মঠ মন্দিৰে কেৱল পৌৰাণিক ইতিহাস অথবা সমলৰে স্বাক্ষৰ বহন নকৰে ই বহন কৰে ঠাইখনৰ পৰ্যটন ক্ষেত্ৰখনকো।
কামাখ্যা মন্দিৰ ক’ত আছে? এই কথা আমি সকলোৱে জানো যে নীলাচল পাহাৰৰ বুকুত কামাখ্যা মন্দিৰ আছে।কিন্তু এইখন অসমৰে অন্য এখন ঠাইটো আছে কামাখ্যা মন্দিৰ।ধুবুৰী জিলাৰ মান কাছাৰত এই কামাখ্যা মন্দিৰ অৱস্থিত।এই মন্দিৰ ১৮ শতিকাৰে এক পৌৰাণিক মন্দিৰ।
প্ৰবাদ অনুসৰি দক্ষ ৰজাই কৰা অপমান সহ্য কৰিব নোৱাৰি সতীয়ে জুইত জাপ দিছিল আৰু বিষ্ণুৰ সুদৰ্শন চক্ৰই সতীৰ দেহ ছিন্ন কৰিছিল।আৰু সতী নাভীমুদ্ৰা সৰু অগ্নিপিণ্ড হিচাপে এই ঠাইত পৰিছিল। এই ঠাইখিনি পৰৱৰ্তী সময়ত কামাখ্যা দেৱীৰ উপাসনা স্থলী হিচাপে ব্যৱহাৰ হৈ আছে।
উল্লেখযোগ্য যে এই মন্দিৰৰ সমীপত আছে শিৱ মন্দিৰ,হনুমান মন্দিৰ, ৰাণী সতী মন্দিৰ আৰু সন্তোষী মা মন্দিৰ। বিশেষকৈ এই মন্দিৰ সমূহৰ নৱৰাত্রী সমূহ বহু ভক্তই ভিৰ কৰেহি। পূজা অৰ্চনা কৰে।এই মন্দিৰে পৰ্যটক অন্য মাত্ৰা প্ৰদান কৰিছে।
ভিউৱাছৰ মতামত