এখন ব্যতিক্ৰমী বিদ্যালয়ে সকলোকে দৃষ্টি আকৰ্ষণ কৰিছে ।পুথিগত শিক্ষাতকৈ গুণগত শিক্ষাক অগ্ৰাধিকাৰ দিয়া এই বিশেষ বিদ্যালয়খন শিৱসাগৰত অৱস্থিত।শিৱসাগৰৰ ১৩নং ৱাৰ্ড অৱস্থিত এই বিদ্যালয়খনৰ নাম লখিমী নগৰ মধ্য ইংৰাজী বিদ্যালয় ।যদিও এই বিদ্যালয়খন চৰকাৰী বিদ্যালয়,বেলেগ চৰকাৰী বিদ্যালয়ৰ তুলনাত এই বিদ্যালয়খন কিছু ব্যতিক্ৰম।ছাত্ৰ ছাত্ৰীৰ জীৱন গঢ দিয়াৰ উপযুক্ত সমল বিদ্যালয়খনত উপলব্ধ ।পেলনীয়া সামগ্ৰীত প্ৰাণ পাই উঠা মহান লোকৰ বাণীয়ে বিদ্যালয়খনক অন্যান্য মাত্ৰা প্ৰদান কৰিছে ।উল্লেখযোগ্য যে বিদ্যালয় খনৰ প্ৰতিটো শ্ৰেণীকোঠাৰ সুকীয়া নামেৰে নামাকৰণ কৰা আছে ।জানিব পৰা মতে আয্যভট্ৰ নামৰ শ্ৰেণীকোঠাত বিজ্ঞান আৰু অংকৰ ক্লাছ হয়, বনফুল নামৰ শ্ৰেণী কোঠাত অসমীয়া ইংৰাজীৰ ক্লাছ হয় আৰু জোনাকী নামৰ শ্ৰেণী কোঠাত সমাজ বিজ্ঞানৰ ক্লাছ হয়।১৯৮৫চনতে প্ৰতিষ্ঠা লাভ কৰা এই বিদ্যালয়খনত থকা শিকণ সা সামগ্ৰীয়ে ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক মানসিক বিকাশৰ সহায়ক হৈছে।এই সম্পৰ্কে বিদ্যালয়খনৰ প্ৰধান শিক্ষক ব্ৰজেন বৰাই এনেদৰে কয়-সমূহ শিক্ষক শিক্ষয়ত্ৰী,ছাত্ৰ ছাত্ৰীৰ প্ৰচেষ্টাই বিদ্যালয়খনক এই পৰ্য্যায়ত পোৱালে।শিশু সকলক বন্ধুত্ব সুলভ ব্যৱহাৰৰ মাধ্যমেৰে শিক্ষাদান কৰা হয়।বিদ্যালয়খন আজি এই পৰ্য্যায়ৰ পোৱাৰ মূলতে বহু শুভ চিন্তকৰ অৱদান আছে।স্মতব্য যে বন্ধৰ দিনা ছাত্ৰ ছাত্ৰী সকলে বিদ্যালয়খনক স্বচ্ছ কৰি তোলে।জীৱন গঢ়াৰ শিক্ষাৰে উদ্বুদ্ধ হোৱা বিদ্যালয়খন অসমৰ সকলো বিদ্যালয়ে আদৰ্শ হৈ ৰওক।সহযোগ কৰিলে শিৱসাগৰৰ পৰা দিল্লিস্তান খানে

প্ৰধানমন্ত্ৰীক দুখনকৈ গ্ৰন্থ উপহাৰ দলে অসম পাব্লিচিং কোম্পানীয়ে
সমগ্ৰ দেশতে অভিলেখৰ সৃষ্টি কৰি গুৱাহাটীৰ অসম পাব্লিচিং কোম্পানীয়ে প্ৰকাশ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুখন কিতাপৰ অসমীয়া সংস্কৰণ কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰকাশক সঞ্জয় কুমাৰ সান্যালৰ হাতৰ পৰা গ্ৰহণ কৰে। এখন কিতাপ হ’ল প্ৰধানমন্ত্ৰীৰ মন কী বাতৰ উদ্দীপনামূলক নিৰ্বাচিত অংশ বিশেষৰ সংকলন মোৰ প্ৰিয় দেশবাসী। কিতাপখনৰ সংকলন কৰিছে নম্ৰতা দত্তই।আনখন কিতাপ হ’ল নৰেন্দ্ৰ মোদীয়ে ৰাজনৈতিক জীৱন আৰম্ভ কৰাৰ আগৰ সময়ছোৱাত কৰা বিভিন্ন উপলদ্ধিৰ প্ৰকাশ আইলৈ চিঠি।
মূল গুজৰাটীৰ পৰা ভাৱনা চোমায়াই ইংৰাজীলৈ কৰা অনুবাদৰ পৰা আইলৈ চিঠিৰ অনুবাদক উৎপল দত্ত।দুয়োখন কিতাপৰ প্ৰচ্ছদ প্ৰসিদ্ধ চিত্ৰশিল্পী সৌৰীশ মিত্ৰৰ আৰু আইলৈ চিঠিৰ অন্তৰ্ভাগৰ অলংকৰণো শ্ৰীমিত্ৰৰেই ।শিৱসাগৰত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰিবলৈ আহোতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশক শ্ৰীসান্যালক মাতি পঠোৱা হয় আৰু সেই আমন্ত্ৰণ মৰ্মে প্ৰকাশক গৰাকীক প্ৰধানমন্ত্ৰীয়ে নিজৰ কোঠালৈ মাতি নিয়ে তেওঁৰ হাতৰ পৰা কিতাপ দুখন গ্ৰহণ কৰে।
সেই সময়ত প্ৰধানমন্ত্ৰীৰ সতে উপস্থিত আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।প্ৰধানমন্ত্ৰী গৰাকীয়ে শ্ৰী সান্যালক তেওঁৰ কামৰ বাবে প্ৰশংসা কৰে,প্ৰতিষ্ঠানটিৰ মংগল কামনা কৰে। তেখেতে কয় যে বাধাৰ সন্মুখীন হ’লেও তুমি কাম কৰি যোৱা,কাম বন্ধ নকৰিবা।
প্ৰধানমন্ত্ৰী গৰাকীৰ কেইবাখনো কিতাপ ইতিমধ্যে বিভিন্ন ভাষাত প্ৰকাশ পাইছে যদিও একেলগে এটা ভাষাত দুখন কিতাপ প্ৰকাশ হোৱাটো এয়াই প্ৰথম।প্ৰকাশক শ্ৰী সান্যালে কয় আমাৰ প্ৰকাশনৰ স্বৰ্ণজয়ন্তী উপলক্ষে প্ৰকাশ কৰা কেইখনমান বিশেষ কিতাপৰ মাজৰ এই দুখন কিতাপৰ প্ৰকাশ অকল মোৰ বাবেই নহয় অসমৰ সকলো প্ৰকাশকৰ বাবেই গৌৰৱৰ বিষয়। মাননীয় প্ৰধানমন্ত্ৰী গৰাকীয়ে নিজ আগ্ৰহ প্ৰকাশ কৰি নিজ হাতে দুখন অসমীয়া কিতাপ গ্ৰহণ কৰাটো অসমীয়া গ্ৰন্থ প্ৰকাশন উদ্যোগৰ বাবে সন্মানজনক বুলি মই বিবেচনা কৰো।মই বিশ্বাস কৰো আমি অসমত নেচনেল লাইব্ৰেৰী দৰে বা তেনে জাতীয় বিশাল প্ৰতিষ্ঠান এটি বিচাৰিলে প্ৰধানমন্ত্ৰী গৰাকীয়ে নিশ্চয় সহাঁৰি জনাব।
ভিউৱাছৰ মতামত