সপ্তাহযোৰাকৈ অনুষ্ঠিত হোৱা তৃতীয় গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয চলচ্চিত্ৰ মহোৎসৱৰ আজি চতুৰ্থ দিনা ‘চিনেমা সংস্কৃতি প্ৰসাৰত চলচ্চিত্ৰ মহোৎসৱৰ ভূমিকা’শীৰ্ষক এক মনোজ্ঞ আলোচনা অনুষ্ঠিত হয়।আলোচনা মুখ্য বক্তা হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰ পুৰস্কাৰপ্ৰাপ্ত ছবি সমালোচক সংবাদিক মনোজ বৰপূজাৰী ,পোলেণ্ডৰ অভিনেত্ৰী তথা ছবি নিৰ্মাতা এবা বুকস্কা, বাংলাদেশৰ ছবি-পৰিচালক নুৰ ইমৰাণ মিঠু ,ফিলেণ্ডৰ অভিনেত্ৰী ছবি নিৰ্মাতা হেইকি কুজানপা ।অনুষ্ঠানটোৰ আঁত ধৰে ছবি নিৰ্মিতা ৰমা জাছেমদাৰে।চিনেমা সংস্কৃতিক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত চলচ্চিত্ৰ মহোৎসৱ গুৰুত্ব অপৰিসীম বুলি মন্তব্য কৰি মনোজ বৰপূজাৰীযে কয় যে কলাত্মক ছবিৰ বাবে দৰ্শন সৃষ্টিৰ জৰিয়তে ভাল ছবিৰ প্ৰতি দৰ্শনক আকৃষ্ট কৰাৰ ক্ষেত্ৰত মহোৎসৱে নিৰ্মাতাসকলোক উৎসাহ যোগোৱাত এনে মহোৎসৱ যথেষ্ট সহায় কৰে বুলিও মন্তব্য কৰে। ৰাষ্ট্ৰীয়তকৈ আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ মহোৎসৱত বিভিন্ন দেশৰ ছবি চোৱা তথা ইয়াৰ সৈতে জড়িত কলা-কুশলীক লগ পোৱা বা তেওঁলোকৰ সৈতে আলাপ কৰাৰ সুবিধা পোৱা যায় বাবে ইয়াৰ গুৰুত্ব তুলনামূলক ভাৱে অধিক বুলি তেওঁ কয়।প্ৰথম বাৰৰ বাবে চলচ্চিত্ৰ মহোৎসৱত উপস্থিত থাকি এই সন্দৰ্ভত হোৱা অভিজ্ঞতা আজি মুকলি আলোচনাত ব্যক্ত কৰে । মহোৎসৱসমূহে তেওঁৰ ছবিৰ ব্যৱহাৰিক সফলতা যথেষ্ট সহায় কৰিছে বুলি তেওঁ প্ৰকাশ কৰে।ফিলেণ্ডৰ ছবি নিৰ্মাতা হেইকিকুজানপাযো কলাত্মক ছবিৰ প্ৰচাৰৰ ক্ষেত্ৰত চলচ্চিত্ৰ মহোৎসৱসমূহৰ প্ৰয়োজনীয়তা আৰু ছবি-নিৰ্মিতাসকলোক উৎসাহ যোগোৱা বুলি মন্তব্য কৰে।উল্লেখযোগ্য যে বাংলাদেশৰ ছবি পৰিচালক নুৰ ইমৰাণ মিঠু এন আৰেজ শ্বিপ ছবি:নিৰ্মাতা এৱা বুকস্কাৰ ৫৩ৱাৰছ আৰু ফিনলেণ্ডৰ ছবি নিৰ্মাতা হেইকি কুজানপা ‘লাফ অব ডাই ‘তৃতীয়ত গুৱাহাটী চলচ্চিত্ৰ আন্ত:ৰাষ্ট্ৰীয়ৰ চলচ্চিত্ৰ মহোৎসৱক প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে।উল্লেখযোগ্য যেকলাক্ষেত্ৰৰ তিনিটা প্ৰেক্ষাগৃহ আৰু জোতি চিত্ৰবনত অনুষ্ঠিত হোৱা তৃতীয় গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ মহোৎসৱত ৬৫খন দেশৰ শতাধিক ছবি প্ৰদৰ্শন কৰা হব।বসুধৈব কুটুম্বকম আৰ্থগোটেই পৃথিৱীখনেই এক পৰিয়াল চিন্তাধাৰাৰে উজ্জীৱিত গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱত ‘কান্টু অব ফকাছ ‘ইৰানৰ হোৱাৰ বিপৰীতে ‘ৰিজন অব ফকাছ’ হল নেটিন আমেৰিকা।

বিশিষ্ট সাহিত্যিক, পদ্মশ্ৰী ডঃ কামেশ্বৰ ব্ৰহ্মক গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা প্ৰদান বি টি চিৰ মুৰব্বী প্ৰমোদ বড়োৰ
গুৰুদেৱ কালিচৰণ ব্ৰহ্ম কেৱল এজন ধৰ্ম প্ৰচাৰকে নাছিল । তেওঁ আছিল এজন প্ৰকৃত সমাজ সংস্কাৰক । ১০০ বছৰৰো অধিক পূৰ্বেই তেওঁ বড়ো – অবড়োকে ধৰি সকলো জাতি – জনগোষ্ঠীৰ ৰাইজ যাতে মিলিজুলি বসবাস কৰি এখন শক্তিশালী সমাজ গঢ়ি তোলে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল । গতিকে আজিৰ উঠি অহা যুৱ প্ৰজন্মই গুৰুদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত হয় তাৰ বাবে যুৱ প্ৰজন্মক আহ্বান জনাইছো । এই মন্তব্য বি টি চি ৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ । আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত সভাগৃহত গুৰুদেৱ কলিচৰণ ব্ৰহ্ম ট্ৰাষ্টৰ ( জি কে বি টি ) উদ্যোগত আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ ( আবছু ) গুৱাহাটী বিশ্ববিদ্যালয় শাখাৰ সহযোগত গুৰুদেৱ কালিচৰণ ব্ৰহ্মৰ ১৬২ সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি বিশিষ্ট সাহিত্যিক, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি , পদ্মশ্ৰী ডঃ কামেশ্বৰ ব্ৰহ্মক গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা প্ৰদান কৰি এই মন্তব্য কৰে বি টি চি ৰ মুৰব্বী প্ৰমোদ বড়োৱে । অনুষ্ঠানটোত প্ৰমোদ বড়োৱে কয় গুৰুদেৱৰ সমাজৰ প্ৰতি আগবঢ়োৱা অৱদানৰ প্ৰতি লক্ষ্য ৰাখি এই বছৰৰ পৰা তেওঁৰ ১৮ এপ্ৰিলৰ জন্মদিনটোত বি টি চি এলেকাত চৰকাৰীভাবে সীমিত বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে । অহা বছৰৰ পৰা তেওঁৰ জন্মদিনৰ কাৰ্যসূচী বি টি চি ত চৰকাৰীভাবে পালন কৰা হব বুলি প্ৰমোদ বড়োৱে ব্যক্ত কৰে । আনহাতে বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত উপস্থিত সকলোকে আদৰণি জনায় জি কে বি টি ৰ সম্পাদক ডঃ অজিত বড়োৱে আৰু পৌৰাহিত্য কৰে সভাপতি ৰাখেশ্বৰ ব্ৰহ্মই । অনুষ্ঠানত এছ বি ডি এছ ৰ উপদেষ্টা নিৰঞ্জন ব্ৰহ্ম , সভাপতি বিদ্যাশ্ৰী ব্ৰহ্ম , উপ সভাপতি খাউডাম বসুমতাৰী , আবছুৰ সভাপতি জলেশ্বৰ ব্ৰহ্ম ,প্ৰাক্তন সচিব প্ৰধান লাৱাৰেন্স ইছলাৰী , গুৱাহাটী বিশ্ববিদ্যালয় গোটৰ সভাপতি মিনিশ্বাৰাং ব্ৰহ্ম , সাহিত্য অকাডেমিৰ বড়ো উপদেষ্টা পৰিষদৰ আহ্বায়ক ডঃ অনিল বড়ো , বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োকে ধৰি বড়ো সমাজৰ ভালে কেইজন বিশিষ্ট লোক উপস্থিত থাকে । আনহাতে বঁটাপ্ৰাপক ডঃ কামেশ্বৰ ব্ৰহ্ম শাৰীৰিক অসুস্থততাৰ বাবে উপস্থিত থাকিব নোৱৰাত বঁটা গ্ৰহণ কৰে জি কে বি টি ৰ সহকাৰী সম্পাদক পিয়াৰী মোহন ব্ৰহ্মই । এই বঁটাত আছে ৫০ হাজাৰ টকাৰ চেক , এখন অংগবস্ত্ৰ , প্ৰশস্তি পত্ৰ আৰু এটা স্মাৰক । ইয়াৰ উপৰিও শিশু সাহিত্যৰ বাবে এইবেলি ” Gothosa Bisombi ” গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰা বাবে ডঃ অজিত বড়োক অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় । উল্লেখযোগ্য যে বিগত বৰ্ষত বিদ্যাসাগৰ নাৰ্জাৰীক গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা প্ৰদান কৰা হৈছিল ।
ভিউৱাছৰ মতামত