তেজপুৰ ডেকাৰগাঁওস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী, চমুকৈ জি আই এম টি, তেজপুৰত ১৫ নৱেম্বৰত এখনি মানসিক স্বাস্থ্য সম্পৰ্কীয় কৰ্মশালাৰ অনুষ্ঠিত হয়। ‘অভিযান্ত্ৰিক ছাত্ৰৰ মানসিক স্বাস্থ্য আৰু মানসিক চাপ নিয়ন্ত্ৰণ’ শীৰ্ষক মনোগ্ৰাহী কৰ্মশালাখনিত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ মানসিক চিকিৎসালয়ৰ সহকাৰী অধ্যাপক ড° ইন্দ্ৰজিৎ বেনাৰ্জী আৰু সহযোগী অধ্যাপকিকা ড° সোভনা এইচে । জি আই এম টি, তেজপুৰৰ সহকাৰী অধ্যাপিকা ড° স্তুতি চক্ৰৱৰ্তীয়ে আঁত ধৰা অনুষ্ঠানটোৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বুলজিৎ বুঢ়াগোহাঁয়ে দুয়োগৰাকী সমলব্যক্তিকে সম্বৰ্ধনা জনায়। ইয়াৰ পিছত অধ্যাপিকা ড° সোভনাই মানসিক চাপ, ইয়াৰ কাৰণ আৰু নিৰাময়ৰ ওপৰত বিশদ বাখ্যা আগবঢ়ায়। অনুষ্ঠানৰ দ্বিতীয়াৰ্ধত ড° ইন্দ্ৰজিৎ বেনাৰ্জীয়ে মানসিক চাপ নিয়ন্ত্ৰণৰ কাৰণে শ্বাস প্ৰশ্বাস নিয়ন্ত্ৰণ ইত্যাদিৰ অনুশীলন কৰায়। মনোগ্ৰাহী কৰ্মশালাখনিৰ শেষত সহকাৰী অধ্যাপক দীপাংকৰ শইকীয়াই সকলোকে ধন্যবাদ জ্ঞাপন কৰি অনুষ্ঠানৰ সামৰণি ঘোষণা কৰে।

নামৰূপৰ সাৰ কাৰখানালৈ আহিছে ভাল খবৰ
নামৰূপ কাৰখানাৰ বাবে আছে ভাল খবৰ। নামৰূপ সাৰ কাৰখানাৰ চতুর্থ গোটৰ স্থাপন হোৱাৰ সপোন এতিয়া সাৰ্থক হোৱাৰ দিশে আগবাঢ়িছে।আজি কেন্দ্ৰীয় সাৰ আৰু ৰসায়ন বিভাগৰ মন্ত্ৰী সদানন্দ গৌড়াৰে হোৱা এক আলোচনাত উপস্থিত থকাৰ পিছতে কাৰখানাটোৰ চতুৰ্থটো গোট স্থাপনৰ ক্ষেত্ৰত সম্ভাৱনা ব্যক্ত কৰিছে বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী ড০ শৰ্মাই জনাই যে চতুৰ্থটো গোটক লৈ থকা জটিলতা আঁতৰাবলৈ অসম চৰকাৰে বিনিয়োগৰ পৰিমাণ পূৰ্বৰ ১১ শতাংশৰ পৰিৱৰ্তে ২৬ শতাংশলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছে।
লগতে বিত্তমন্ত্ৰী গৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে এই সম্পৰ্কত সেউজ সংকেত দিব।উল্লেখযোগ্য যে ১৯৬৯ চনৰ পৰা আৰম্ভ হোৱা কাৰখানাটোৰ ২য় আৰু ৩য় গোটৰ কাম অতি দুৰ্বলভাৱে চলি থকাৰ পিছত ৪ৰ্থটো গোট মুকলি কৰাৰ বাবে চেষ্টা চলাই থকা হৈছিল যদিও ই কাৰ্যতঃ হৈ উঠা নাছিল। কিন্তু আজি বৈঠকত বিত্তমন্ত্ৰী গৰাকীয়ে চতুৰ্থটো গোট স্থাপনৰ স্থাপনৰ সম্ভাৱনাৰ থকা কথা সদৰি কৰে।
ভিউৱাছৰ মতামত