ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বিশেষ পদক্ষেপ।যোৱা বুধবাৰে দৃষ্টিহীন লোকসকলৰ বাবে MANI নামৰ এটা এপ মুকলি কৰে গৱৰ্ণৰ শক্তিকান্ত দাসে।জানিব পৰা মতে প্লে ষ্টোৰ আৰু আই অ’ এছ এপযোগে বিনামূলীয়াকৈ ডাউনলোড কৰিব পাৰিব এই এপটো।কেন্দ্ৰীয় বেংকে ২০১৬ চনত বিমুদ্ৰাকৰণৰ সময়ত মহাত্মা গান্ধী ক্ৰমিকৰ কেইটামান টকাৰ আকাৰ আৰু ৰূপাঙ্কন সলাই দিয়ে।ফলত নতুন ১০,২০,৫০,১০০,২০০,৫০০ আৰু ২০০০ টকা চিনাক্ত কৰাত দৃষ্টিহীন লোকসকল অসুবিধাৰ সন্মুখীন হৈছিল।এতিয়া এই এপৰ জৰিয়তে মোবাইল কেমেৰাই টকাৰ স্কেন কৰিব আৰু দৃষ্টিহীন লোকসকলে ভইচ কণ্ট্ৰলৰ যোগেদি টকা চিনাক্ত কৰিব পাৰিব।লগতে হিন্দী আৰু ইংৰাজী ভাষাত অডিঅ’ নটিফিক্যেশ্বন অহাৰ ব্যৱস্থা কৰি দিয়া হৈছে।উল্লেখ্য যে এই এপৰ জৰিয়তে আচল আৰু নকল টকাৰ প্ৰমাণিত নকৰে বুলি জানিবলৈ দিছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই।খবৰ যুগুতালে গীতাঞ্জলি গগৈয়ে..

পুৰণিগুদামৰ বিহু তলিত অ ৪ ব`হাগৰ দিনটোক ‘গছ বিহু’ হিচাপে পালনৰ আহ্বান অৰণ্য মানৱৰ
ৰাজ্যৰ সৰ্বত্ৰে এতিয়া ৰঙালীৰ উখল মাখল পৰিৱেশ। নগাঁও পুৰণিগুদামত ‘নাট্যম গোষ্ঠী’য়ে অনুষ্ঠিত কৰিছে বিহু নৃত্য আৰু ঢোল বাদনৰ কৰ্মশালাৰ । অলপতে নাট্যম গোষ্ঠীয়ে অনুষ্ঠিত কৰা মুকলি বিহু চাবলৈ পাৰঘাটৰ বিহু তলিত উপস্থিত হয় অৰণ্য মানৱ যাদৱ পায়েং।
উল্লেখযোগ্য যে তেখেতে পুৰণিগুদামৰ বিহু তলিত উপস্থিত হৈ ৪ ব’হাগৰ দিনটো পৰম্পৰাগত ভাৱে গছ বিহু হিচাপে পালন কৰিবলৈ নগাঁওবাসীক আহ্বান জনায়।গছৰ তলত বিহু পাতিলে নাচিবলৈ নজনা গছজোপায়েও হাঁহিব পাৰে বুলি তেখেতে মন্তব্য কৰে।
অৰণ্য মানৱ যাদৱ পায়েঙক এখনি গামোচা, এখন চেলেং চাদৰ আৰু এখন ফলকৰ জৰিয়তে ৰাজহুৱাভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰে।অনুষ্ঠানত উপস্থিত থাকি প্ৰকৃতি তথা মানুহৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ অৰ্থে কৰিবলগীয়া কৰ্ম সম্বন্ধেও পায়ঙে মন্তব্য কৰে।
ভিউৱাছৰ মতামত