নৃত্যৰ কৰ্মশালা আয়োজন

গুৱাহাটীৰ সামাজিক -সাংস্কৃতিক অনুষ্ঠান নক্ষত্ৰ গোষ্ঠী প্ৰডাকচন সৌজন্যত ৭ জুলাইৰ পৰা ১৭ জুলাই লৈ আয়োজন কৰা হৈছে সদৌ অসম ভিত্তিত ষষ্ঠ গ্ৰীষ্ম কালীন নাট ও নৃত্যৰ কৰ্মশালাখনি৭ জুলাইত দূর্গা সৰোবৰ বিদ্যাপীঠ হাইস্কুল (কামাখ্যা গেট)ত আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়। বিশিষ্ট অভিনেতা সত্যেন শৰ্মা, বিশিষ্ট পৰিচালক মৃণাল হালৈ ,গোষ্ঠীৰ সভাপতি প্ৰকাশ মেধি আদিকে ধৰি কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থকা অনুষ্ঠানটি আনুষ্ঠানিক ভাৱে উন্মোচন কৰে কবি সাহিত্যক ,তথা সমাজ কৰ্মী মনীষা শৰ্মাই। নিজৰ ভাষণ প্ৰসংগত জনপ্ৰিয় কবি সাহিত্যিক গৰাকীয়ে কয় যে নাট হৈছে। উৎকৃষ্টম কলা। যত দৃশ্য ,শ্ৰৱ্য মাধ্যমৰ সমাহাৰ আছে, তেওঁ লগতে কয় যে এই নাট কৰ্মশালাসমুহৰ দ্বাৰা আমাৰ শৰীৰ মন আৰু মগজুৰ বিকাশ লাভ হয়।উল্লেখযোগ্য যে ৪০ গৰাকীৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা কৰ্ম শালা খনিত জনপ্ৰিয় অভিনেত্ৰী চেতনা দাস,মলয়া গোস্বামী, অভিনেতা অৰুণ হাজৰিকা, গুণাকৰ দেৱ গোস্বামী, হেৰম্ব শৰ্মা আদিক অনেক খ্যাতি জখা অভিনেতা ,অভিনেত্ৰী, পৰিচালক আদিয়ে প্ৰশিক্ষাৰ্থী সকলক প্ৰশিক্ষণ দিব বুলি জনাইছে ।

Share on whatsapp
WhatsApp
Share on facebook
Facebook
Share on twitter
Twitter
Share on email
Email

কালিলৈ অনুষ্ঠিত হ`ব শপত গ্ৰহণৰ অনুষ্ঠান

আজি ঘোষণা হ’ল নতুন চৰকাৰৰ মুখ্যমন্ত্ৰী ঘোষণা। ইয়াৰ পাছতে মন্ত্ৰীসভা গঠনৰ বাবে তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে । আজি ৰাজভৱনত নতুন মন্ত্ৰীসভা গঠনৰ দাবী কৰে বিজেপি মিত্ৰজোঁটে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা সৈতে অন্য নেতাসকলে আজি ৰাজভৱনত গৈ ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰে আৰু নতুন চৰকাৰ গঠনৰ দাবী পত্ৰ প্ৰদান কৰে। সেই অনুসৰি ‌কালিলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নতুন চৰকাৰে শপত গ্ৰহণ কৰিব ।

এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীৰ উপৰিও আন কেইবাগৰাকীও মন্ত্ৰী বিধায়কে শপতগ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। অনুমান কৰা অনুসৰি হিমন্ত বিশ্ব শৰ্মাই গৃহ,বিত্ত আৰু স্বাস্থ্য এই কেইটা দপ্তৰ নিজৰ হাততেই ৰাখিব।

ইতিমধ্যে কাইলৈৰ শপতগ্ৰহণ বাবে কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহ সাজু কৰি তোলা হৈছে। এল ই ডি স্ক্ৰীণত শপতগ্ৰহণৰ দৃশ্য প্ৰত্যক্ষ কৰিব পাৰিব। অৱশ্যে কোভিড প্ৰটোক’ল মানিহে এই অনুষ্ঠান অনুষ্ঠিত হ’ব। এই সন্দৰ্ভত কামৰূপ জিলা প্ৰশাসনে সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে। উল্লেখ্যযোগ্য যে নতুন দিল্লীত বিজেপিৰ শীৰ্ষ বিষয়াৰ আলোচনা হোৱাৰ পাছতেই আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পদত্যাগ কৰে আৰু বিজেপিৰ বিধায়িনী বৈঠকতে হিমন্ত বিশ্ব শৰ্মাক নেতা হিচাপে নিৰ্বাচিত কৰে। বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাই‌‌ অসমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে।

তিনিচুকীয়া ৰে’লৱে ডিভিজনত ৫০টা ৰে’লৰ দবা ক’ভিড ৱার্ডৰূপে ব্যৱহাৰ

সমগ্র দেশতে ক’ৰোনা সংহাৰৰ এই সময়ছোৱাত ভাৰতীয় ৰে’ল বিভাগে গ্রহণ কৰিছে এক গুৰুত্বপূর্ণ পদক্ষেপ৷ ভাৰতীয় ৰে’ল বিভাগে ৰে’লৰ দবাসমূহ ক’ভিড ৱার্ডৰূপে ব্যৱহাৰ কৰিবলৈ প্রচেষ্টা হাতত লৈছে৷

অসমতো ৰে’লৰ দবাসমূহ ক’ভিড ৱার্ডৰূপে ব্যৱহাৰ কৰা হৈছে৷ তিনিচুকীয়া ৰে’লৱে ডিভিজনত মুঠ ৫০টা ৰে’লৰ দবা ক’ভিড ৱার্ড ৰূপে গঢ়ি তোলা হৈছে৷ ফলত ক’ভিড আক্রান্তসকলে কিছু হ’লেও সকাহ লাভ কৰিব৷ অবাধ গতিত বৃদ্ধি পোৱা ক’ৰোনা ৰোগীৰ ফলত চিকিৎসালয়সমূহ ভর্তি হৈ পৰিছে৷ ফলত ভাৰতীয় ৰে’ল বিভাগৰ এনে পদক্ষেপে কিছু পৰিমাণে সকাহ দিব জনসাধাৰণক৷

তিনিচুকীয়া ৰে’লৱে ডিভিজনৰ তিনিচুকীয়াত ১০টা, ডিব্রুগডত ২০টা আৰু মৰিয়নিত ২০টা ৰে’লৰ দবা ক’ভিড ৱার্ড ৰূপে পৰিণত কৰা হৈছে৷ এই কথা জানিব দিয়ে এ ডি আৰ এম মাছুদ আলমে৷ তেওঁ সাংবাদিকসকলক আৰু কয় যে এটা দবাত ১৮গৰাকী ৰোগী থাকিব পাৰিব আৰু ২টা অক্সিজেনৰ ব্যৱস্থা কৰা হৈছে৷ গতিকে তিনিচুকীয়াৰ ৰে’লৰ ১০টা দবাত মুঠ ১৮০গৰাকী ৰোগী থাকিব পাৰিব৷

ড০ হিমন্ত বিশ্ব শৰ্মালৈ অভিনন্দন কংগ্ৰেছৰ

বিজেপি বিধায়িনী দলৰ তথা মিত্ৰজোঁটৰ নেতা হিচাপে নিৰ্বাচিত হোৱা ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। এই সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা জ্যোষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য ই সদৰি কৰা এক বিবৃতিত কয় যে, অহাকালি ৰাজ্যখনৰ পৰবৰ্তী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ লগতে দায়িত্ব গ্ৰহণ কৰিবলগীয়া ড০ শৰ্মাৰ প্ৰতি আমাৰ আন্তৰিক শুভেচ্ছা যাঁচিলো আৰু পৰবৰ্তী কালত ৰাজ্য খনৰ সকলো উন্নয়নমূলক কামত যোগাত্মক সহযোগিতা অব্যাহত থাকিব। ইয়াৰোপৰি সাম্প্ৰতিক সময়ত ক’ভিড মহামাৰী সৃষ্ট পৰিস্থিতিৰ মোকাবিলা কৰাৰ লগতে জনসাধাৰণৰ জীৱন আৰু জীৱিকা সুৰক্ষিত ৰাখিবলৈ গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপতে আমাৰ দলৰ লগতে মহাজোঁটৰ অংশীদাৰ সকলো দলৰে সমৰ্থন অব্যাহত থাকিব বুলি এক প্ৰেছ বিবৃতি যোগে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰই জানিবলৈ দিছে।

নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ আপকুৰ অভিনন্দন

ৰাজ্যৰ পঞ্চদশ বিধান সভা নিৰ্বাচনত গুৱাহাটীৰ জালুকবাৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াই লক্ষ্যাধিক ভোটত জয়ী হৈ একৰাহে পঞ্চমবাৰৰ বাবে বিধান সভাৰ মজিয়ালৈ নৱনিৰ্বাচিত বিজেপি দলৰ শক্তিশালী প্ৰাৰ্থী ড০ হিমন্ত বিশ্ব শৰ্মা আজি অসমৰ মুখ্যমন্ত্ৰীৰূপে মনোনীত হোৱাত ৰাজ্যখনৰ মফচলীয় সাংবাদিকসকলৰ সংগ্ৰামী মঞ্চ আসাম প্ৰেছ ক’ৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকুৱে উষ্ম অভিনন্দন জ্ঞাপন কৰিছে।

‘আপকু’ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আব্দুল খালেক, কাৰ্যকৰী সভাপতি মৌচমজ্যোতি বৈশ্য আৰু সম্পাদক প্ৰধান শৰৎ শেনছোৱাই ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাদেৱৰ সবল নেতৃত্বত অসমৰ উন্নয়ন আৰু বিকাশৰ গতি অধিক তৰান্বিত হ`ব বুলি আশা প্ৰকাশ কৰিছে। অসমৰ পাহাৰ ভৈয়ামত বসবাস কৰা প্ৰত্যেকটো সৰু বৰ জাতি জনগোষ্ঠীক সাংবিধানিকভাৱে সম অধিকাৰ, সম মৰ্যাদা দি অসমক দেশৰ ভিতৰতে এখন অন্যতম শ্ৰেষ্ঠ উন্নয়নশীল ৰাজ্য হিচাবে গঢ়ি তোলাৰ লগতে অসম চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত চৰকাৰী চাকৰিবিহীন সাংবাদকৰ্মীসকলৰ জীৱন আৰু আৰ্থিক নিৰাপত্তা প্ৰদানৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিবলৈ সংগঠনটোৰ নেতৃবৃন্দই আহ্বান জনাইছে।

জল্পনা কল্পনাৰ অন্ত পেলাই অসমৰ নতুন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

অসমত কল্পনা জল্পনা ওৰ পেলাই অসমে লাভ কৰিলে এগৰাকী নতুন মুখ্য মন্ত্ৰী। আজি আনুষ্ঠানিক ভাৱে ঘোষণা হ’ল অসমৰ মুখ্যমন্ত্ৰী। এই মুখ্য মন্ত্ৰী লাভ কৰিলে জালুকবাৰী সমষ্টিৰ বিধায়ক ডঃ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে, বিধানসভা নিৰ্বাচন ঘোষণা হোৱা দিনাৰ পৰাই পৰৱৰ্তী মুখ্য মন্ত্ৰী কোন হ’ব, এই বিষয়ক লৈ এক উত্তেজনাই বিৰাজ ‌কৰিছিল। অৱশেষত আজি ১২ বাজি ৩৫ মিনিটত অসম বিধানসভাৰ চৌহদত বিজেপিৰ বিধায়িনী দলৰ সৰ্বসন্মতিক্ৰমে ডঃ হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতা হিচাপে বিবেচনা কৰা হয়। সদ্য পদত্যাগী মুখ্যমন্ত্ৰী সৰ্বানন্দ সােণােৱালে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম বিধায়িনী দলৰ নেতা হিচাপে প্ৰস্তাৱ কৰে আৰু এই প্ৰস্তাৱক সমৰ্থন জনায় ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু বিধায়িকা নন্দিতা গাৰ্লােছাই। এই সিদ্ধান্তৰ ঘােষণা আনুষ্ঠানিকভাৱে কৰে পৰ্যবেক্ষক নৰেন্দ্ৰ সিং তােমাৰে। এই বৈঠকত অংশগ্ৰহণ কৰে বিজেপিৰ ৪ গৰাকীকৈ ৰাষ্ট্ৰীয় নেতা ক্ৰমে ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিং, কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ আৰু বিজেপিৰ অসম প্ৰভাৰী বৈজয়ন্ত জয়পাণ্ডা। নৰেন্দ্ৰ সিং তােমৰে বন্তি প্ৰজ্জ্বলনেৰে এই বিধায়িনী দলৰ বৈঠক আৰম্ভ কৰে। উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় নেতৃত্বৰ সেউজ সংকেততে বিজেপিৰ বিধায়িনী দলে চূড়ান্ত কৰিলে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাক।ৰবিবাৰে দিন ১১.৩੦ মান বজাত ৰাজভৱনত উপস্থিত হৈ ৰাজ্যপাল ডঃ জগদীশ মুখীক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ অৰ্পণ কৰে সােণােৱালে। ইয়াৰ পাছতে একেখন বাহনত উঠি সৰ্বানন্দ সােণােৱাল আৰু ডঃ হিমন্ত বিশ্ব শৰ্মা অসম বিধানসভাত অনুষ্ঠিত বিজেপি দলৰ বিধায়িনী দলৰ বৈঠকত উপস্থিত হয়।

প্ৰতি গৰাকী মাতৃলৈ মাতৃ দিৱসৰ শুভেচ্ছাৰে

মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই
জনমৰ আদিম পুৱাত
মুদিম আকৌ চকু
তোমাৰ কোলাতেই শুই
জীৱনৰ শেষ সন্ধিয়াত ।।
(কবি-নলিনীৱালা দেবী)

আই অথবা মাৰ মহত্ব প্ৰত্যেক গৰাকী ব্যক্তিৰ জীৱনতে বিশেষ ভাৱে বিশেষ হৈ থাকে। কিয়নো, অসমীয়াত এষাৰ কথা আছে “আইৰ সমান হ’ব কোন, নৈৰ সমান ব’ৱ কোন”। আজি মাতৃ দিৱস। প্ৰতি বছৰে এই মাতৃ দিৱস মে’ মাহৰ দ্বিতীয়টো দেওবাৰে উদযাপন কৰা হয়। এগৰাকী মাতৃৰ বাবে নিজৰ সন্তানতকৈ অন্য ডাঙৰ বস্তু একো থাকিব নোৱাৰে। মাকৰ সাহস,মাকৰ অনুপ্ৰেৰণা, মাকৰ সহযোগিতাহে কোনো সন্তানে জীৱনৰ বাটত আগবাঢ়িব পাৰে। কোৱা যায় যে, ভালপোৱা এনেকুৱা এটা বস্তু যাৰ কেতিয়াবা প্ৰদৰ্শনৰ প্ৰয়োজনীয়তা আহি পৰে। এই মাতৃ দিৱসো এনে এটা বিশেষ দিন। এই বিশেষ দিনটোত মাতৃসকলৰ প্ৰতি ভালপোৱাৰ আনুগত্য প্ৰদৰ্শন কৰা প্ৰয়োজনীয়। এগৰাকী মাতৃয়ে কোনো সন্তানৰ বাবে যিমান দুখ সহ্য কৰিব পাৰে মই ভাৱো পৃথিৱীৰ কোনেও কাৰো বাবেও‌ ইমান‌ সহ্য কৰিব নোৱাৰে। মাতৃ দিৱসত মাৰ বাবে এই কথাখিনি একো একোটা অনুপ্ৰেৰণাৰ উৎস। মাতৃ দিৱসৰ গুৰুত্ব উপলব্ধি কৰিয়েই আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, নিউজিলেণ্ড, চীন, জাপান, ফিলিপাইনচত ১২ মে’ত মাতৃ দিৱস উদযাপন কৰা হয়। এগৰাকী মাতৃৰ মনত সন্তান যিমানেই ডাঙৰ নহওঁক কিয় মাতৃ গৰাকীৰ মনত সদায়েই সৰু হৈয়ে থাকে। আমাৰ প্ৰতিটো খোজতেই মাৰ মৰমৰ প্ৰয়োজন হয়। মাৰ হাত দুখন মূৰৰ ওপৰত থাকিলে পৃথিৱীৰ সকলো সুখে আৱৰি ৰাখে। শেষত প্ৰতিগৰাকী মাতৃলৈ মাতৃ দিৱসৰ শুভেচ্ছা জনালোঁ।