কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ নং বেটেলিয়ানৰ চি আৰ পি এফ মুখ্য কাৰ্যালয়ৰ উদ্যোগত বাহিনীটোৰ জনহিতকৰ কাৰ্যসূচীৰ অংশ হিচাপে অলপতে ৰাণী উপৰদানী হাইস্কুলত এটা কম্পিউটাৰ,কম্পিউটাৰ টেবুল,চকী আৰু কম্পিউটাৰ লেব স্থাপন কৰিবৰ বাবে সা সামগ্রী প্ৰদান কৰে।অনুষ্ঠানত সামগ্রীখিনি প্ৰদান কৰি ১৭৫ চি আৰ পি এফৰ কমাণ্ডেণ্ট সুভাষ চন্দ্র শৰ্মাই ভাষণ প্ৰসঙ্গত কম্পিউটাৰৰ ব্যৱহাৰিক জ্ঞানেৰে ছাত্র ছাত্রীসকল উপকৃত হ’ব বুলি আশা ব্যক্ত কৰে।অনুষ্ঠানত উপৰদানী হাইস্কুল পৰিচালনা সমিতিৰ সভাপতি বলেন ৰাভা,হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী উত্তৰা ৰাভা,১৭৫ চি আৰ পি এফৰ চেকেণ্ড ইন কমাণ্ড সন্তুোষ কুমাৰ,ডেপুটী কমাণ্ডেণ্টদ্বয় মনোজ সিং আৰু আব্দুল ৰহিম,সহকাৰী কমাণ্ডেণ্ট নেহা যাদৱকে ধৰি বাহিনীটোৰ কেইবাগৰাকী বিষয়া,জোৱান আৰু হাইস্কুলৰ ছাত্র ছাত্রী,শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকে।আনহাতে অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্র ছাত্রীসকলে বিহু নৃত্য,আধুনিক নৃত্যকে ধৰি বাৰে ৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী পৰিবেশন কৰে।

বিশিষ্ট সাহিত্যিক, পদ্মশ্ৰী ডঃ কামেশ্বৰ ব্ৰহ্মক গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা প্ৰদান বি টি চিৰ মুৰব্বী প্ৰমোদ বড়োৰ
গুৰুদেৱ কালিচৰণ ব্ৰহ্ম কেৱল এজন ধৰ্ম প্ৰচাৰকে নাছিল । তেওঁ আছিল এজন প্ৰকৃত সমাজ সংস্কাৰক । ১০০ বছৰৰো অধিক পূৰ্বেই তেওঁ বড়ো – অবড়োকে ধৰি সকলো জাতি – জনগোষ্ঠীৰ ৰাইজ যাতে মিলিজুলি বসবাস কৰি এখন শক্তিশালী সমাজ গঢ়ি তোলে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল । গতিকে আজিৰ উঠি অহা যুৱ প্ৰজন্মই গুৰুদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত হয় তাৰ বাবে যুৱ প্ৰজন্মক আহ্বান জনাইছো । এই মন্তব্য বি টি চি ৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ । আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত সভাগৃহত গুৰুদেৱ কলিচৰণ ব্ৰহ্ম ট্ৰাষ্টৰ ( জি কে বি টি ) উদ্যোগত আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ ( আবছু ) গুৱাহাটী বিশ্ববিদ্যালয় শাখাৰ সহযোগত গুৰুদেৱ কালিচৰণ ব্ৰহ্মৰ ১৬২ সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি বিশিষ্ট সাহিত্যিক, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি , পদ্মশ্ৰী ডঃ কামেশ্বৰ ব্ৰহ্মক গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা প্ৰদান কৰি এই মন্তব্য কৰে বি টি চি ৰ মুৰব্বী প্ৰমোদ বড়োৱে । অনুষ্ঠানটোত প্ৰমোদ বড়োৱে কয় গুৰুদেৱৰ সমাজৰ প্ৰতি আগবঢ়োৱা অৱদানৰ প্ৰতি লক্ষ্য ৰাখি এই বছৰৰ পৰা তেওঁৰ ১৮ এপ্ৰিলৰ জন্মদিনটোত বি টি চি এলেকাত চৰকাৰীভাবে সীমিত বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে । অহা বছৰৰ পৰা তেওঁৰ জন্মদিনৰ কাৰ্যসূচী বি টি চি ত চৰকাৰীভাবে পালন কৰা হব বুলি প্ৰমোদ বড়োৱে ব্যক্ত কৰে । আনহাতে বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত উপস্থিত সকলোকে আদৰণি জনায় জি কে বি টি ৰ সম্পাদক ডঃ অজিত বড়োৱে আৰু পৌৰাহিত্য কৰে সভাপতি ৰাখেশ্বৰ ব্ৰহ্মই । অনুষ্ঠানত এছ বি ডি এছ ৰ উপদেষ্টা নিৰঞ্জন ব্ৰহ্ম , সভাপতি বিদ্যাশ্ৰী ব্ৰহ্ম , উপ সভাপতি খাউডাম বসুমতাৰী , আবছুৰ সভাপতি জলেশ্বৰ ব্ৰহ্ম ,প্ৰাক্তন সচিব প্ৰধান লাৱাৰেন্স ইছলাৰী , গুৱাহাটী বিশ্ববিদ্যালয় গোটৰ সভাপতি মিনিশ্বাৰাং ব্ৰহ্ম , সাহিত্য অকাডেমিৰ বড়ো উপদেষ্টা পৰিষদৰ আহ্বায়ক ডঃ অনিল বড়ো , বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োকে ধৰি বড়ো সমাজৰ ভালে কেইজন বিশিষ্ট লোক উপস্থিত থাকে । আনহাতে বঁটাপ্ৰাপক ডঃ কামেশ্বৰ ব্ৰহ্ম শাৰীৰিক অসুস্থততাৰ বাবে উপস্থিত থাকিব নোৱৰাত বঁটা গ্ৰহণ কৰে জি কে বি টি ৰ সহকাৰী সম্পাদক পিয়াৰী মোহন ব্ৰহ্মই । এই বঁটাত আছে ৫০ হাজাৰ টকাৰ চেক , এখন অংগবস্ত্ৰ , প্ৰশস্তি পত্ৰ আৰু এটা স্মাৰক । ইয়াৰ উপৰিও শিশু সাহিত্যৰ বাবে এইবেলি ” Gothosa Bisombi ” গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰা বাবে ডঃ অজিত বড়োক অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় । উল্লেখযোগ্য যে বিগত বৰ্ষত বিদ্যাসাগৰ নাৰ্জাৰীক গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা প্ৰদান কৰা হৈছিল ।
ভিউৱাছৰ মতামত