বৰ্তমান বিশ্বৰ এটি জনপ্ৰিয় এপ টিক টক, আৰু এই টিক টক প্ৰায় সকলোৱে মনোৰঞ্জনৰ বাবে ব্যৱহাৰ কৰে । কিন্তু এই টিক টকতেই ভাইৰেল হোৱা মাত্ৰ ১৫ চেকেণ্ডৰ এটা বিশেষ ভিডিঅ’ই দৃষ্টি আকৰ্ষণ কৰিলে গোলকগঞ্জ সমষ্টিৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰক । ল’ৰাজনৰ নাম হ’ল বিশ্বজিত ৰায় । ঘৰ গোলকগঞ্জৰ হালাকুৰা জিনকাটাত অৱস্থিত। ল’ৰাজনৰ ঘৰৰ ৰাস্তাটো একেবাৰেই বেয়া। সেয়ে টিক টকৰ ভিডিঅ’টোৰ জৰিয়তে ল’ৰাজনে বিধায়ক গৰাকীৰ এখন ফটো কেলেণ্ডাৰত ৰাজবংশী ভাষাত বিধায়ক গৰাকীক উল্লেখ কৰি কয় যে ” কাকু আমাৰ ৰাস্তাটা দয়া কৰি ঠিক কৰি দেন চলা ফিৰা খুব কঠিন হওয়া গেইছে এই দেখো ৰাস্তাটাত ধূলায় ধূলা “। আৰু এই বিশেষ ভিডিঅ’টো ছচিয়াল মিডিয়াত ভাইৰেল হোৱাৰ পিছতেই মাত্ৰ ৮ ঘণ্টাৰ ভিতৰতেই বিধায়ক গৰাকীয়ে ল’ৰাজনক লগ ধৰি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা কৰি অচিৰেই ৰাস্তাটোৰ মেৰামতিৰ কাম আৰম্ভ কৰিব বুলি ৰাইজক আশ্বাস দিয়ে ।আনকি সমষ্টিৰ হকে ল’ৰাজনৰ এই ইতিবাচক চিন্তাক শলাগ জনাই উজ্জল ভৱিষ্যত কামনা কৰে বিধায়ক গৰাকীয়ে ।খবৰ যুগুতালে গোলকগঞ্জৰ পৰা দীপ মহন্তই..

নেতাজীৰ কিছু অপ্ৰকাশ্য কথাৰে…
দেশৰ স্বতন্ত্ৰ সেনানীৰ তালিকাত শীৰ্ষত থকা অন্যতম বীৰ যোদ্ধা হ’ল সুভাষ চন্দ্ৰ বসু। তেখেতে ১৮৯৭ চনৰ ২৩ জানুৱাৰীত উৰিষ্যাৰ কটকত জন্ম গ্ৰহণ কৰিছিল।সুভাষ চন্দ্ৰ বসু আছিল একেধাৰে বীৰ যোদ্ধা , সৈনিক আৰু দক্ষ ৰাজনীতিবিদ। তেতিয়াৰে দিনতে দেশৰ লগতে বিদেশতো তেখেতে বেচ সমাদৰ লাভ কৰিছিল।
আজাদ হিন্দ ফৌজ গঠন কৰি দেশবাসীক দেশৰ স্বাধীনতা বাবে উদ্বুদ্ধ কৰি তুলিছিল। সুভাষ চন্দ্ৰ বসুয়ে দেশবাসীক উদ্দেশ্যে কৈছিল মনত ৰাখিব সকলোতকৈ ডাঙৰ অপৰাধ হ’ল অন্যায় সহা আৰু ভুল বুলি জানিও সহমত প্ৰদান কৰা।
সৰুৱে পৰা নেতাজী আছিল অত্যন্ত মেধাসম্পন্ন। এবাৰ কলেজত এগৰাকী ইংৰাজ অধ্যাপকে ভাৰতীয় বিষয়ে আপত্তিজনক মন্তব্য কৰিছিল। তেতিয়া নেতাজীয়ে সেই মন্তব্যক বিৰোধিতা কৰাৰ বাবে শাস্তি ভুগিব লগা হৈছিল।নেতাজীয়ে মহামানৱক জাতিৰ পিতা বুলি সম্বোধন কৰিছিল।যদিও মহামানৱ মহাত্মা গান্ধী দৰ্শনৰ লগত সুভাষ চন্দ্ৰ বসুৰ দৰ্শন অমিল আছিল তথাপিও দুগৰাকীয়ে দেশৰ স্বাধীনতা আন্দোলনৰ বাবে আহোপুৰুষাৰ্থ কৰিছিল।ইংৰাজৰ দিনতে ভাৰতীয় প্ৰশাসনীয় সেৱাত উত্তীৰ্ণ হৈও এজন সমাজসেৱক অথবা ৰাজনীতিবিদৰ হিচাপেহে দেশৰ সেৱা আগবঢ়াইছিল।
তেখেতে কৈছিল কাম কৰি যোৱা ফলাফল দাতাই দিব।এইগৰাকী বীৰক সন্মান জনাই তেখেতৰ জন্মদিনটোৰ পৰাক্ৰম দিৱস হিচাপে পালন কৰা হয়।নেতাজীৰ মৃত্যু আজিও ৰহস্য হৈয়ে থাকিল। প্ৰাপ্ত তথ্য অনুসৰি ১৯৪৫ চনৰ ১৮ আগষ্টত এক প্লেন দুৰ্ঘটনাত মৃত্যু হয়।নেতাজী জীৱিত থকা হ’লে ভাৰতীয় ৰাজনীতিয়ে অন্য মাত্ৰা লাভ কৰিলে হেতেন!এইগৰাকী মহান মনিষীৰ শুভ জন্মদিনত শ্ৰদ্ধাৰে সুঁৱৰিছো।
ভিউৱাছৰ মতামত