় অসমৰ সকলো প্ৰকাশকৰ বাবেই গৌৰৱৰ বিষয়। মাননীয় প্ৰধানমন্ত্ৰী গৰাকীয়ে নিজ আগ্ৰহ প্ৰকাশ কৰি নিজ হাতে দুখন অসমীয়া কিতাপ গ্ৰহণ কৰাটো অসমীয়া গ্ৰন্থ প্ৰকাশন উদ্যোগৰ বাবে সন্মানজনক বুলি মই বিবেচনা কৰো।মই বিশ্বাস কৰো আমি অসমত নেচনেল লাইব্ৰেৰী দৰে বা তেনে জাতীয় বিশাল প্ৰতিষ্ঠান এটি বিচাৰিলে প্ৰধানমন্ত্ৰী গৰাকীয়ে নিশ্চয় সহাঁৰি জনাব।
ভিউৱাছৰ মতামত