নেৰামেকৰ বিশেষ পদক্ষেপ: কৃষকৰ উৎপাদিত ফচলক বজাৰ দিয়াৰ ব্যতিক্ৰমী প্ৰয়াস

ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে জাৰি কৰা মিনি লকডাউনৰ ফলত ক’ভিডৰ সংক্ৰমণ হ্ৰাস পালেও খাটি খোৱা নিচলা জনক দুৰ্যোগে লগ নেৰা হৈছে। বিশেষকৈ গ্ৰাম্য অঞ্চলৰ কৃষক সকলৰ অৱস্থা শোচনীয় হৈ পৰিছে। উপযুক্ত ‌বজাৰ আৰু গ্ৰাহকৰ অভাৱত কৃষিভূমিত পৰি ৰৈছে উৎপাদিত ফচল। এনে সময়তে (Neramac) নেৰামেকে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। চিৰাং, কোকৰাঝাৰ, ওদালগুৰিৰ বিভিন্ন ঠাইত উৎপাদিত তৰমুজ ত্ৰিপুৰা আৰু শিলচৰত যোগান ধৰিছে। জানিব পৰা মতে নেৰামেকে প্ৰায় ৭০ মেট্ৰিক টন তৰমুজ বিটিচিৰ কৃষকৰ পৰা ক্ৰয় কৰি শিলচৰ আৰু ত্ৰিপুৰালৈ‌ নিছে। এই সম্পৰ্কে নেৰামেক ডেপুটি মেনেজাৰ পেনেলজিত দৈমাৰীয়ে কয় যে “নেৰামেকে সৰহকৈ উৎপাদিত ফচল সমূহক বজাৰ দিয়াৰ প্ৰথম প্ৰয়াস কৰিছে। ইয়াৰ ভিতৰত গোৱালপাৰা জিলাৰ দুধনৈ অঞ্চলৰ পৰা কল আৰু মৰিগাঁওৰ পৰা আইজোঙ চাউল আনি গুৱাহাটীৰ বিভিন্ন ঠাইত বিক্ৰী কৰিছে।” আনহাতে বিটিচিৰ উদ্যানশস্য বিভাগৰ মনোৰঞ্জন দাসে কয় যে এই দুৰ্যোগৰ সময়ত কৃষক সকলক সকাহ দিয়াৰ বাবে আমাৰ‌ প্ৰয়াস অব্যাহত আছে। চলিত বৰ্ষৰ প্ৰাৰম্ভিক সময়ত ডুবাইত কলিকতালৈও বিভিন্ন শাক-পাচলি পঠিওৱাৰ বাবে যো-জা কৰিছিলো, কিন্তু লকডাউনৰ বাবে সেইয়া সম্ভৱ হৈ নুঠিল। এই সম্পৰ্কে উদ্যান শস্য বিভাগৰ সঞ্চালক তৰংগ ভাৰতীয় বৰাই কয় যে “কৃষকসকলৰ দুৰাৱস্থা বুজ লৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছো।” এই সম্পৰ্কে নেৰামেকৰ সঞ্চালক মনোজ দাসে কয় যে বিগত বৰ্ষৰ লকডাউনৰ পৰাই অসমৰ কৃষকসকল বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল। এই সমস্যাৰ পৰিপ্ৰেক্ষিতত বহু কৃষকৰ শাক-পাচলি পথাৰতে গেলি-পচি গৈছিল আৰু বৰ্তমান সময়ৰ মিনি লকডাউনত ঠিক একেই পৰিৱেশৰ সৃষ্টি হৈছে। কিন্তু বিগত বৰ্ষত নেৰামেকে সেই শাক-পাচলি সমূহ আনি অনলাইনত সেৱাৰ জৰিয়তে গ্ৰাহকৰ ওচৰলৈ নিবলৈ সক্ষম হৈছিল। সম্প্ৰতি সময়ত ক’লা জালুক,কল, তৰমুজ, ৰঙালাও আদি বিভিন্ন ঠাইত যোগান ধৰা হৈছে। উল্লেখযোগ্য যে এই ক’লা জালুকসমূহ মানকাচাৰ,গোলাঘাট, কাৰ্বি-আংলংৰ বিভিন্ন ঠাই সমূহৰ পৰা সংগ্ৰহ কৰা হৈছে। তেখেতৰ মতে আমি কৃষকসকলক বজাৰমুখী কৰাত সহায় কৰো কিন্তু এই গোটেই প্ৰক্ৰিয়াটোত সহায় কৰিছে অসম চৰকাৰৰ কৃষি আৰু উদ্যানশস্যৰ বিভাগৰ মন্ত্ৰী আৰু বিষয়া সকলে। নেৰামেকৰ এই প্ৰচেষ্টা সুদূৰ প্ৰসাৰী হওক তাকেই কামনা কৰিলো।

Share on whatsapp
WhatsApp
Share on facebook
Facebook
Share on twitter
Twitter
Share on email
Email

উৎসৱৰ বতৰ – শ্ৰী শ্ৰীবিশ্বকৰ্মা পূজাৰ পৰা পাঁচটা বিষয়ত শপত লৈ গাড়ী চলাবলৈ আহ্বান জিলা পৰিবহণ বিষয়াৰ

দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো ১৭ ছেপ্টেম্বৰত ক’ভিড বিধি মানি পৰম্পৰাগতভাৱে শ্ৰী শ্ৰীবিশ্বকৰ্মা পূজা পালন কৰা হ`ব । ইফালে বিশ্বকৰ্মা পূজাৰ সময়ৰে পৰা দেশত আৰম্ভ হয় পূজা বা উৎসৱৰ বতৰ । কিয়নো বিশ্বকৰ্মা পূজাৰ কিছুদিন পাছত আৰম্ভ হ`ব শাৰদীয় শ্ৰী শ্ৰীদুৰ্গা পূজা, তাৰ পাছত শ্ৰী শ্ৰীলক্ষ্মী পূজা , ষট পূজা , দীপাৱলী , ৰাস , জগদ্ধাত্ৰী পূজাকে ধৰি বিভিন্ন পূজা । আনহাতে উৎসৱৰ বতৰত আনন্দত মতলীয়া হৈ কোনোৱে অনিয়ন্ত্ৰিত গতিবেগত বাহন চলাই দূৰ্ঘটনা সংঘটিত নকৰে তাৰ বাবে আহ্বান জনাইছে কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ ( পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ ) বিষয়া আৰু জিলা পথ সুৰক্ষা সমিতিৰ সদস্য সচিব গৌতম দাসে । এই সন্দৰ্ভত জিলা পৰিবহণ বিষয়া গৌতম দাসে কয় – উৎসৱৰ সময়ত একাংশ চালকে নিশাৰ ভাগত সুৰাপান কৰি অনিয়ন্ত্ৰিত গতিবেগত বাহন চলাই নিশাৰ ভাগত দুৰ্ঘটনা সংঘটিত কৰাটো তেনেই সাধাৰণ ঘটনাত পৰিণত হৈছে । ফলত বহু উঠি অহা নতুন প্ৰজন্মৰ যুৱক হেৰাই যায়। ইয়ে সমাজত ব্যাপক ক্ষতি সাধন কৰিছে । যাৰ বাবে জিলা পৰিবহণ বিষয়া গৌতম দাসে পথ সুৰক্ষাৰ দিশত সজাগতা সৃষ্টিৰ বাবে চালক সকলক শ্ৰী শ্ৰীবিশ্বকৰ্মা পূজাৰ দিনটোৰ পৰা বাহন চলোৱাৰ সময়ত পাঁচটা বিষয়ত শপত লৈ বাহন চলাবলৈ চালক সকলক আহ্বান জনাইছে । সেই পাঁচটা শপত হল ক্ৰমে – মদ্যপান কৰি গাড়ী নচলাও ,গাড়ী চলাওতে ছিটবেল্ট ব্যৱহাৰ কৰিম , হেলমেট পৰিধান কৰিহে দুচকীয়া বাহন চলাম , গাড়ী চলাওঁতে ম’বাইল ফোন ব্যৱহাৰ নকৰো , যান – বাহন আইন মানি চলিম , দুৰ্ঘটনা এৰাই চলিম । জিলা পৰিবহণ বিষয়া গৌতম দাসে সদৰি কৰা অনুসৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমক এখন দূৰ্ঘটনামুক্ত ৰাজ্যলৈ পৰিণত কৰিবলৈ সকলো পক্ষকে আহ্বান জনাইছে । এই আহ্বানক বাস্তৱত ৰূপ দিয়াৰ বাবে ৰাজ্যৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী সকলো জিলা পৰিবহণ বিষয়াক নিৰ্দেশনা দিছে । মুখ্যমন্ত্ৰীৰ আহ্বান আৰু পৰিবহণ মন্ত্রীৰ প্ৰতি সঁহাৰি দি এই পাঁচটা শপত লৈ গাড়ী চলালে দূৰ্ঘটনাৰ সংখ্যা নিশ্চিত ভাবে বহুখিনি কমি যাব বুলি জিলা পৰিবহণ বিষয়াজনে আশা ব্যক্ত কৰিছে ।

বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক অসম অলিম্পিক সন্থাৰ সম্বৰ্ধনা

টকিঅ’ অলিম্পিকত ভাৰতীয় দলৰ চেফ ডে মিছনৰ দৰে গুৰু দায়িত্ব পালন কৰা ভাৰতীয় ভাৰোত্তোলন সন্থাৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক বৃহস্পতিবাৰে অসম অলিম্পিক সন্থাই সম্বৰ্ধনা জনায়। অসম অলিম্পিক সন্থাৰ সভাকক্ষত আয়োজিত এটা অনুষ্ঠানত বৈশ্যক সম্বধৰ্না জনোৱা হয়। অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে আঁত ধৰা অনুষ্ঠানটোত সম্বৰ্ধনা গ্ৰহণ কৰি অসম ভাৰোত্তোলন সন্থাৰো সভাপতিৰ দায়িত্বত থকা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কয়- নৱম,দশম শ্ৰেণীত পঢ়ি থাকোতে লালা অমৰনাথৰ তত্বাবধানত ক্ৰিকেটৰ প্ৰশিক্ষণ লবলৈ প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামলৈ আহিছিলোঁ।পৰৱৰ্তী সময়ত কেইবাগৰাকীও জ্যেষ্ঠ ক্ৰীড়া সংগঠকৰ সান্নিধ্য লাভ কৰি টেবল টেনিছৰ সৈতে জড়িত হৈ পৰিলোঁ।ভাৰতীয় টেবুল টেনিছৰ শীৰ্ষ পদত থকাৰ পাছতো ২০০৯ চনত নিস্প্ৰভ হৈ থকা ভাৰতীয় ভাৰোত্তোলনৰ দায়িত্ব চম্ভালি ললো। ইয়াৰ পাছতে ক্ৰমশ: ঠন ধৰি উঠা ভাৰতীয় ভাৰোত্তোলন সন্থাই আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলন ফেডাৰেশ্বনৰো ক্লিনশ্বিট লাভ কৰিলে। আনহাতে, টকিঅ’ত ভৰতীয় দলে অলিম্পিক ইতিহাসত সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰাৰ লগতে এজনো খেলুৱৈ বা কৰ্মকৰ্তা ক’ভিড পজিটিভ নোহোৱাকৈ টকিঅ’ৰ পৰা ওভতি আহি এক প্ৰকাৰৰ নিদৰ্শন দাঙি ধৰিলে বুলি কয় বৈশ্যই। ইফালে, টকিঅ অলম্পিকত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই যি সক্ৰিয়তা প্ৰদৰ্শন কৰি খেলুৱৈসকলৰ অভাৱ অভিয়োগ সমাধান কৰাৰ চেষ্টা কৰিছিল তাক স্বচক্ষে প্ৰত্যক্ষ কৰাৰ কথা অৱগত কৰে লক্ষ্য কোঁৱৰে। অনুষ্ঠানত বক্সিং ফেডাৰেশ্বন অৱ ইণ্ডিয়াৰ সচিব হেমন্ত কুমাৰ কলিতা, অসম অলিম্পিক সন্থাৰ মিডিয়া কমিটিৰ অধ্যক্ষ ৰাজীৱ প্ৰকাশ বৰুৱা আৰু বিশিষ্ট ক্ৰীড়া সাংবাদিক সুবোধ মল্ল বৰুৱাইও ভাষণ প্ৰদান কৰে। সম্বৰ্ধনা অনুষ্ঠানটোত অসম অলিম্পিক সন্থাৰ হৈ বিষ্ণুৰাম নুনিছা, কল্যাণ গগৈ, অনুপ চৌধুৰী, অংশুমান দত্তকে ধৰি বহুকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে। আনহাতে, অসম ভাৰোত্তোলন সন্থাকে ধৰি বহুকেইটা ৰাজ্যিক ক্ৰীড়া সন্থাই বৈশ্যক সম্বৰ্ধনা জনায়।

ছয়গাঁৱৰ ৰিহাবাৰীত “শাওণৰ পথাৰত” শীর্ষক ভিডিঅ` এলবাম মুকলি

আজি কামৰূপ জিলাৰ ছয়গাঁৱৰ জনজাতীয় অধ্যুষিত অঞ্চল ৰিহাবাৰীৰ সংস্কৃতিপ্ৰাণ বিশিষ্ট ব্যক্তি তথা অধিবক্তা জয়ন্ত কুমাৰ ৰাভাৰ চোতালত “শাওণৰ পথাৰত” শীর্ষক ভিডিঅ` এলবাম এটি শুভ উন্মোচন কৰা হয়। প্ৰদীপ প্ৰজ্বলন লগতে ভিডিঅ` এলবামটি আনুষ্ঠানিক ভাৱে উন্মোচন কৰে বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্ৰধান সম্পাদক, সাংবাদিক, লেখক দীপক শৰ্মাই। কবি, সাংবাদিক শ্ৰীশৰ্মাই কয়- “মাটিৰ গোন্ধ থকা প্ৰতিটো গীতে প্ৰাণ টানি ধৰে। বৰ্তমান সময়ত মাটি-পানীৰ সম্পর্ক থকা গীতৰ সংখ্যা কমিছে। ই শুভ লক্ষণ নহয়।” শ্রীশৰ্মাই আৰু কয়- “জয়ন্ত কুমাৰ ৰাভাৰ অতি নান্দনিক, অনুপম শব্দৰে সমৃদ্ধ তথা মাটি-পানী, চহা জীৱনৰ কথাৰে সমৃদ্ধ গীতৰ কথাই আমাক আপ্লুত কৰিছে। শাওণত ভূঁই ৰুই, আহিনত আহিনত সজাল ধৰিব লগাকৈ , শেষত সোণগুটি ভড়ালত থব পৰাকৈ কৃষকৰ শ্ৰম জীৱনৰ ওপৰত ৰচিত গীতটিয়ে সকলোৰে প্ৰাণত প্ৰাণবন্ত কৰি তুলিব বুলি কব পাৰি।” শিল্পী ৰিংকু ৰাভাই আঁত ধৰা সভাত সমাজকৰ্মী সাধুচৰণ ৰাভা, ঋতুপর্ণ ৰাভা, সুজিত বড়ো প্ৰভৃতিয়ে বক্তব্য দাঙি ধৰে। জয়ন্ত কুমাৰ ৰাভাৰ প্ৰয়োজনা কৰা এলবামটিৰ সংগীত পৰিচালনা-শব্দ মিশ্রণ পৰাগ ঈশান, কন্ঠশিল্পী ঋতুপর্ণ ৰাভা, গীতৰ কথা জয়ন্ত কুমাৰ ৰাভা,অভিনেতা- অভিনেত্ৰী অভিজিৎ ৰাভা, কাশ্মীৰী বড়ো, ভিডিঅ সম্পাদক সুজিত বড়ো, চিনেমাটোগ্ৰাফাৰ হিৰণ্য কুমাৰ দাস,মেক আপ প্ৰলয় ৰাভা,ভিডিঅ সম্পাদক শ্যামল দাস।

ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলিল টীয়কৰ যুৱ শিক্ষক বিকাশ বৰুৱা

অসমৰ শিক্ষখণ্ডৰ পাঠ্যক্ৰমসমূহত ন ন সংযোজনেৰে বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰাৰ সমান্তৰালকৈ বহুজন প্ৰতিভাবান যুৱ শিক্ষকে ইতিমধ্যে ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত স্বীকৃতি লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে।এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত চি আৰ টি আৰু এন চি আৰ টি য়ে যুটীয়া ভাৱে আয়োজন কৰা ২৫ সংখ্যক ৰাষ্ট্ৰীয় শিশু শৈক্ষিক দৃশ্য-শ্ৰাৱ্য উৎসৱত নিজৰ প্ৰকল্পৰে যোগদান কৰা টীয়কৰ সন্তান তথা মৰিগাঁও জিলাৰ লাহৰীঘাটত চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক বিকাশ বৰুৱাই উচ্চ প্ৰাথমিক শাখাত শ্ৰেষ্ঠ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে । ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নত সুবিধা হোৱাকৈ ঐতিহাসিক শিৱসাগৰৰ কীৰ্তি চিহ্ন সমূহৰ এক দৃশ্য-শ্ৰাৱ্য প্ৰকল্প প্ৰস্তুত কৰি উক্ত প্ৰতিযোগিতা খনত যোগদান কৰি এই গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হৈছে ।তদুপৰি বিকাশে শ্ৰেষ্ঠ ভিডিঅ’ সম্পাদনাৰ বাবেও বিবেচিত হৈছে । পূৰ্বতেও ৰাজ্যিক, ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত শৈক্ষিক বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিকাশ বৰুৱাই সন্মান বুটলিবলৈ সক্ষম হৈছিল।উল্লেখযোগ্য যে ছাত্ৰ ছাত্ৰী সকলক অসমৰ ইতিহাস তথা বিভিন্ন কীৰ্তি চিহ্নসমূহ কিতাপত অধ্যয়নৰ সমান্তৰালকৈ দৃশ্য শ্ৰব্যৰ যোগেদি প্ৰদৰ্শন কৰি বুজাত সহায় কৰাৰ লগতে আকৰ্ষিত কৰাৰ লক্ষ্যৰে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰিছে যুৱ শিক্ষকগৰাকীয়ে।লগতে এনে ব্যৱস্থাই অসমখনৰ প্ৰতি অনান্য প্ৰদেশসমূহৰ ছাত্ৰ ছাত্ৰী সকলকো আকৃষ্ট কৰিব বুলি আশা প্ৰকাশ কৰিছে।

বাতৰি যুগুতালে টীয়কৰ পৰা উৎপল জ্যোতি খাউণ্ডে

ঢকুৱাখনাৰ শ্ৰী শ্ৰী বাসুদেৱ থানত পাছতি উৎসৱ  পালন 

উজনি অসমৰ ঐতিহাসিক বৈষ্ণৱ পীঠ ঢকুৱাখনাৰ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ।দেশ বিদেশৰ  অগণন ভক্ত বৈষ্ণৱৰ সেৱাৰ থলী স্বৰূপ  এই পৌৰাণিক বৈষ্ণৱ পীঠত বুধবাৰে  পৰম্পৰাগত ধৰ্মীয়  ৰীতি নীতিৰে অনুষ্ঠিত কৰা হয় পাছতি উৎসৱ।শ্ৰী কৃষ্ণৰ জন্ম উৎসৱৰ লগত জড়িত এই ভাগি  উৎসৱ আজি সত্ৰ প্ৰাংগনত বিয়লি প্ৰায় ৩ বজাৰ পৰা আৰম্ভ হয়। অগণন ভক্ত প্ৰাণ মহিলা  সমাজ ,সত্ৰ পৰিয়ালৰ  আইমাতৃ  সকলৰ অংশ গ্ৰহণেৰে  অনুষ্ঠিত  এই  উৎসৱৰ  নান্দনিকতাই দিনে নিশাই ভকত বৈষ্ণৱ সকলক মন্ত্ৰমুগ্ধ কৰি ৰাখে । জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ  অমূল্য সৃষ্টিৰাজিৰ প্ৰণালীবদ্ধ  উপস্থাপনৰ  সমান্তৰাল ভাৱে  হৰি নামৰ অমিয়া সুৰে সত্ৰ প্ৰাঙ্গন মুখৰিত কৰি ৰাখে।গুৰু বাদ্য হৰি কীৰ্ত্তনৰ অমূল্য সুৰৰ ঝংকাৰে মৈত্যৰ বৈকুণ্ঠ পুৰীলৈ পৰিণত কৰি তোলে নিশাৰ পৰ্যন্ত। বিগত  শতিকা জুৰি সত্ৰখনত পালিত এই ভাগি উৎসৱ বুধবাৰৰ নিশা ৮ বজা  পৰ্যন্ত অব্যাহত থাকে।
বাতৰি যুগুতালে ঢকুৱাখনাৰপৰা অমৃত পৱন বৰাই ।

নগাঁৱৰ দলংঘাট সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ত পোষণ মাহ উদযাপন

নগাঁও জিলাৰ দলংঘাট স‌ংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ‍্যোগত বুধবাৰে দলংঘাট সংহত শিশু প্ৰকল্পৰ অন্তৰ্গত ৪টা চক্ৰৰ অন্তৰ্গত আংগনবাদী কমীসকলে পোষণ মাহৰ ওপৰত গৰ্ভৱতী মহিলা সকলক কেনেধৰণৰ পুষ্টিকৰ আহাৰ খোৱাব পাৰি তাৰ ওপৰত এখন প্ৰদৰ্শনী অনুষ্ঠিত কৰে । বটদ্ৰৱাৰ কুৰুৱাৱাহীস্থিত প্ৰদৰ্শনী খন বন্তি প্ৰজ্বলনেৰে মুকলি কৰে দলংঘাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মনিতা দাস ৰাহাঙে । এই অনুষ্ঠানত উপস্থিত থাকে দলংঘাট সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া ধৰিত্ৰী ৰংপী,খাগৰিজান স্কুল পৰিদৰ্শক নীলাক্ষী ৰাজকুমাৰী,নিজ হাতীচোং পঞ্চায়তৰ সভাপতি অভিজিৎ মেধি, সমাজ সেৱক ইন্দমোহন বৰা, প্ৰকল্প পোষণ বিষয়া ৰীতা মনি বৰা,মুখ্য সেবিকা পদ্মা শইকীয়া,পৰী গুপ্তা বৰা,বনশ্ৰী বৰা, ৰাধিকা ৰামদিয়াৰী আৰু আংগনবাদী কৰ্মীসকল।
বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে..