কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ পশ্চিমধূলী গোসাঁই ঘৰ প্ৰাঙ্গণত আজি ছয়গাঁও মণ্ডল কিষাণ মৰ্চাৰ উদ্যোগত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ লগত সংগতি ৰাখি বৃক্ষ ৰোপণ কাৰ্যসূচীৰ লগতে কৃষকক সম্বৰ্ধনা জনোৱা হয় । দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি ধনেশ্বৰ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাখনত ভাষণ প্ৰদান কৰে ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য হিৰণ্য দাস, প্ৰভাত চন্দ্ৰ দাস, জিলা সাধাৰণ সম্পাদক লঙ্কেশ্বৰ কলিতা, প্ৰহ্লাদ বিশ্বাস, সম্পাদক কৈল্যাশ কলিতা, ভাৰপ্ৰাপ্ত মণ্ডল সভাপতি মিহিৰ ৰঞ্জন দাস, বনগাঁও মণ্ডলৰ সভানেত্ৰী লাৱণ্য বড়ো, কৃষাণ মৰ্চাৰ সভাপতি ধীৰাজ ঠাকুৰীয়া, কিষাণ মৰ্চাৰ সভাপতি পবিত্ৰ নাথ, জিলা সম্পাদীকা অপৰূপা কলিতা, অবিচি মৰ্চাৰ সভাপতি ৰাজেন নাথ, যুৱ মৰ্চাৰ সভাপতি মন্টু কলিতা প্ৰমুখ্যে ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে । আজিৰ সভাতে অঞ্চলটোৰ কেবাগৰাকীও কৃষকক সম্বৰ্ধনা জনোৱাৰ লগতে অৱসৰপ্ৰাপ্ত শিক্ষক পৰশুৰাম দাস আৰু সঞ্জীৱ দাসক ফুলাম গামোচা জাপিৰে সম্বৰ্ধনা জনোৱা হয় । ইয়াৰ পিছতে বিদ্যালয় চৌহদত জিলা সভাপতি ধনেশ্বৰ তালুকদাৰ আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হিৰণ্য দাসে গছপুলি ৰোপণ কৰে ।
Trending
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন
- ডং বান্ধ সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলৰ গুৰুত্বপূর্ণ সভা-ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত মন্ত্ৰী অশোক সিংহলৰ আকস্মিক পৰিদৰ্শন