কটনৰ চুডমাৰ্চন হলত আচাম জাষ্টিচ ফ’ৰামে আয়োজন এক অনুষ্ঠানত বাঁহীবাদক দীপক শৰ্মাক মহাত্মা গান্ধী ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে।অসমত বাঁহী জনপ্ৰিয় কৰাৰ লগতে পেছাদাৰীভাৱে বাঁহী বজালেও কোনো ধৰণৰ ধন দাবী নকৰাৰ বাবেই তেওঁক এই বঁটাৰ বাবে মনোনীত কৰা হয় বুলি জানিবলৈ দিয়ে দীপক শৰ্মাই।উল্লেখযোগ্য যে শিল্পীজনে আফ্ৰিকা,ইটালী,জাৰ্মানী,য়ক’শ্লভাকিয়া,চুইডেন,ডেনমার্ক,মৰিচাছ,গ্ৰীক,ৰাছিয়া,স্পেইন ইত্যাদি ৰাষ্ট্ৰতো বাঁহী বজাই সমাদৰ লাভ কৰিছে।বাঁহীবাদনৰ বাবে তেওঁ সত্ৰ মহাসভাৰ জীৱনজোৰা সাধনা বঁটা,নৰ্থ ইষ্ট টেলিভিচন বঁটা,ৰ’দালী বঁটা,এনাজৰী বঁটাকে আদি কৰি বহুকেইটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।ইয়াৰ উপৰিও তেখেতে জাতিংগা ইত্যাদি,লিনেন,জংকি পানৈকে ধৰি মুঠ ৫ খন চলচিত্ৰত সংগীত পৰিচালনা কৰিছে।চলিত বৰ্ষৰ পৰিকল্পনা সন্দৰ্ভত দীপক শৰ্মাই কয় যে তেখেতৰ জন্মস্থান নলবাৰীৰ পানীগাঁৱত ‘সংগীত ভাৰতী’ নামৰ এখন সংগীত বিদ্যালয় প্ৰতিষ্ঠা কৰিব।আৰু অচিৰেই তেওঁ দুখন চিনেমাত পাৰ্শ্ব সংগীতৰ কামত ব্ৰতী হ’ব।খবৰ যুগুতালে গীতাঞ্জলি গগৈয়ে..

অসমৰে এজন উদ্যমীৰ ফটো সম্বলিত হৰ্ডিঙছ বিভিন্ন ৰাজ্যৰ এয়াৰ পৰ্টত লাগিছে
এজন উদ্যমীৰ ফটো সম্বলিত হৰ্ডিঙচ দেশৰ বিভিন্ন প্ৰান্তৰ এয়াৰ পর্টত লাগিছে। উদ্যমী গৰাকীয়ে ফেচবুক ইণ্ডিয়াৰ ফালৰ পৰাও অলপতে বিশেষ সন্মান লাভ কৰিছে। ইয়াৰ অন্যতম কাৰণ হ’ল অসমৰ এই উদ্যমী গৰাকীয়ে ফেচবুকৰ জৰিয়তে ব্যৱসায় আৰম্ভ কৰি স্বাৱলম্বী হোৱাৰ লগতে থলুৱা শিল্প- সংস্কৃতিক বিশ্বমুখী কৰিছে।
এতিয়া আহো মূল প্ৰসংগলৈ।২০১৭ চনৰ কথা সৰ্থেবাৰীৰ ধ্ৰুৱজ্যোতি ডেকা নামৰ যুৱক জনে থলুৱা কিছু হস্ত শিল্প জাত সা-সামগ্ৰীয়ে ফেচবুকৰ জৰিয়তে ব্যৱসায় আৰম্ভ কৰিছিল।সেই ব্যৱসায় সম্প্ৰসাৰণ হৈ বৰ্তমানে এক পৰ্যায়ত উপনীত হ’বলৈ সক্ষম হৈছে। ধ্ৰুৱজ্যোতি ভাষাত ক’বলৈ গ’লে প্ৰথমে সৰ্থেবাৰীত পোৱা কাঁহ পিতলৰ কিছু বাচন বতনেৰে ফেচবুকৰ জৰিয়তে ব্যৱসায় আৰম্ভ কৰো।বৰ্তমানে ৩০৮৬ বিধ হস্ত শিল্প জাত সা সামগ্ৰী Brahmaputra Fables গ্ৰাহকলৈ আগবঢ়াইছো।
উল্লেখযোগ্য যে উত্তৰ পূৰ্বৰ বিভিন্ন শিল্পীয়ে এই ব্যৱসায় জৰিয়তে এখন মঞ্চ লাভ কৰিছে। তেখেতে জনোৱা মতে ইতিমধ্যে ইটালী,আমেৰিকান গ্ৰাহকেও সা সামগ্ৰী ক্ৰয় কৰিছে। ফেচবুকৰ জৰিয়তে এনেধৰণৰ সন্মান লাভ কৰা ধ্ৰুৱজ্যোতি ডেকা হ’ল অসমৰ দ্বিতীয় জন সন্তান।ধ্ৰুৱজ্যোতি ডেকাৰ এই যাত্ৰা যুগমীয়া হওক আমি জনালো অলেখ শুভকামনা।
ভিউৱাছৰ মতামত