ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস আজিৰে পৰা সমগ্ৰ ৰাজ্যত শুভাৰম্ভ কৰা হয়। কামৰূপ জিলাৰ উপৰহালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ বজাৰাপাৰা স্বাস্থ্য আৰু পৰিয়াল কেন্দ্ৰত আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ শুভাৰম্ভ কৰা হয়। উক্ত দিৱস শুভাৰম্ভ কৰে কামৰূপ জিলা স্থাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা: গুণগোবিন্দ শৰ্মাই। এই উপলক্ষে উপৰহালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড অনুষ্ঠান পৰিচালক গুণজিৎ গোস্বামীয়ে আঁতধৰা সভাখনৰ সভাপতিত্ব কৰে মনপুৰস্থিত সাতোপাৰা ৰাইজ গয়ৰহৰ সভাপতি নাৰয়ণ চৌধুৰীয়ে। সভাত কামৰূপ জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা: গুণগোবিন্দ শৰ্মাই পেলুৰ দ্বাৰা হ’ব পৰা বিভিন্ন সংক্ৰমিত ৰোগ আৰু নিৰ্মুলকৰণ, চাফ চিকুনতাৰ বিভিন্ন দিশত ভাষণ প্ৰসঙ্গত আলোকপাত কৰে। সভাত কামৰূপ জিলাৰ মিডিয়া এক্সপাৰ্ট নিলাক্ষী মেধীয়ে আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত, শিশুসকলক মাতৃসকলে চাফ চিকুন কৰি ৰাখিব লাগে। সঘনাই বিশুদ্ধ পানীৰে হাত, মুখ ধুই পৰিষ্কাৰ কৰাৰ লগতে ঘৰৰ চৌহদ সদায় চাফ-চিকুন কৰি ৰাখিব লাগে। তেনেস্থলত শিশুৰ লগতে মানুহৰ বহুত বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰিব বুলি ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। উক্ত পেলু নিৰ্মূলকৰণ দিৱস আজিৰপৰা সমগ্ৰ ৰাজ্যত ২৮ ফেব্ৰুৱাৰীলৈ চলিব আৰু পৰ্যায়ক্ৰমে আশাকৰ্মী কৰ্মীসকলে ঘৰে ঘৰে গৈ ১ বছৰৰ শিশুৰ পৰা ১৯ বছৰৰ লৰা, ছোৱালীক পেলু নিৰ্মলকৰণ ঔষধ খুৱাব বুলি জানিবলৈ দিয়ে স্বাস্থ্য বিভাগৰ লোকসকলে। উক্ত অনুষ্ঠানত পাঁচজন ল’ৰা ছোৱালীক জিলা যুটীয়া সঞ্চালকগৰাকীয়ে পেলু নিৰ্মূলকৰণ ঔষধ খোৱাই আঁচনিখনৰ শুভাৰম্ভ কৰে।অনুষ্ঠানত উপৰহালী প্ৰথমিক স্বাস্থকেন্দ্ৰৰ এচ.ডি.এম.এ.ও ডা: শ্যাম প্ৰসাদ ৰাজমেধী, জিলা অনুষ্ঠান পৰিচালিকা স্মৃতি শইকীয়া, মিৰ্জা ৩০ খন বিচনাযুক্ত প্ৰাথমিক চিকিৎসালয়ৰ পৰিচালিকা ডা: মিনাক্ষী বৰদলৈ, স্থানীয় গাঁওবুঢ়া প্ৰবীন বৰুৱা, আশা কৰ্মী, অঞ্চলটোৰ বিশিষ্ট লোকসকলৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়া, কৰ্মচাৰীসকল উপস্থিত থাকে।

শিৱসাগৰত উপস্থিত হ`ল নিৰ্বাচনী ব্যয় পৰ্যবেক্ষক
শিৱসাগৰ নিৰ্বাচনী জিলাৰ অধীনস্থ ১০৩ আমগুৰি, ১০৭ থাওৰা আৰু ১০৮ নং শিৱসাগৰ বিধানসভাৰ বাবে নিয়োজিত নিৰ্বাচন ব্যয় পৰ্যবেক্ষক ২০০৯ বর্ষৰ ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া মেহফুজুৰ ৰহমান আজি শিৱসাগৰ জিলাত উপস্থিত হয়।
নিৰ্বাচন ব্যয় পৰ্যবেক্ষক গৰাকীয়ে জিলাখনত উপস্থিত হৈ জিলা নির্বাচন বিষয়া বিষ্ণু কমল বৰাকে প্ৰমুখ্য কৰি আগন্তুক বিধানসভা নিৰ্বাচনৰ কাম-কাজ সুচাৰুভাৱে সম্পন্ন কৰাৰ বাবে ইতিমধ্যে গঠন কৰা নির্বাচনী কোষ সমূহৰ বিষয়-ববীয়াৰ সৈতে এক বৈঠকত মিলিত হয়। তেওঁ বৈঠকত নিৰ্বাচনী কোষসমূহৰ কাম-কাজৰ বিষয়ে বুজ লোৱাৰ লগতে বিভিন্ন পৰামৰ্শ আগবঢ়ায়।
আগন্তুক বিধান সভা নিৰ্বাচন সন্দৰ্ভত নিৰ্বাচনী ব্যয় বা নিৰ্বাচনী আচৰণ বিধি সম্পৰ্কীয় কিবা ওজৰ-আপত্তি বা কিবা জানিবলৈ থাকিলে ৰাইজে নিৰ্বাচন ব্যয় পৰ্যবেক্ষক গৰাকীক আজিৰ পৰা ৪ মাৰ্চ তাৰিখলৈ স্থানীয় আৱৰ্ত ভৱনৰ ৪ নং কক্ষত দিনৰ ১০:০০ বজাৰ পৰা বিয়লি ৪:০০ বজাৰ ভিতৰত যোগাযোগ কৰিব পাৰিব। ইয়াৰ উপৰিও নিৰ্বাচন ব্যয় পৰ্যবেক্ষক গৰাকীক মোবাইল নম্বৰ ৯৩৯৪১২৫৮৯৮ -ত যোগাযোগ কৰিব পাৰিব। অধিক তথ্যৰ বাবে জিলা পৰ্যটক তথ্য বিষয়া তথা নিৰ্বাচন ব্যয় পৰ্যবেক্ষক গৰাকীৰ প্ৰট’কল বিষয়া মাধৱ দাসৰ লগত মোবাইল নম্বৰ ৮১৩৩০৮৯৯৯৩ -ত যোগাযোগ কৰিব পাৰিব।
ভিউৱাছৰ মতামত