ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে আজি দিছপুৰ প্ৰেছ ক্লাৱৰ পঞ্চম বৰ্ষপূৰ্তি উদযাপন উপলক্ষে বিভিন্ন শিতানত ১৪ জন ব্যক্তিক বঁটা প্ৰদান কৰে। ৰাজ্যৰ প্ৰথমগৰাকী সাপ্তাহিক বাতৰি কাকতৰ সম্পাদক তথা প্ৰতিষ্ঠিত লেখিকা, সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীক শ্ৰেষ্ঠ সম্পাদক বঁটা২০২০,দেশৰ বিভিন্ন ৰাজ্যত অন্ধবিশ্বাস, সাম্প্ৰদায়িকতা আদিৰ বিৰুদ্ধে দুটা দশক ধৰি সংগ্ৰাম অব্যাহত ৰাখি শান্তি আৰু মানৱতা প্ৰতিষ্ঠাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ “বিশ্ব সংবিধান আৰু সংসদ সন্থাৰ আন্তৰ্জাতিক সদস্য” অৰ্ধ শতাধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মানৱতা আৰু শান্তি বঁটাৰে বিভূষিত অসমৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃদিব্যজ্যোতি শইকীয়াক শ্ৰেষ্ঠ মানৱতা ২০২০বঁটা, ৰাজনৈতিক ক্ষেত্ৰলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা বাবে অসম অলিম্পিক সন্থাৰ সম্পাদক,ক্রীড়া যুৱ কল্যাণ পৰিষদৰ সদস্য সচিব লক্ষ্য কোঁৱৰক যুৱ ৰাজনৈতিক বঁটা২০২০,অসমৰ কাৰিকৰী শিক্ষাত যুগান্তকাৰী পরিবর্তন আনিবলৈ সক্ষম হোৱা কাৰিকৰী শিক্ষা বিভাগৰ সঞ্চালক তথা অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ অতুল বৰাক জ্ঞানজ্যোতি বঁটা২০২০, নেম কেয়াৰ হস্পিতেলৰ স্বত্বাধিকাৰ ডাঃ হিতেশ্ব বৰুৱাক জীৱন সঞ্জীৱনী বঁটা২০২০, নিউজ ১৮ অসমৰ নিউজ এংকৰ ইভা মহন্তক নিউজ এংকৰ বঁটা ২০২০ ৰাজীৱ শইকীয়াক “সংবাদ বান্ধৱ বঁটা” মৌচুম জ্যোতি বৈশ্যক সংবাদিক সংগঠক বঁটা,আৰক্ষী বিষয়া অৰবিন্দ কলিতাক জানাহিতৈষী আৰক্ষী বঁটা, উদীয়মান যুৱ উদ্যোগী উৎপল বণিয়াক উদ্যোগী বঁটা, মুনমী ফুকনক অভিনেত্ৰী বঁটা, নিৰ্মালি এছ বৰাক নবাগত অভিনেত্ৰী বঁটা,এ পি দ্বাব্লুৰ অভিজিত শৰ্মাক সাহসী বঁটা,উদীয়মান যুৱ সংগঠক জিতুল ডেকাক জাগ্ৰত যুৱ বঁটা মুঠ ১৪ জন ব্যক্তিক ২০২০বৰ্ষৰ সন্মানীয় বঁটা প্ৰদান কৰা হয়। সকলোকে বঁটা প্ৰদান কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি,ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক অগ্ৰদূত কাকতৰ মূখ্য সম্পাদক কনক সেন ডেকাই। বঁটা বিতৰণী সভা সঞ্চালনা কৰে দিছপুৰ প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক সাংবাদিক কুঞ্জমোহন ৰায়ে। প্ৰতিগৰাকী বঁটা প্ৰপাকক গামোচা,চেলেং,জাপি,ফুলৰ থোপা,মানপাত্ৰ আৰু একোটাকৈ স্মাৰক প্ৰদান কৰে।

নেছনেল ইনষ্টিটিউট অৱ ফ্লিম টেলিভিছন এণ্ড থিয়েটাৰ ষ্টাডিজৰ বিদ্যালয় গৃহ শুভ উন্মোচন
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত পালন কৰি অহা শিল্পী দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটীৰ বৰবাৰীস্থিত “নেচনেল ইনষ্টিটিউট অৱ ফ্লিম টেলিভিছন এণ্ড থিয়েটাৰ ষ্টাডিজ”ৰ বিদ্যালয় গৃহৰ শুভ উদ্ধোধন আৰু নতুন বৰ্ষৰ পাঠদান কাৰ্যসূচীৰ আজি শুভাৰম্ভ কৰা হয়৷বিদ্যালয়ৰ নৱনিৰ্মিত গৃহদ্বাৰৰ শুভ উন্মোচন(উদ্ধাধন) কৰে বিশিষ্ট সাংস্কৃতিক ব্যক্তিত্ব, চিত্ৰ পৰিচালক হেমেন দাসে৷ ডিমৰীয়া কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা NIFTTS ৰ বৰ্তমানৰ সঞ্চালক ড° ৰামচৰণ ভৰালীৰ আশাুশুধীয়া প্ৰচেষ্টা আৰু নাট্যকৰ্মী প্ৰৱীণ শইকীয়াৰ লগতে আন কেইবাগৰাকী ব্যক্তিৰ সহযোগত ১৯৯৪ চনতে স্থাপন হোৱা বিদ্যালয়খন কিছুমান অসুবিধাৰ বাবে কিছুদিন সাময়িকভাৱে বন্ধ হৈ আছিল৷আজি ইনষ্টিটিউটখনৰ নিজা চৌহদত ৰবীন ডেকাৰ সভপতিত্বত আয়োজিত এখন মুকলি সভাত পুনৰ অভিনয়কলা আৰু নৃত্যকলা বিষয়ক এবছৰীয়া পাঠ্যক্ৰমটিৰ শুভাৰম্ভ কৰা হয়৷উল্লেখ্য যে ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষকৰ দ্বাৰা শিশুৰ শাৰীৰিক মানসিক বৌদ্ধিক বিকাশৰ উদ্দেশ্য আগত ৰাখি আৰু বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ লগত সংগতি ৰাখি নেছনেল ইনষ্টিটিউট অৱ ফ্লিম টেলিভিছন এণ্ড থিয়েটাৰ ষ্টাডিজে ৭-১৪বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীৰ উপযোগী ভিন্ন মাধ্যমত অভিনয় প্ৰশিক্ষণ গ্ৰহণৰ এবছৰীয়া বিজ্ঞানসন্মত নাট্য সম্পৰ্কীয় পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিছে৷
আজিৰ মুকলিসভাত ড° প্ৰভাত চন্দ্ৰ ভূঞা,ড° সৰলা ভূঞা,ড°অঞ্জনা গোস্বামী,ৰবীন শইকীয়া,তৃষ্ণা দেৱী,হিল্লোল কুমাৰ পাঠক, ৰাজীৱ সাউদ,মণিষ ডেকা,বিশ্বজ্যোতি শৰ্মা,দৰ্শনা বৰুৱা,সবিতা শইকীয়া ,মানৱ বৰকাকতি,মানস প্ৰতীম নেওঁগ,মহেশ কলিতা,খনীন ডেকা,আদি ভিন্ন ক্ষেত্ৰৰ বহুকেইগৰাকী গণ্য মান্য ব্যক্তি সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে৷সভাখনত দিব্যাংগ নাট্য বিদ্যালয়ৰ ছাত্ৰ কৌশিক ৰয়ে জ্যোতিসংগীতত এটি নৃত্য প্ৰদৰ্শন কৰাৰ লগতে NIFTTS ৰ শিক্ষাৰ্থী মেঘা সিন্হা,তেজস্ব ভৰদ্বাজ,জয়শ্ৰী ৰায়,ৰিপিতা দেৱী,অংকিতা দেৱীয়ে জ্যোতিসংগীত আধাৰিত এটি দলীয় নৃত্যও পৰিবেশন কৰে৷সভাখনত ৰূপকোঁৱৰক সন্মান জনাই জ্যোতি সংগীত পৰিবেশন কৰে উন্মীলনা অলম্যানে৷
ভিউৱাছৰ মতামত