বিশিষ্ট সংগীত শিল্পী জয়ন্ত নাথলৈ ২০১৯ বৰ্ষৰ সুধাকন্ঠ ড° ভূপেন হাজৰিকা সোঁৱৰণী সমন্বয় বঁটা আগবঢ়োৱা হৈছে।চেলেংহাটৰ অগ্ৰনী সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান উৰ্ উৰ্ উৰ্ উৰ্ অভ্ৰভেদী উৰে সুধাকন্ঠৰ মৃত্যু দিনটোক আস্থাৰ দিন ৰূপে পালন কৰি অহা লগতে প্ৰতিবছৰে এই অনুষ্ঠানটোৱে ভূপেন্দ্ৰ সংগীতৰ এগৰাকী একনিষ্ঠ সাধক তথা বিশিষ্ট সংগীত শিল্পীক সুধাকন্ঠ ড° ভূপেন হাজৰিকা সোঁৱৰণী সমন্বয় বঁটা আগবঢ়াই আহিছে। ২০১৯ বৰ্ষত এই বঁটা লাভ কৰা যোৰহাটৰ সু সন্তান জয়ন্ত নাথ অসমৰ সংগীত জগতৰ এটি চিনাকী নাম।গীতিকাৰ, সুৰকাৰ তথা ছবি পৰিচালক জয়ন্ত নাথে ভূপেন্দ্ৰ সংগীতৰ নিৰলস চৰ্চা কৰি অহা লগতে নৱপ্ৰজন্মৰ মাজত ভূপেন্দ্ৰ সংগীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অহোপুৰুষাৰ্থ কৰি আহিছে।আনহাতে অহা ৫ নৱেম্বৰত চেলেংহাট বৰনগঞা গাওঁ পেক্ষাগৃহত উৰ্ উৰ্ উৰ্ উৰ্ অভ্ৰভেদী উৰে আয়োজন কৰা আস্থা দিনৰ অনুষ্ঠানত শিল্পী গৰাকীক এই বঁটা আনুষ্ঠানিক ভাৱে প্ৰদান কৰিব যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰাজা চক্ৰৱতীয়ে। আস্থা দিনৰ লগত সংগতি ৰাখি বিশিষ্ট কবি ৰঞ্জিত গগৈৰ সম্পাদনাত প্ৰকাশ পাব লগীয়া “সুন্দৰ সূৰ্য্য ধিয়াই নতুন দিগন্তলৈ” শীৰ্ষক স্মৃতি গ্ৰন্থখন উন্মোচন কৰিব বিশিষ্ট কবি তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয়া পুণ্য দেৱীয়ে। বিশিষ্ট শিক্ষাবিদ প্ৰয়াত পুনাৰাম গগৈ আৰু জয়দা গগৈ ফাউণ্ডেচনৰ তৰফৰ পৰা আগবঢ়োৱা এই বঁটাত থাকিব নগদ ধনৰ টোপোলা, এখনি প্ৰশস্তি পত্ৰ, সুধাকন্ঠৰ স্মাৰক ৰূপৰ তঁৰা খচিত এটি টুপী লগতে এখন চেলেং চাদৰ।

পবিত্ৰ ৰাম নৱমীৰ শুভেচ্ছা জ্ঞাপন কৰিলে ৰাষ্ট্ৰপতিয়ে
আজি ৰাম নৱমী।এই ৰাম নৱমী হিন্দু ধর্মৰ এক পবিত্ৰ উৎসৱ।এই উৎসৱ ভগৱান ৰামৰ জন্মৰ লগত জৰিত।ৰাম নৱমী উপলক্ষে বিভিন্ন ঠাইত পূজা অৰ্চনা কৰা হৈছে।এই ৰাম নৱমী শুক্লপক্ষৰ নৱমী তিথিত পালন কৰা হয়।
ৰাম নৱমী উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জনায় কয় যে ভগৱান ৰামৰ আৰ্শীবাদ দেশবাসীৰ প্ৰতি সদায় বৰ্তি থাকক।আনহাতে এই সম্পৰ্কত ৰাষ্ট্ৰপতি ৰামনাথ কবীন্দ্ৰে এনেদৰে কয় ৰামৰ ধৰ্মই আমাক সদায় অনুপ্ৰাণিত কৰি আহিছে।ন্যায় আৰু মানৱীয় গুণৰ বাবে ৰামৰ আদৰ্শই যুগ যুগ ধৰি সকলোকে অনুপ্ৰেৰণা যোগাব।
ভিউৱাছৰ মতামত