এগৰাকী কণমানিৰ মহানুভৱতাই সকলোকে দৃষ্টি আকৰ্ষণ কৰিছে ।নগাঁৱৰ বৰদোৱাৰ নিৰ্দশনা কলিতাই মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ ৩৩৩৩টকা বৰঙণি আগবঢ়াইছে।খ্ৰীষ্ট জ্যোতি হাইস্কুলৰ ছাত্ৰী নিদৰ্শনাই জন্মদিনৰ দিনা এনে পদক্ষেপ কিদৰে মনলৈ আহিল জানিব বিচৰাত এনেদৰে কয়-চলিত বৰ্ষত টি ভিৰ পৰ্দাত বানৰ বিভিষিকাময় পৰিবেশ দেখি ব্যৰ্থিত হৈ পৰিছিলো।সেয়েহে আজি দিনটোত এইবাৰ জন্মদিন পালন কৰিবলৈ মন ন’গল ।তাৰ পৰিবৰ্তে পূৰ্বে জমা কৰি থোৱা ১৩৩৩টকা আৰু মা দেউতাই দিয়া ২০০০টকা অনলাইন যোগে মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ আগবঢ়াও।জন্মদিনৰ দিনা ব্যতিক্ৰমী চিন্তাৰে সমাজসেৱা আগবঢ়োৱা নিদৰ্শনা হাজাৰ জনৰ নিদৰ্শন হৈ ৰওক।জন্মদিনৰ দিনা আমি জনালো অফুৰন্ত শুভকামনা ।

পেণ্ডেলৰ ব্যৱসায়ে স্বাৱলম্বী হোৱা এজন যুৱকৰ কথাৰে
বন্ধন বেংকৰ ঋণ লৈ ডিজিটেল পেণ্ডেলৰ ব্যৱসায় কৰি স্বাৱলম্বী হ’ল বিহালীৰ নিবনুৱা যুৱক নিৰ্মল গোৱালা।বিশ্বনাথ জিলাৰ বালিপুখুৰী এজন শিক্ষিত যুৱকে চৰকাৰী চাকৰি মোহ ত্যাগ কৰি ডিজিটেল পেণ্ডেলৰ ব্যৱসায় আৰম্ভ কৰি স্বাৱলম্বী হৈ পৰিছে।
প্ৰথম পৰ্যায়ত তেখেতে খেতি পথাৰ কৰি সৰুকৈ এখন গেলামালৰ দোকান আৰম্ভ কৰিছিল।বৰ্তমান সময়ত ডিজিটেল প্ৰাধান্য সকলোতে আছে।সেয়েহে তেওঁ সময়ৰ লগত খোজ মিলাই নতুনকৈ আৰম্ভ কৰিছে ডিজিটেল পেণ্ডেল।
এই ডিজিটেল পেণ্ডেল বিশ্বনাথত আৰম্ভ কৰা প্ৰথমজন ব্যক্তি হৈছে গোৱালা।মাত্ৰ দুহেজাৰ টকাৰে আৰম্ভ কৰি আজি তাৰিখত প্ৰায় পাঁচ লাখ টকা ব্যৱসায় কৰিবলৈ সক্ষম হোৱা লগতে বিশ জন লোকক সংস্থাপন দিবলৈ সক্ষম হৈছে ব্যক্তি গৰাকীয়ে।
ভিউৱাছৰ মতামত