অসমলৈ আহি বিহু শিকাত ব্যস্ত থাইলেণ্ডৰ এদল থাই যুৱক যুৱতী। যোৰহাট মৰিয়নীত এসপ্তাহ বাহৰ পাতি বিহু নাচ, বিহু নাম, ঢোল, পেঁপা বজাবলৈ শিকিছে থাইলেণ্ডৰ পৰা অহা চাৰি জনীয়া যুৱক যুৱতীৰ এটা দলে। ঢোলৰ চেওত কঁকাল ভাঙি নাচিছে সুন্দৰী থাই যুৱতীয়ে।পেঁপাও বজাইছে। “ৰৈ ৰৈ ৰতি মইনা মতী… বিহু গীতটো গাবলৈ চেষ্টা কৰিছে থাই যুৱক যুৱতী কেইগৰাকীয়ে। ঢোলত চাপৰ বজাবলৈ শিকিছে থাই যুৱকে। ম’হৰ শিঙৰ পেঁপাত বিহু নামৰ সুৰ তুলিবলৈ চেষ্টা কৰিছে থাই যুৱতীয়ে। বহাগ বিহুলৈ এতিয়াও মাজত দুমাহ আছে যদিও এনেদৰে এতিয়া অসমীয়া বাপতি সাহোন বিহুৰ লগত একাত্ম হ’বলৈ চেষ্টা কৰা যুৱক- যুৱতীসকল থাইলেণ্ডৰ ৰাজধানী বেংককত থকা শ্ৰীনাকাৰীনউইৰট বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী।বিশ্ববিদ্যালয়খনত থাই আৰু এছিয়া সংগীত বিভাগত অধ্যয়ন কৰি থকা এই ছাত্ৰ ছাত্ৰীৰ দলটোৱে অসমৰ বিহুৰ ওপৰত গৱেষণাৰ বাবে অসমত এপষেক পূৰ্বে উপস্থিত হয়। বিশ্ববিদ্যালয় খনৰ অধ্যাপক আৰু প্ৰকল্প নিৰ্দেশক ৱীৰা ফানচুৰ তত্বাৱধানত চুপাকাৰ্ণ পিমপিচাৰন, তাৰাৰাট ৰুঙ্গান’ঠাইকোন, চিৰিৰাত খংপিয়া আৰু পানিদা ব’নাকাৱে নামৰ চাৰি জনীয়া ছাত্ৰ ছাত্ৰীৰ দলটো অসমলৈ আহিছে। দলটোৱে বিহু নাম, বিহু নাচ, বিহুৰ সাজপোচাক আৰু ঢোল, পেঁপাকে ধৰি সকলো বাদ্যৰ বিষয়ে অধ্যয়ন কৰাৰ লগতে বিহু নাচ আৰু ঢোল পেপা বজাবলৈ শিকি বিহুৰ লগত একাত্ম হ’বলৈ চেষ্টা কৰে।অসমৰ বিহু শিকি অভিভূত হৈ পৰিল থাইলেণ্ডৰ এই সকল গৱেষক ছাত্ৰ ছাত্ৰীৰ দল। বিহুক উচ্চ প্ৰশংসা কৰে থাইলেণ্ডৰ গৱেষকৰ দলটোৱে। দলটোৱে থাইলেণ্ডত গৈ বিহু নৃত্য পৰিবেশন কৰিবগৈ বুলিও প্ৰকাশ কৰিছে। থাইলেণ্ডৰ সংস্কৃতিৰ লগত অসমৰ বিহুৰ বহু সামঞ্জস্য থকা বুলিও প্ৰকাশ কৰিছে দলটোৰ তত্বাৱধায়ক তথা অধ্যাপক ৱীৰা ফানচুৱে। থাইলেণ্ডৰ গৱেষক দলটোক বিহুৰ শিক্ষা প্ৰদান কৰে বিশিষ্ট লোক শিল্পী ড° প্ৰসন্ন গগৈৰ নেতৃত্বত নাং চিন্তামনি মলিয়া আৰু চাও লাচিত গগৈয়ে। আনহাতে দলটোৰ লগত সমন্বয়ৰক্ষী ৰূপে সহযোগ কৰে চাও চুখাম চাওচিঙে। আনহাতে থাইলেণ্ডৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে অসমৰ বিহুক গৱেষণাৰ বিষয় হিচাপে লোৱাটো অসমীয়াৰ বাবে গৌৰৱৰ বিষয় বুলি মুখ্য প্ৰশিক্ষক বিশিষ্ট লোক শিল্পী ড° প্ৰসন্ন গগৈয়ে প্ৰকাশ কৰিছে।থাই গৱেষক দলটোৱে অতি কম সময়ৰ ভিতৰতে বিহুনাম, পেঁপা, ঢোলবাদন আৰু বিহু নৃত্য খুব সময়তে আয়ত্ব কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰিছে। অসমৰ জাতীয় সংস্কৃতি বিহুৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হোৱা গৱেষণাই অসমৰ সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব বুলিও আশা প্ৰকাশ কৰে। সংস্কৃতিৰ এই মিলন সেতুয়ে থাইলেণ্ড আৰু অসমৰ মাজত ভাতৃত্ববোধ, সমন্বয় আৰু সম্প্ৰীতিৰ এনাজৰীডাল অধিক কটকটীয়া হ’ব বুলি আশা প্ৰকাশ কৰিছে বিহু প্ৰশিক্ষক তথা লোক শিল্পী ড° প্ৰসন্ন গগৈয়ে। থাইলেণ্ডৰ গৱেষক দলটোৱে মৰিয়নীত মাত্ৰ বিহু শিকাতে ব্যস্ত নাথাকি অসমীয়াৰ পৰম্পৰাগত খাদ্যৰ সোৱাদ লোৱা লগতে অসমীয়া ৰীতি নীতিৰ সম্পৰ্কেও জানিবলৈ চেষ্টা কৰে। ইয়াৰ উপৰি থাই গৱেষকৰ দলটোৱে চুবুৰীয়া নাগালেণ্ডৰ মুককচাং জিলালৈ গৈ তাতো নগা সংস্কৃতিৰ বিষয়ে গৱেষণা কৰে। আহোমৰ ৰাজত্ব কালৰে পৰা আহোম সকলৰ লগত নগাৰ বিশেষকৈ আও সকলৰ লগত এক নিবিড় সমন্ধ থকাৰ কথা নাগালেণ্ডৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে চৰকাৰী বিষয়া সকলেও থাইলেণ্ডৰ দলটিক অৱগত কৰে। অসম ৰাজ্য প্ৰতিষ্ঠাৰ আঁৰত চাওলুং চুকাফাৰ অৱদানৰ কথাও থাইলেণ্ডৰ দলটোৰ আগত শ্ৰদ্ধাৰে স্মৰণ কৰে আও সম্প্ৰদায়ৰ নগা সকলে।দলটোৱে তিতাবৰ শ্যাম গাঁও পৰিভ্ৰমন কৰি শ্যাম সকলৰ সংস্কৃতিৰ ওপৰতো কিছু অধ্যয়ন কৰে। থাইলেণ্ডৰ গৱেষকৰ দলটোক আটাছুৰ মৰিয়নী আঞ্চলিক সমিতিৰ সদস্য সকলে সৰ্বতোপ্ৰকাৰ সহযোগিতা আগবঢ়োৱা লগতে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। খবৰ যুগুতালে মৰিয়নীৰ পৰা জ্যোতি প্ৰসাদ গগৈয়ে..

গাহৰি পালকৰ সমস্যাক গুৰুত্ব দিয়ক
অসমৰ গাহৰি পালক সকলে দীৰ্ঘদিন ধৰি সন্মুখীন হৈ থকা সমস্যাৰ সমাধানৰ বাবে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দৃষ্টিগোচৰ কৰাৰ অৰ্থে কালি এখনি সংবাদমেল অনুষ্ঠিত কৰে।গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা সংবাদ মেলখনত উত্তৰ পূব প্ৰগতিশীল গাহৰি পালক সন্থাৰ সম্পাদকে কয় যে লকডাউনৰ বাবে গাহৰি পালক সকলে লকডাউনৰ পিছত গাহৰিৰ বাবে পয্যাপ্ত সামগ্ৰী যোগানৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাৰ লগতে উপাৰ্জনহীনতাত ভূগিছে।ইয়াৰ উপৰিও আফ্ৰিকান ছোৱাইন ফ্লুৱে যথেষ্ট প্ৰভাৱ পেলাইছে।সেয়েহে বিভাগীয় কৰ্তৃপক্ষক গাহৰি পালনৰ ক্ষেত্ৰত সুস্থ পৰিৱেশ গঢ়ি দিবলৈ সংবাদমেলৰ যোগে আহ্বান জনাইছে।
ভিউৱাছৰ মতামত