শণিবাৰে মহানগৰীৰ গাড়ীগাঁও শৰাইঘাট ৰংগমঞ্চত গাড়ীগাঁও ফিটনেছ কমিটিৰ উদ্যোগত অনুষ্ঠিত হয় ‘মিষ্টাৰ কামৰূপ’ শীৰ্ষক দেহশ্ৰী প্ৰতিযোগিতা। পোনপ্ৰথমবাৰৰ বাবে গাড়ীগাঁৱত অনুষ্ঠিত এই প্ৰতিযোগিতাত পুৰুষ আৰু মহিলাৰ শাখাত প্ৰায় দুই শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। ভাৰত চৰকাৰৰ ক্ৰীড়া বিভাগৰ স্বীকৃতি প্ৰাপ্ত এই ‘মিষ্টাৰ/মিছ কামৰূপ’ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগীয়ে ‘মি. অসম’ দেহশ্ৰী প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে সুবিধা লাভ কৰিব। তাৰোপৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰাৰো সুযোগ পাব প্ৰতিযোগীসকলে। বডি বিল্ডিঙৰ প্ৰতি আকৰ্ষিত যুৱক-যুৱতীক এখন উপযুক্ত মঞ্চ দিয়াৰ লক্ষ্যৰে গাড়ীগাঁও ফিটনেছ কমিটিয়ে আয়োজন কৰিছে এই দেহশ্ৰী প্ৰতিযোগিতাৰ। উল্লেখযোগ্য যে অন্য সংস্থাৰ দ্বাৰা আয়োজিত প্ৰতিযোগিতাৰ পৰিৱৰ্তে ভাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিযোগিতাতহে অংশগ্ৰহণ কৰিবলৈ যুৱক-যুৱতীসকলক আহ্বান জনাই আয়োজক কমিটিয়ে।

২১ জানুৱাৰীৰ পৰা বোকাখাতত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় মেলা
বোকাখাতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় (ভাৰ্চুৱেল) অংশ গ্ৰহণেৰে ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য মেলা ২০২১ ৷ তাৰ বাবে বোকাখাত ৰাজহুৱা খেল পথাৰত চলিছে যুদ্ধকালীন প্ৰস্তুতি ৷ ৰাজ্যৰ কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত হ’ব লগা এই মেলা অহা ২১,২২ আৰু ২৩ জানুৱাৰীত অনুষ্ঠিত হ’ব ৷ মেলাত দেশৰ বিভিন্ন প্ৰান্তৰ বিপনীয়ে অংশ ল’ব ৷ শনিবাৰে বিয়লি স্থানীয় বিধায়ক তথা ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই অগ্ৰগতিৰ বুজ লয় ৷ কৃষি আৰু উদ্যান শস্যৰ সঞ্চালক মঃ জেলিলৰ লগতে কৃষি বিভাগৰ মুখ্য সচিব ৰাজেশ প্ৰসাদৰ উপৰিও জিলা আৰু মহকুমা প্ৰশাসনৰ বিষয়া বৰ্গ উপস্থিত থাকে ৷ এই মেলাত এইবাৰ ক`ভিডৰ বাবে বহিঃৰাষ্ট্ৰৰ বিপনীয়ে অংশ নল’ব যদিও আন্তঃৰাষ্ট্ৰীয় (ভাৰ্চুৱেল) অংশ গ্ৰহণ অনুষ্ঠিত হ’ব ৷ লগতে দিল্লীস্থিত বহিঃৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত সকলৰ লগতে কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীক আমন্ত্ৰণ জনোৱাৰ ব্যৱস্থা কৰিছে যদিও এতিয়াও তেওঁলোকৰ নিমন্ত্ৰণ নিশ্চিত হোৱা নাই বুলি মন্ত্ৰীগৰাকীয়ে জনাইছে ৷ মেলাত বহিঃ ৰাজ্যৰ পৰা অহিব লগা অত্যাধুনিক কৃষি সামগ্ৰী প্ৰদৰ্শনৰ লগতে ৰাজ্যৰ কৃষকে প্ৰশিক্ষণ লাভ কৰিব পাৰিব বুলি সদৰি কৰে কৃষিমন্ত্ৰীগৰাকীয়ে ৷ তাৰোপৰি ৰাজ্যৰ কৃষকসকল উপকৃত হ’ব পৰাকৈ কেইখনো আলোচনাচক্ৰ অনুষ্ঠিত হ’ব ৷ অহা ২১ জানুৱাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মেলাখন আনুষ্ঠানিকভাৱে মুকলি কৰিব বুলি জনালে কৃষিমন্ত্ৰী অতুল বৰাই ৷ বোকাখাত ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত মেলাত প্ৰতিদিনে স্থানীয় আৰু আমন্ত্ৰিত কন্ঠশিল্পীসকলৰ দ্বাৰা সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হ’ব ৷ ইয়াৰ পূৰ্বে এই মেলা গুৱাহাটী আৰু ডিব্ৰুগড়ত অনুষ্ঠিত কৰিছিল যদিও ২০২০ বৰ্ষটিত ক’ৰণা সৃষ্ট পৰিৱেশৰ বাবে অনুষ্ঠিত কৰিব পৰা নাছিল ৷
খবৰ যুগুতালে বোকাখাতৰ পৰা দিব্যজ্যোতি হাজৰিকাই ৷
ভিউৱাছৰ মতামত